Difference between revisions 336474 and 336497 on sourceswiki{{header | title = নিৰ্ম্মল ভকত | author = ৰজনীকান্ত বৰদলৈ | translator = | section = | previous = | next = | year = | portal = | wikipedia = Rajanikanta Bordoloi | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = অসমত দ্বিতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি লিখা এখন বুৰঞ্জীমূলক উপন্যাস }} ==প্ৰথম অধ্যায়== ১৮১০ শক। দক্ষিণপাট সত্ৰৰ নিৰ্ম্মল আতৈ এজন উদাসীন ভকত। বয়স এশ কি তাতোকৈ দুই চাৰি বছৰ বেছি হ'লেও কম নহয়। যদিও ইমান বৃদ্ধ তথাপি আতৈৰ চলন-ফুৰণ-শক্তি এতিয়াও অটুট। দোক্মোকালিতে উঠি আতৈয়ে ব্ৰহ্মপুত্ৰত গা ধুই আহি হাতত এডাল লাখুটি লৈ সত্ৰৰ নামঘৰ আৰু মণিকূট প্ৰদক্ষিণ কৰিবলৈ ধৰিছে। লাখুটিত ভৰ দি লাহে লাহে খোজ কঢ়াৰ লগে লগে আতৈয়ে প্ৰফুল্ল মনেৰে, শুৱলা মাতেৰে আৰু মিঠা সুৰেৰে গায়-- ::পতিত পাৱন জানি নাৰায়ণ ::তোমাতে লৈলোঁ শৰণ। ::পতিত তাৰিয়ো চৰণে ৰাখিয়ো ::মোকেহে পতিত পাৱন।। ::মিছা মায়া মোহে পৰিয়া যাদৱ ::মই পাপী তললৈ গৈলোঁ। ::মনুষ্য জনম ধৰিয়া যাদৱ ::তোমাৰে নাম নলৈলোঁ।। ::এই জনমৰ সৰ্ব অপৰাধ ::মৰষিবা দয়াময়।। ::চৰণে ধৰিয়া কাকূতি কৰিছোঁ ::কৰা কৃপা কৃপাময়।। সাতবাৰ ৺যাদৱৰায়ৰ স্থান প্ৰদক্ষিণ কৰি আতৈয়ে নামঘৰৰ সমুখত অষ্টাঙ্গে প্ৰণিপাত কৰি বহালৈ আহিল আৰু তাত তুলসীৰ মালা এধাৰি উলিয়াই জপিবলৈ ধৰিলে। তেওঁ ওচৰতে এজন ভাল মানুহ বহি আন দুজন ভকতৰে সৈতে কথা-বতৰা পাতিছে আৰু মাজে মাজে আতৈৰ ফালে চাইছে। সেই ডাঙৰীয়াজনৰ আতৈৰ ফালে এইদৰে সঘনে চোৱাৰ পৰ অনুমান হ'ল যে তেওঁ আতৈৰ কেতিয়া জপ ভাঙে তালৈকে বাট চাই আছে। আধাঘণ্টামান সময়ৰ পাছত আতৈৰ জপ ভাগিল। ডাঙৰীয়া জনে ক'লে--"আতৈ! কালি ক'ব খোজা কাহিনীটি কবলৈ কৃপা হব জানো?" আতৈয়ে সুধিলে--"কি কাহিনী ডাঙৰীয়া?" ডাঙৰীয়া--"কালি যে কওঁ বুলিছিল আপোনাৰ সেই আদ্যোপ্ৰান্ত কাহিনী।" আতৈ--"অ' বাৰু কওঁ শুনক। শুনি বা কৈয়েই বা কি লাভ, তথাপি আপুনি ইচ্ছা কৰিছে যেতিয়া কবই লাগিব। নক'লে জানো ভাল পাব?" ==দ্বিতীয় অধ্যায়== মই ৰংপুৰ জিলাৰ পানীদিহিং মৌজাৰ লাহন গাঁৱত ১৭০৯ শকত জন্মো। ময়ে মোৰ আই-বোপাইৰ প্ৰথম পুত্ৰ। মোৰ দুটি ভাই আছিল। বোপাই এই সত্ৰৰে এজন বৰমেধি আছিল। উপৰিজনা ঈশ্বৰ পুৰুষে বোপাইক বৰ মৰম কৰিছিল। বোপাইৰ হেনো ভালেমান বয়সলৈকে ল'ৰা-ছোৱালী হোৱা নাছিল। সেইদেখি বোপৱায়ে আইৰে সৈতে এবাৰ সত্ৰলৈ আহি ঈশ্বৰ পুৰুষক নিজৰ দুখ নিবদেন কৰিলে। ঈশ্বৰ পুৰুষে হেনো প্ৰসন্ন আইক তিনিটি ঢোপ দিলে। সেই ঢোপৰ বলতে আমি একে আনজে তিনিটি ভাই ওপজো। বহুদিন আই-বোপাইৰ ল'ৰা-ছোৱালী নাই সেইদেখি মই ওপজাত বোপায়ে হৰিষ পাই অনেক আনন্দ-উৎসৱ কৰিলে আৰু মোৰ পাঁচ বছৰ বয়স হওঁতে এবাৰ আমাক সত্ৰলৈ আনি ঈশ্বৰ পুৰুষৰ চৰণত ভেটিলে। ঈশ্বৰ পুৰুষে হেনো মোক নিৰ্ম্মালি দি সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই হেনো ঠানাক-ঠুনুক মাতেৰে কৈছিলঁ--"মই ভকত হ'মতো!" তেতিয়া হেনো ঈশ্বৰ পুৰুষে হাঁহি কৈছিল--"বাৰু! আগেয়ে ঘৰ-গৃহস্থী কৰিবি, পিছত ভকত হবি।" বোপায়ে ঈশ্বৰ পুৰুষৰ এই বাক্যত মহা আনন্দ পাই আমাক লৈ ঘৰলৈ উভতিল। আই-বোপাইৰ আদৰত দিনে দিনে বাঢ়িলোঁ। মোৰ বয়স একুৰিৰ ওচৰ চাপিল। বোপায়ে মই নজনাকৈ এজনী ছোৱালী খুজিলে। ==তৃত্বীয় অধ্যায়== শাস্ত্ৰত কয় পোন্ধৰ বছৰ বয়সৰপৰা পঁচিশ বছৰ বয়সলৈকে মতা মানুহৰ হেনো বৰ বেয়া সময়। এই সময়ত সকলো মানুহেই যৌৱনত ভৰি দি ভলা-বেয়া নুবুজা হয়। অনেক অসৎ পথলৈ আগবাঢ়ে। মোৰো গাত শাস্ত্ৰৰ এই বচন ফাঁকি লাগিছিল। আমাৰ ঘৰৰ ওচৰতে মণিৰাম নামেৰে একে জাতকুলৰ মানুহ আছিল। তেওঁৰ ৰূপহী নামেৰে এজনী ধুনীয়া জীয়েক আছিল। সৰুৰেপৰা মই সেই ছোৱালীজনীৰ সৈতে একেলগে ফুৰিছিলোঁ; একেলগে ৰং ধেমালি কৰিছিলোঁ। আমি এদিন ভালেমান ল'ৰা-ছোৱালীয়ে ধূলিৰে ভাত ৰন্ধা-বঢ়া কৰোঁতে মই তাইক কৈছিলোঁ--"ৰূপহী, মই তোক বিয়া কৰাওঁ দে।" তাই ক'লে--"বাৰু, তই আজি দৰা হ, মই কইনা হওঁ।" তাইৰ এই কথাত আন এটাইবিলাক ল'ৰা-ছোৱালী সন্মত হ'ল, কিন্তু অনিৰাম নামেৰে ল'ৰা এটাই কৈছিল--"ইঃ, মই সেইটো হবই নিদিওঁ। আজি মই হে দৰা হ'ম, ৰূপহী কইনা হওক।" তাৰ এই কথাত তাৰে মোৰে অলপ বাদ বিসম্বাদ হবলৈ ধৰোঁতেই ৰূপহীয়ে নিজে কৈছিল--"হেৰ অনি! তই কেলেই কাজিয়া কৰ? আজিৰ ধেমালিত বাৰু নিৰ্ম্মলেই দৰা হওকচোন। কাইলৈ যেতিয়া আমি আকৌ উমলিম তেতিয়া বাৰু তই দৰা হবি।" তাইৰ এই কথাত এটাইবিলাক ল'ৰা-ছোৱালীয়ে "হয় ভৰ" দিয়াত তাই কইনা হৈ ওৰণি লৈ বহিল। মই মোৰ গাৰ কাপোৰখন মূৰত পাগুৰি মাৰি দৰা হৈ বহিলোঁ। এটা ল'ৰা মিছামিছিকৈ পুৰোহিত হ'ল, এটা সৰু ল'ৰা আখৈতোলা হ'ল। আমি এইদৰে মিছামিছি দৰা-কইনা হৈ ওমলা বিয়া পাতিছিলোঁ। ডাঙৰীয়া! সেই সময়ত মোৰ বয়স আছিল দহ, তাইৰ পাঁচ। কালক্ৰমে মোৰ ওঠৰ বছৰ বয়স হ'ল, তাই তেৰত ভৰি দিলে। তাই আজি-কালি মানুহ-দুনুহৰ আগত নোলোৱা হ'ল। কিন্তু সেই বুলি যে তাই মোৰ আগতো নোলোৱা হ'ল সেইটো নহয়। তাই মোৰ আগত ওলাছিল আৰু "নিৰ্ম্মল" বুলি নাম কাঢ়িও মাতিছিলঃ কিন্তু মোক মাতিলেও আৰু মোৰ আগত ওলাই সোমাই ফুৰিলেও তাই দেখোন সেই মোৰ আগত সেই সময়ত লাজকুৰীয়া ভাৱ দেখুৱাইছিল। মোৰ দেখোন এই সময়ত তাইলৈ আন এক মৰম হৈছিল। পোন প্ৰথমেই মই সেইটোনো কি মৰম বুজিব নোৱাৰিছিলোঁ; কিন্তু শেষত ভাবি-চিন্তি বুজিলোঁ যে মোৰ আগৰ ল'ৰাকালিৰ লগৰীয়াৰ মৰম সেই সময়ৰ যৌৱনৰ প্ৰণয়ত পৰিণত হৈছিল। আগগুৰি একো নাভাবিয়েই ৰূপহীৰ প্ৰণয় সাগৰত মোৰ এই নৌকাখনি এৰি দিছিলোঁ। দিনে-ৰাতিয়ে ৰূপহীয়েই মোৰ ধ্যান, ৰূপহীয়েই মোৰ চিন্তা, ৰূপহীয়েই মোৰ সকলো হৈছিল। মোৰ আই-বোপায়ে আৰু তাইৰো মাক-বাপেকে মাজে-সময়ে হকা-বাধা কৰিলেও মই মনে মনে চ'ত আৰু বহাগৰ বিহুত তাইৰ লগত নচা-বগা কৰিছিলোঁ। পালে দুই এটা লঙো দিছিলোঁ। তাই মোৰ বস্তুবিলাক অনাদৰ নকৰি বৰং অতি হেঁপাহেৰে আৰু মৰমেৰে গ্ৰহণ কৰিছিল। ==চতুৰ্থ অধ্যায়== বুঢ়া লোকে কয়, প্ৰকৃত প্ৰণয়ৰ বাটত হেনো ভালেমান কাঁইট। ফুলি থকা গোলাপ ফুলটি ছিঙিবলৈ গ'লে হেনো কাঁইটে বিন্ধে। মোৰ নিচিনা অৱস্থাত আন মানুহৰ কি হয় কব নোৱাৰোঁ; কিন্তু মোৰ গাত হলে এইফাঁকি বচন সম্পূৰ্ণ খাটিল। ৰূপহী মোৰ একে জাত-কুলৰ হলেও বোপায়ে তাইক মোলৈ যোৰ হেন নাভাবিলে। ৰূপহীহঁত আমাৰ এচৰ-চুবুৰীয়া। ওচৰ-চুবুৰীয়া বস্তু দেখিবলৈ ভাল হলেও, অনেক সজ গুণেৰে বিভূষিত হলেও ভাল নেলাগে, চকুত নপৰে। দূৰৰ বস্তুটো বেয়া হলেও ভাল। এইবিলাকৰ উপৰিও ৰূপহীৰ মাক-বাপেক দুখীয়া, বোপাইৰ দৰে বৰমেধিৰ ঘৰৰ নহয়। এইবিলাক কাৰণেই মই ৰূপহীক চেনেহ কৰা কথা অলপ-অচৰপ গম পালেও বোপায়ে নিজৰ বংশ-গৌৰৱ ৰক্ষা কৰিবলৈ আন এখন গাঁৱৰ এজন মেধিৰ ঘৰৰ ছোৱালী এজনীলৈ জোৰণ পেলালে। মই এই কথাৰ গম পাই বৰ বেজাৰ পালোঁ। কিন্তু বেজাৰ পালেনো কি হ'ব? দেউতাক মুখ ফুটাই কোনো কথাকে সাহ কৰি ক'ব নোৱাৰিছিলোঁ। তিনি দিন ভাবি-চিন্তি থিৰ কৰিলোঁ যে ৰূপহীক মই মনে মনে এইবিলাক কথা কৈ তাইৰ নো মোলৈ প্ৰকৃত মৰম আছেনে বুজোঁ। যদি তাইৰ মোলৈ মৰম নাই তেন্তে বোপায়ে যি কৰে কৰক আৰু তাইহে যদি মোক ভাল পায় তেন্তে বোপাইৰ কথা নুশুনো। মনত যি আছে কৰিম। ==পঞ্চম অধ্যায়== চ'ত মাহ। পূৰ্ণিমাৰ নিশা। মোৰ বয়স একুৰি, ৰূপহীৰ পোন্ধৰ। আজি আমি গধূলিতে খাই-বৈ ওলাইছোঁ। আজি আমাৰ নামঘৰত কংসবধ ভাওনা। সেই ভাওনা চাবলৈ আমি ডেকা-গাভৰু আটাইবিলাক উত্ৰাৱল। আমাৰ ঘৰৰ আৰু ৰূপহীৰ ঘৰৰো আটাইবিলাক ওলাইছে। দেউতা বৰমেধি। তেওঁৰ গাতে ভাওনাৰ গোটেইটো ভাৰ। মোক সেই ভাওনাত ৰাইজে এটা ভাও লবলৈ ধৰিছিল; কিন্তু "মই আগে-পাছে ভাওনাত উঠা নাই, গা ভাল নহয়" ইত্যাদি নানা আপত্তি দেখুৱাই ৰক্ষা পৰিছিলোঁ। মোৰ মনত যিখন ভাওনা ভাওনা খেলিছিল ডাঙৰীয়া! সেইখনৰ উৎপাততে তত নাছিল, আকৌ আন এটা ভাওনো কেনেকৈ লওঁ? বোপাই সবাতোকৈ আগেয়ে নামঘৰলৈ গ'ল। কিয়নো তেখেতে সকলো বস্তুৰে যোগাৰ কৰিব লাগে। সকলো কথাৰে দিহা-মেলা লগাব লাগে। বোপাইৰ লগতে মোৰ সৰু ভাই দুটাও গ'ল। ঘৰত ময়ে আৰু আয়ে। ৰূপহীৰ ঘৰৰো অকল ৰূপহীত বাজে ৰূপহীৰ মাক-বাপেক সকলোটি গৈছিল; অকল ৰূপহীয়েই "মোৰ গা অসুখ, অলপ পিছত যাম" বুলি কৈ তাইৰ সৰু ভায়েকটোক ৰাখি পিছ পৰি ৰৈছিল। পিছ পৰি ৰোৱাৰ উদ্দেশ্য মই দিনতে ছেগ বুজি কৈ থোৱা মতে তাই মোক অকলৈ লগ ধৰাটোৱেই। বোপাই ঘৰত নাই। ৰূপহীৰ মাক-বাপেকো গৈছে। সুন্দৰ জোনাক ৰাতি। মোৰ সুযোগ মিলিল। মই সিহঁতৰ ঘৰলৈ গৈ ৰূপহীক মাত লগালোঁ। তাই ওলাই আহি মোক পিৰালিত বহিবলৈ দি সুধিলে--"নিৰ্ম্মল! কি কথানো কব খুজিছিলি কচোন!" মই--"ৰূপহী! তই শুনা নাইনে বোপায়ে মোলৈ ছোৱালী খুজিছে।" ৰূপহী--"শুনিছোঁ। ভাল হৈছে, তোৰ বিয়া হ'ব; আমি কাৰবাৰ কৰিম। নাম গাম। জলপান খাম। ন-ছোৱালী দেখিম।" মই--"ৰূপহী! মোৰ আনেৰে সৈতে বিয়া হলে ভাল পাৱনে?" ৰূপহী--"পামতো, কেলেইনো নাপাম?" মই--"ৰূপহী! তই সঁচাকৈয়ে কৈছনে?" ৰূপহী--"সঁচাকৈয়ে নকৈনো আৰু মিছাকৈ কৈছোঁনে? তোৰ ঘৰ-গৃহস্থালি হ'ব, তই সুখী হবি। তোক সুখী হোৱা দেখিলে মই বৰ সুখ পাম।" মই--"ৰূপহী! তেন্তে তই মোক ভাল নেপাৱ হবলা?" ৰূপহী--"তোক ভাল পাওঁ বুলিয়েতো তোৰ সুখত সুখী হ'ম। সৰুৰে পৰা তোৰে সৈতে উমলিছোঁ, একেলগে ডাঙৰ হৈছোঁ; সেই দেখিয়েই তোক মই ভাল পাওঁ।" মই--"কচোন ৰূপহী! তইনো মোক কি ভাবে ভাল পাৱ?" ৰূপহী--"মানুহে মানুহক যেনেকৈ ভাল পায়, লগৰ লগৰীয়াই ইটিয়ে সিটিক, সিটিয়ে ইটিক যেনেকৈ ভল পায়।" তাইৰ এই কথাত মোৰ মনত ভাব হ'ল ৰূপহীয়ে মোক, মই তাইক যিদৰে সেই সময়ত ভাল পাইছিলোঁ, তাই মোক সেইদৰে সেইভাৱে ভাল নেপাইছিল। যি কি নহওক তাইৰ মনৰ ভাব খাটাংকৈ জানি লবৰ মনেৰে মই মোৰ হৃদয়ৰ তলিখন উদঙাই তাইক ক'লো--"ৰূপহী! মই জানো তই মোক আজি অত দিনৰ লগৰীয়া বুলি ভাল পাৱ, কিন্তু ৰূপহী! তাত বাজে তোৰ আৰু মোলৈ আন একো ভাব নাইনে? মই মোৰ নিজৰ বিষয়ে হলে অনেক ভাবি-চিন্তি চাই ইয়াকে পাইছোঁ যে মোৰ মৰম যে তোলৈ কেনেকুৱা মই বৰ্ণাব নোৱাৰোঁ। মোৰ মনত এনেকুআ ইচ্ছা হয়, মি্ যেন দিনে নিশাই তোৰ লগতহে থাকিম, তোৰ লগতহে ফুৰিম, তোৰ লগতহে খাম। অকল তোকেহে যেন মৰম কৰিম। মুঠতে, কবলৈ গ'লে মোৰ ইচ্ছা মই যেন তোকেহে বিয়া কৰাম। কচোন ৰূপহী! তই মোক ভাল পাৱনে? মই বিয়া কৰালে মোত বিয়া সোমাবিনে?" মই এইদৰে কওঁতে তাইৰ দেখোন চকুত পানী ওলাব ধৰিলে। মই তাইৰ হাতখনত ধৰিলোঁ তাই মোৰ হাতৰ পৰা হাতখন টানি ওলোটাই নিনি, উচাট মাৰি একেচাবে উঠি নগৈ লাজুকী লতাৰ দৰে জঁয় পৰি মোৰ বুকুত মূৰটো সুমুৱাই দি ঢলি পৰিল। মই সাবট মাৰি ধৰিলোঁ। তাই খন্তেক পৰ সৰ্থি চকুৰ পানী মচি, অলপ প্ৰকৃতিষ্ঠ হৈ ক'লে, "নিৰ্ম্মল! আজি অতদিনে মই আন কেৱে নজনাকৈ যিভাব হৃদয়ত লৈ আছিলোঁ, আজি তই সেই ভাব উলিয়াই ললি। ক'লে জানো পতিয়াবি? মই দিনে নিশাই দিঠক আৰু সপোনতো তোকেহে দেখোঁ। তোৰ ৰূপটোহে চিন্তা কৰোঁ। তোক দেখিলে মোৰ চকু জুৰায়, তোৰ মাত শুনিলে মোৰ কাণৰ তৃপ্তি হয়। তোৰ লগত কথা-বতৰা হবলৈ পালে মই স্বৰগৰ সুখ পাওঁ। কিন্তু ক'লে কি হব? তই আৰু মই ইচ্ছা কৰিলেও বা কি হব? আমি দুখীয়া মানুহ। তহঁত ধনী। তোৰ দেউতাৰে মোক তোলৈ কেতিয়াও বিয়া নকৰায়। আন ঠাইত জোৰণ পেলালেই। মই সেই জোৰণৰ কথা প্ৰথমতে শুনি মানুহৰ আঁৰে আঁৰে কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। কান্দি-কাটি মনক এইদৰে প্ৰবোধ দিছিলোঁ যে মোৰ হৃদয়ৰ ধন, চকুৰ মণি নিৰ্ম্মলে যদি আন এজনী ছোৱালী বিয়া কৰাই সুখী হয়, তেন্তে মই তেওঁক সুখী হোৱা দেখিয়েই সুখী হ'ম। মই তেওঁৰ সুখত বাধা নিদিওঁ। সেই দেখিহে নিৰ্ম্মল, তোক মই আগেয়ে সেইদৰে উত্তৰ দি আছিলোঁ। কিন্তু তয়ো যে মোক ইমান ভাল পাৱ এইটো মই জনা নাছিলোঁ। যি কি নহওক তোৰ আগত মই মোৰ হৃদয়ৰ গুপুত ধন উলিয়াই দিলোঁ। যদিও উলিয়ালোঁ তাত মোৰ হানি নাই। তই সুখী হ। দেউতাৰে যি কৰিবলৈ কয় তাকে পালন কৰি পুত্ৰৰ কৰ্ত্তব্য কৰ। মোলৈ তই পাহৰি পেলা। পিতৃ-মাতৃ আমাৰ পৰম গুৰু। সেইসকলৰ বাক্যে-বচনে আমাৰ চলা উচিত নহয় জানো?" মই--"ৰূপহী! ৰূপহী! মই এই জনমত আন কাকো বিয়া নকৰাওঁ। তোকেহে বিয়া কৰাম। মোৰ দেউতাই মোৰ কথা নুশুনে। আন ঠাইত যেতিয়াই জোৰণ দিলে তেতিয়াই মোৰ আৰু একো উপায় নোহোৱা হ'ল। মই এটা উপায় স্থিৰ কৰিছোঁ, সেইটো এই--তোম মই আজি ভাওনাৰ পৰা পলুৱাই নিব খোজোঁ। আমি দুয়ো পলাই সন্দিকৈ গাঁৱলৈ যাওঁ ব'ল। তাত মোৰ মাহী এগৰাকী আছে। তেওঁ মোৰ আইৰ নিজা ভনীয়েক। তেওঁৰ আশ্ৰম লমগৈ। আমি পলাই গৈ তাত বিয়াখন পাতিব পাৰিলেই শেষত মাহীৰ বুজনিত দেউতাই মোলৈ খং এৰিব। সিঘৰকো দেউতাই বুজনি দিব পাৰিব যে তেওঁ নিৰুপায়, মই পঘা-খোৱা দগধাই তেওঁৰ সকলো কথা মাটি কৰিলোঁ। শেহত আমাৰ দুয়োঘৰ মিলা-প্ৰীতিৰে সুখেৰে থাকিম। ক, ৰূপহী! আজি তই মোৰ লগত পলাই যাবিনে?" ৰূপহী--"প্ৰিয় নিৰ্ম্মল! আই-বোপাইক এৰি পলাই যোৱাটো বেয়া কথা। কিন্তু তই যিদৰে কৈছ, সেইদৰে হ'লে মোৰ ওজৰ-আপত্তি একো নাই।" এই কথা-বতৰাৰ পিছত আমিও ভাওনা চাবলৈ গলোঁ আৰু ভাওনা ভাঙো ভাঙো হোৱাৰ অলপ আগখিনিত পুৱতি নিশা হওঁতেই দুয়ো জাঁজীমুখৰ সন্দিকৈ গাঁৱলৈ পলাই গৈ মাহীৰ ঘৰ পালোঁ। ==ষষ্ঠ অধ্যায়== মাহীৰ ইহ সংসাৰত কেৱে নাছিল। তেওঁ পতি-পুত্ৰবিহীনা। এসময়ত তেওঁৰ বৈ যোৱা গৃ্হস্থী আছিল, কিন্তু নিয়তিৰ চকৰিত পৰি তেওঁ আজি পতি-পুত্ৰ বিহীনা। মানৰ প্ৰথম আক্ৰমণত তেওঁৰ গিৰিয়েক বুঢ়াগোঁহাইৰ ফৈদে সৈতে লগ লাগি মানৰ লগত ৰণ দি সেই ৰণতে মৰিছিইল। মান উলটি যোৱাৰ দুবছৰৰ পাছত পতি-পুত্ৰ, তেওঁৰ একেটি তিনিবছৰীয়া ল'ৰাও জহনী ৰোগত ঢুকাই তেওঁ পতি-পুত্ৰ বিহীনা হৈছিল। বীৰ, বাহুৱলী গিৰীয়েকলৈ অটুট পৱিত্ৰ প্ৰেমত মুগ্ধ থাকি তেওঁ আৰু দুনাই সংসাৰ কৰা নাছিল। তেওঁৰ মাটি-বৃত্তি, ধন-বিত এফেৰা আছিল। সেই মাটি-বৃত্তি চলাই আৰু কটনা কাটি মাহীয়ে ক'তো হাত নপতাকৈ খাইছিল। কেবাজনো ভাল মানুহ মাহীত চাপিব খোজাতো মাহীয়ে সেই সকলোকে নিৰাশ কৰি অটল সুদৃঢ় ব্ৰহ্মচাৰিণী ব্ৰত লৈ আছিল। তেওঁৰ গাঁৱৰ যাৰে ঘৰত ল'ৰা-তিৰোতাৰ অসুখ-বিসুখ, জ্বৰ-নৰিয়া হৈছিল তাৰে ঘৰলৈ গৈ ৰোগীক পথ্য সিজাই দি, নিশা পৰ দি, হাত-ভৰি পিটিকি শান্তিময় আৰু ধৰ্ম্মময় কথা কৈ শুশ্ৰুষা কৰি ফুৰিছিল। আতুৰক এমুঠি ভাত দি, দুপৰীয়া পিয়াহ লগা মানুহক পানী দি, দুখীয়া মানুহক মাজে-সময়ে দুমুঠি ধান-চাউল দি সহায়ো কৰিছিল। তেওঁ বগা ফুলজালি নোহোৱা, নিজে বৈ লোৱা কাপোৰ এখন গোটেই গা ঢাকি পিন্ধিছিল। ৰাতিপুৱা ফুল-ফল তুলি তেওঁ দুয়ো বেলা স্বামীৰ উদ্দেশ্যে ঈশ্বৰ কৃষ্ণৰ পূজা কৰিছিল। পূজাৰ অন্তত তেওঁ তদ্গতচিত্ত হৈ চকুৰ পানীৰে গাল তিয়াই অষ্টাঙ্গে দণ্ডৱৎ কৰিছিল। তাৰ পিছত মহাপুৰুষ গুৰুৱে ৰচা নাম গাই গাই নিজৰে চিত্তক নিজে আনন্দময় কৰি তুলিছিল। পূজা আৰু নাম গোৱাৰ অন্তত তেওঁ বেলি এক কি দুইমান বজাত নিজে এমুঠি ৰান্ধি-বাঢ়ি খাইছিল। দুপৰীয়া ভাগৰ পলাবলৈ অলপ পৰ জিৰণি লৈ আৰু সেই সময়তে নামঘোষাখন অলপ পঢ়ি অঁতাই পিছত ভাটীবেলা ডোখৰত তাঁত-সূত বৈছিল। এইদৰে তেওঁ তেওঁৰ জীৱনত প্ৰেমময়, পৱিত্ৰ আৰু শান্তিময় কৰি ৰাখিছিল। তেওঁ মুখত এনেকুৱা এটা সৌন্দৰ্য্য আৰু এধাৰা তেজ হৈছিল যে তাক দেখিলে মানুহে সহজে বুজিব পাৰিছিল যে, এইজনা সাধাৰণ মানৱী নহয়--এইজনা মাতৃ-সদৃশী দেৱী। সাক্ষাৎ মা ভগৱতী। তেওঁৰ পৱিত্ৰ শান্তিময় সৌন্দৰ্য্যই আৰু চকুৰ তেজে তেওঁক এনেকুৱা তেজাল কৰিছিল যে অন্য মানুহে তেওঁৰ ফালে চাই তেওঁক কোনো কুকথা কওক ছাৰি কুকথা ভাবিবলৈকে সাহ নকৰিছিল। তেওঁৰ ব্ৰহ্মচৰ্য্যৰ তেজ এনেকুৱা আছিল যে তেওঁক মানুহে দূৰৈতে থাওক দেৱতায়ো ভয় আৰু ভক্তি কৰিছিল। ডাঙৰীয়া! এতিয়াও মোৰ সেই মাহীলৈ মনত পৰে। এতিয়াও মই মাজে মাজে সেই পৱিত্ৰ মূত্ৰিও সমাজিকত দেখোঁ; এতিয়াও সমাজিকত মাহীয়ে মোক মাজে মাজে দেখা দি কয়--"বাছা নিৰ্ম্মল! তই দুখ পাইছ?" মই কওঁ--"নাই পোৱা মাহী! মই বৈকুণ্ঠত থকা যেন পাইছোঁ।" মাহীয়ে কয়, "বাছা! তই ঠিক বৈকুণ্ঠতে বৈষ্ণৱসকলৰ লগত আছ। কিন্তু বাছা! যেতিয়া এই নশ্বৰ নৰদেহ এৰিবি তেতিয়া বাছা! তই এই বৈকুণ্ঠতকৈও আৰু ভাল বৈকুণ্ঠ পাবি। তোলৈ অতি সুন্দৰ অতি বিতোপন ঘৰ-দুৱাৰ তৈয়াৰ হৈ আছে।" ডাঙৰীয়া! ক্ষমা কৰিব। ভালেমান বাজে কথা কলোঁ হবলা। যি কি নহওক, আমি দুয়ো গৈ মাহীৰ ঘৰ পোৱা মাত্ৰেই মাহীয়ে আমাক আস্তব্যস্ত কৰি বহুৱাই সুধিলে--"বাছা! ক'লৈ নো আজি ইমান দিনৰ মূৰত আহিলি? এই ছোৱালীজনীনো ক'ৰ? তোৰ ঘৈণীয়েৰ নে কি? যদি ঘৈণীয়েৰ হয় কেতিয়ানো বিয়া পাতিলি? ক'তা মোক দেখোন বিয়ালৈ নামাতিলি। বাইদেউ আৰু ভিনীহিদেৱ ভালে আছেনে?" মাহীৰ এইবিলাক কথাৰ মই যথাযথ উত্তৰ দিলো। তাৰ লগে লগে ৰূপহীনো কোন, তাইকনো মই কেনেকৈ নিছিলো সকলো অকপট চিত্তেৰে কৈ মাহীক আমাক তেওঁৰ ঘৰত আশ্ৰয় দি ৰাখিবলৈ চৰণত ধৰিলোঁ। মাহীয়ে পোন প্ৰথমেই আমি সেইদৰে পলাই যোৱা শুনি আমাক বেয়া বুলিলে। শেহত আমাৰ কাবৌ-কোকালি এৰাব নোৱাৰি ক'লে--"বাৰু বাছাহঁত! তহঁত মোৰ ঘৰতে থাক। ভিনীহিৰ তহঁতলৈ এতিয়া খং উঠি আছে চাগৈ। কেইদিনমান যাওক, খং মাৰ গ'লে মই তহঁতক লৈ গৈ থৈ আহিম। আৰু বাই-ভিনীহিক বুজাই তহঁতৰ বিয়া পাতি দিম। তহঁতৰ যেতিয়া পৰস্পৰলৈ ইমান চেনেহ, ইমান প্ৰকৃত মৰম, তহঁতক মি্ আশীৰ্ব্বাদ কৰিছোঁ। যদি তহঁতৰ মৰম প্ৰকৃত স্বৰ্গীয় মৰমহে হয় তেন্তে এই মৰমেই তহঁতক সিপুৰীৰ স্বৰ্গলৈকো নিব।" এই কথা কৈ মাহীয়ে আমাক তেওঁৰ বেলেগ এডোখৰ ঘৃ দি ৰাখিলে। মই মাহীৰ এক প্ৰকাৰ বনুৱা হলো। মোৰ ৰূপহী মাহীৰ অতি মৰমৰ, অতি যতনৰ পূজা-সেৱাৰ সহায়কাৰিণী, তা-সূত বোৱাৰ লগৰী হ'ল। আমি সুখেৰে কাল কটাব ধৰিলোঁ। ==সপ্তম অধ্যায়== আমি পলাবৰ পিছদিনা হেনো আমাৰ গাঁৱত বৰ হুলস্থূল লাগিছিল। নিশা নাঘৰৰ ভাওনাতকৈ আমি পলাই অহা বিষয়ে যিখন ভাওনা হৈছিল সি আৰু ধেমেলীয়া। দেউতাই হেনো পোন প্ৰথমেই খঙত একো নাইকিয়া হৈ মোক শাপিছিল--"সি যেতিয়াই মোৰ কথা নুশুনিলে তেতিয়াই তাৰ সুখ নহব। সি তাইৰ সৈতে খাব-ববলৈ নাপাব।" এনেয়ে আমি পলোৱা বেজাৰত তাতে বোপাইৰ অভিশাপ বাক্য শুনি আইৰ হেনো কান্দোনত ঠাই নোহোৱা হৈছিল। বোপায়ে হেনো মোৰ "মুখ নেচাওঁ" বুলি প্ৰতিজ্ঞা কৰিছিল। তাৰপিছত ৰূপহীৰ মাক-বাপেক, ৰূপহীক নিন্দা কৰিবলৈ আৰু সিহঁতৰ এশ ওঠৰটামান নাম থবলৈকো নেৰিছিল। ৰূপহীৰ মাক-বাপেকেও হেনো সেইদৰে মোৰ সাতকুৰি সাতোটামান নাম থৈছিল। কথাত কথা বাঢ়ি হেনো আমাৰ দেউতাৰ আৰু ৰূপহীৰ এখন কিলা-কিলিও হোৱাৰ উপক্ৰম হৈছিল। দেউতাই হেনো ৰূপহীৰ বাপেকক "টোকোনা" "খুজিখোৱা" ইত্যাদি নাম দি কৈছিল--তোৰ সেই বেশ্যা প্ৰকৃতিৰ ছোৱালীয়েই মোৰ গৃহস্থী নাশ কৰিলে। মই মোৰ ল'ৰালৈ অমুক মেধিৰ ছোৱালীজনী খুজিলোঁ। ঘৰেই বা কেনেকুৱা, ছোৱালীয়েই বা কেনে চিকুণ, এইবিলাক সকলো বিবেচনাকে এৰি মোৰ আশা-ভৰসা সোপাকে নাশ কৰি মোৰ ল'ৰাই তোৰ সেই বেশ্যা ছোৱালীজনীৰ ফুচুলনিত এইখন কৰিলে। ওলওঁতে গা দেখুৱাই, সোমাওঁতে গা দেখুৱাই আমি নজনাকৈ থুৰীয়া তামোল দি তাক বলিয়া কৰিলে। ৰূপহীৰ মাক-বাপেকেও হেনো ওলোটাই কৈছিল--"আমাৰ অকালন ছোৱালীজনীয়ে একো নেজানিছিল, তোৰ সেই পঘা-খোৱা, দগধা দুৱাৰ ডাং কটা ল'ৰাটোৰ ফুচুলনিতহে তাই এইদৰে আমাকো তেজি পলাল! আমাৰ ছোৱালী কাৰো ঘৰে-দুৱাৰে যোৱা নাছিল। তোৰ পুতেৰেহে তাইক বিহক বিহুত লঙ দি, খোপাত ফুল খুচি দি বাটে-পথেও মিঠা কৈ ফুচুলাই এতিয়া চুৰ কৰি পলুৱাই নিলে। ধৰিব লাগে কোনে, ধৰে কোনে--"বোলে উলটি চোৰে গিৰীক বান্ধে আৰু চাৰি পোণ গিৰীতে সাধে।" গাঁৱৰ মাইকী মানুহবিলাকে সমস্ত দোষ মোৰ ওপৰত থৈছিল। কিন্তু মতাবিলাকে হ;এ ৰূপহীকে দুষিছিল। শেহত হেনো সকলো পক্ষৰে পৰা থিৰাং হৈছিল যে মই নিৰ্দ্দোষী। কেৱল ৰূপহী হে সৰ্ব্বদোষৰ ভাগী। ==অষ্টম অধ্যায়== আমাৰ গাঁৱত এইবিলাক হুলস্থূল হলেও আমি পলাই অহা সন্দিকৈ গাঁৱত বিশেষ একো গোলমাল হোৱা নাছিল। ৰূপহীয়ে মাহিৰ সকলোবিলাক বন-বাৰি কৰে, মই খৰি, পাত, মাছ চপাই-কোচাই আনো, মাহীয়ে আনন্দ উলাহেৰে আমাক খাবলৈ-ববলৈ ৰোজ দিয়ে আৰু মাজে মাজে তেওঁ তৈয়াৰ কৰা প্ৰসাদো দিয়ে। এইদৰে মাহীৰ ঘৰত আমাৰ এদিন দুদিনকৈ সুখেৰে দিন কাল যাবলৈ ধৰিলে। প্ৰাণাধিকা ৰূপহীৰে সৈতে প্ৰথম যৌৱনৰ মিলন, মাহীৰ মৰমিয়াল ব্যৱহাৰে আমাক স্বৰ্গসুখী কৰিছিল। মাজে সময়ে আই-বোপাইসকললৈ মনত পৰি অলপ অচৰপ বিষাদ লাগিলেও উভয়ে উভয়ৰ প্ৰীতিপূৰ্ণ, প্ৰেমপূৰ্ণ আলচ-যুকুতিত সেই বিষাদৰ ছায়াক তিষ্ঠিবলৈ ঠাই নিদিছিলোঁ। এইদৰে এমাহ দুমাহকৈ তিনিমাহ গ'ল। মাহীয়ে কবলৈ ধৰিলে--"বাছাহঁত ব'ল, তহঁতক নিজৰ ঘৰত থৈ আহোঁগৈ।" আমি কলোঁ--"মাহী! তুমি আগেয়ে এবাৰ আমাৰ তালৈ যোৱা। যদি বোপাই আইহঁতে আমাক ঘৰলৈ উলটিব দিয়ে আৰু আমাক বিয়া দিবলৈ তেন্তে আমি উলটি যাব পাৰোঁ, নহলে মাহী! আমি চিৰকাললৈ তোমাৰ ঘৰতে থাকিম। তোমাৰ ল'ৰা-ছোৱালী নাই, আমিয়েই তোমাৰ ল'ৰা-ছোৱালী।" মাহীয়ে ক'লে--"বাছাহঁত! তহঁতৰ মাৰ-বাপেৰ আছে। তেওঁবিলাকে এৰি নিদিলে মই কেনেকৈ তহঁতক সদায় ৰাখিম? মইতো ৰাখিব পালে ভালেই পাওঁ; কিন্তু মোৰ সুখ আৰু সুবিধাৰ নিমিত্তে তহঁতক চিৰকাললৈ পিতৃ-মাতৃৰ মনৰ পৰা আঁতৰ কৰাটৌ ভাল নহব।" এইবুলি কৈ মাহী এদিন গাঁৱৰ আন দুনীমান মানুহ লৈ আমাক তেওঁৰ ঘৰতে এৰি লাহন গাঁৱলৈ আহিল; আৰু ৰূপহীৰ মাক-বাপেক মোৰ আই-বোপাই এটাইবিলাককে মাহীয়ে বুজাই বঢ়াই স্থিৰ কৰিলে যে আমাক ওলোটাই নিব লাগে আৰু আমাৰ মনৰ মতনে দুইৰো বিয়া পাতিব লাগে। মাহীৰ এই কথাত হেনো বোপায়ে অনিচ্ছাৰে হলেও আমাক ওলোটাই নিয়াকে স্থিৰ কৰিলে। ধন্য মাহী! ধন্য মাহী! ধন্য শান্তিস্থাপিনী মাতৃ! ডাঙৰীয়া! এতিয়াও মোৰ সেই পৱিত্ৰা, প্ৰেমময়ী, শান্তিময়ী, স্বৰ্গীয়া দেৱী মাহীলৈ মনত পৰে। পাঁচ ছয় দিনৰ মূৰত ৰূপহীৰ বাপেকক আৰু মোৰ সৰু ভাইটিক লগত লৈ মাহী উলটি আহিল আৰু আমাক লগত লৈ মাহী আকৌ আমাৰ লাহন গাঁৱৰ ঘৰলৈ আহিল। কব নেলাগে আমি উলটি অহাৰ এমাহমানৰ পিছতে আমাৰ দেশ-দস্তুৰ মতে বিয়া হ'ল। আমি সুখী হলোঁ। কবলৈ পাহৰিলোঁ, ডাঙৰীয়া! এই বিয়াত দেউতা সিমান সুখী হোৱা নাছিল। কিন্তু আই আৰু মাহীৰ উলহ-মালহ সকলোতকৈ বেছি হৈছিল। মাহী দৰাৰো মাক, কইনাৰো মাক হৈ বৰ প্ৰীতি লাভ কৰিছিল। পাৰ্য্যমানে পৰক সুখী কৰাই মাহীৰ জীৱনৰ ব্ৰত আছিল। গাঁৱলীয়া গাভৰুহঁতে এই বিয়াত ৰূপহীক যোৰাই গাইছিল-- :জোনাকী ঐ ৰাম--মাৰৰ ঘৰতে ::ঐ--আছিলি ৰূপহী ::ঐ--আছিলি আদৰি তই। ::ঐ--আই-ভাই সৱাকো ::ঐ--তেজিলি ৰূপহী ::ঐ--অকল নিৰ্ম্মলকে পাই।। ::ঐ--বাপেৰক তেজিলি ::ঐ--তেজিলি সোদৰৰ ভাই। ::ঐ--লগৰ লগৰীয়া ::ঐ--ইসবো তেজিলি ::ঐ--অকল নিৰ্ম্মলক পাই।। ডাঙৰীয়া! মই এইটিও জানিছিলোঁ যে এই বিয়াত বোপাইত বাজেও অনিৰাম নামেৰে আমাৰ সেই সৰু কালৰ লগৰীয়াজনো সুখী হোৱা নাছিল। তাৰ কাৰণ অনিৰামেও ৰূপহীক অন্তৰে সৈতে ভাল পাইছিল; কিন্তু সি লাজকুৰীয়া ডেকা আছিল, লাজতে সি তাৰ সেই প্ৰেম আৰু মৰম কোনো দিনেই ৰূপহীক জানিব নিদিছিল। এতিয়া ৰূপহীৰ পৰৰ লগত বিয়া হোৱা দেখি সি হেনো মানুহৰ আঁৰে আঁৰে কান্দিছিল। ==নৱম অধ্যায়== এইদৰে সকলো বাধা-বিঘিনিৰ হাত সাৰি ৰূপহীক বিয়া কৰাই মই পৰম সুখী হলোঁ। সংসাৰ মোৰ পক্ষে স্বৰ্গতুল্য বোধ হৈছিল। মই সংসাৰত সকলো বস্তুকেই উজ্জ্বল দেখিবলৈ ধৰিলো। ভবা নাছিলো যে এই সুখৰ দিনৰ ওৰ পৰিল। নেজানিছিলো যে সংসাৰত সুখৰ পিছত দুখ, দুখৰ পিছত সুখ চকৰিত ঘুৰাৰ দৰে ঘূৰি থাকে। নেজানিছিলো যে জগত অনিত্য। কিন্তু ডাঙৰীয়া শুনক, ৰূপহীক বিয়া কৰাই বছেৰেকলৈকে মই স্বৰ্গসুখত আছিলো; কিন্তু ঠিক এবছৰৰ মূৰে পৰা মোৰ ভাগ্য চকৰি ঘূৰিব ধৰিলে। প্ৰথমে বিয়া কৰোৱাৰ এবছৰৰ মূৰতে বোপাই গ্ৰহণী ৰোগত পৰি বৈকুণ্ঠী হ'ল। গোটেই ঘৰৰ ভাল মোৰ মূৰৰ ওপৰত পৰিল। খেতি-বাতিৰ দিহা, হাল, গৰু ৰখা ইত্যদি সকলো কাম মোৰ মূৰত। তাৰ লগে লগে ভাই দুটাক বিয়া-বাৰু কৰাই দিবলগীয়া চিন্তাও হব ধৰিলে। আইহঁতৰ আৰু ৰূপহীৰ সহায়ত, আইৰ দিহাত কোনোৰকমে পিতৃ-কলীয়া গৃহস্থীখন ৰাখিলো। বোপাই ঢুকোৱাত সত্ৰৰ পৰা নিৰ্ম্মালি দি মোকে মেধিও পাতিলে। মানুহৈ কয় বিপদ হেনো অকলে নাহে। যেতিয়া এবাৰ এটা বিপদ হয়, তাৰ লগে লগে আন বিপদো আহে। বোপাই ঢুকোৱাৰ ছমাহ পিছতে আয়ো বৈকুণ্ঠী হ'ল। এতিয়া সমস্ত জঞ্জাল মোৰ মূৰত। সন্দিকৈ গাঁৱৰপৰা মাহীক আনি লগত ৰাখি ঘৰৰ ভিতৰুৱাল দিহা মেলাৰ পৰা অলপ আজৰি পালো হয়; কিন্তু তাৰ আকৌ ছমাহৰ মূৰতে আমাৰ দেশত বৰ হুলস্থুল লাগিল; মানে আহি দ্বিতীয় বাৰ অসম আক্ৰমণ কৰিলে। ডাঙৰীয়াজনে সুধিলে--"আতৈ! প্ৰথম বাৰনো মান কেলেই আহিছিল? দ্বিতীয়, তৃত্বীয়বাৰনো কেলেই আহিছিল? আঁতি-গুৰি মাৰি কওকচোন।" নিৰ্ম্ম আতৈ--"ডাঙৰীয়া! আঁতি-গুৰি মাৰি কবলৈ গ'লে ভালেমান কথা। তথাপি মই যিমান দূৰ জানো সংক্ষেপে কওঁ শুনক। ১৭৩০ শকত মোৰ যেতিয়া বয়স ২১ বছৰ তেতিয়া ৺ চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হ'ল। তেওঁৰ তেতিয়া মুঠেই তেৰ বছৰ। সেইদেখি ৰাজ্য চলোৱাৰ ভাৰ ৰাজমাও দেউতা আৰু বুঢ়াগোঁহাই উভয়ৰে গাত পৰিল। প্ৰৱাদ আছে বুঢ়াগোঁহাই ডাঙৰীয়াৰ আৰু ৰাজমাও দেউতাৰ মিল আছিল। মিল হবৰে কথা; কিয়নো সেই সময়ৰ দৰাচলতে বুঢ়াগোঁহাই ডাঙৰীয়াই সৰ্ব্বে-সৰ্ব্বা আছিল। বৰগোহাঁই, বৰপাত্ৰগোহাঁই দুয়োজনা বুঢ়াগোহাঁয়ে পতা। ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকো বুঢ়াগোহাঁয়ে ৰজা পাতিছিল। বুঢ়াগোহাঁইৰ ল'ৰা সাতোটা। ধনেজনে সেইকালত বুঢ়াগোহাঁইৰ সমকক্ষ কেৱে নাছিল। বিদ্যা, বুদ্ধি ৰাজনীতি ইত্যাদিতো বুঢ়াগোহাঁই বৰ বিচক্ষণ আছিল ইত্যাদি কাৰণে বুঢ়াগোহাঁইৰে সমস্ত পয়োভৰ আছিল। ভূত নামেৰে কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ সৰু কালৰ ওমলা লগৰীয়া আছিল ৰাজ্যৰ ভাৰ পায়ো স্বৰ্গদেৱে সৎৰামক পাহৰিব নোৱাৰিলে। বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও দেউতা উভয়কে খেচ্খেচাই স্বৰ্গদেৱে সৎৰামক আনি আগৰদৰেই খেলাৰ লগৰী কৰিলে। ৰজাৰ লগৰীয়া হ'বলৈ পাই হেনো সৎৰাম দিনক দিনে ওফন্দি গঙাটোপটো হ'ল। ৰজাৰ আগত বুঢ়াগোহাঁইৰ বিপক্ষে লগাবলৈ ধৰিলে; বুঢ়াগোহাঁয়েও হেনো তলে তলে সৎৰামৰ ৰেহ-ৰকম চাবলৈ ধৰিলে। সেইবাৰ দুৰ্গাপূজাৰ সময়ত হেন বুঢ়াগোহাঁয়ে নিজ হাতে এটা কিংখাপৰ চোলা তৈয়াৰ কৰি ৰজাক পিন্ধিবলৈ দিছিল। ৰজাই সেই চোলা পিন্ধি ষষ্ঠীৰ দিনা দেৱী-সেৱা কৰিবলৈ যোৱাৰ কথা আছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই তিনিওজনে ৰজাক দৰ্শন পাবৰ অভিলাষে চণ্ডী-মণ্ডপত ৰৈ আছিল। সময় পৰত হেনো ৰজাই সেই চোলা পিন্ধাই সৎৰামক চণ্ডী-মণ্ডপলৈ পঠাই দিলে। ডাঙৰীয়া তিনিওজনে সৎৰামকে ৰজা বুলি আঠু লৈ দেখিলে যে ৰজা নহয় সৎৰামহে। তিনিওজনা ডাঙৰীয়া গোট হৈ, ৰজাৰ চ'ৰাঘৰলৈ আহি মেল পাতি ৰজাক সৎৰামৰে সৈতে সেই মেললৈ আহিবলৈ আদেশ কৰি পঠালে। ৰজাৰ চ'ৰাত তিনিওজনা ডাঙৰীয়াৰ মেল সেই সময়ত বৰ ডাঙৰ কথা আছিল। সেই মেলতআনকি ৰজাকো ভাঙিব পৰা ক্ষমতা আছিল। ৰজাই শুনি ভয়তে নিজেও নোলাল, সৎৰামকো নপঠালে। ডাঙৰীয়া তিনিজনে হেনো সেই মেলত সৎৰামৰ প্ৰাণদণ্ড বিহি সৎৰামক ধৰি আনিবলৈ আদেশ দিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ তিনিজন পুতেকে গৈ সৎৰামক ৰজাৰ ওচৰৰ পৰা টানি আনিলে। ৰজাই ডাঙৰীয়া তিনিজনক সৎৰামক প্ৰাণে নেমাৰিবলৈ বৰকৈ কাঊতি-মিনতি জনাই পঠালে। ৰজাৰ অনুৰোধ এৰাব নোৱাৰি হেনো ডাঙৰীয়াসকলে সৎৰামৰ প্ৰাণদণ্ডৰ ব্যৱস্থা গুচাই, তাক মূৰ খুৰাই ঘোল ঢলাই পৰ্ব্ব্তৰ ফাললৈ খেদি পঠালে। প্ৰৱাদ আছিল গুৱাহাটীৰ বৰফুকনৰ হেনো পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ সৈতে পেটে পেটে বৰ অৰিভাব আছিল। সৎৰামক নিৰ্ব্বাসন কৰোঁতে বুঢ়াগোহাঁই ডাঙৰীয়াই জানিলে যে গুৱাহাটীয়া বৰফুকনো সৎৰামৰ লগ। মুঠতে কবলৈ গ'লে গুৱাহাটীৰ বৰফুকন, সৎৰাম, ৰজা এই তিনিজনা এফলীয়া আৰু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও উভয়ে আনফলীয়া। বুঢ়াগোহাঁয়ে চণ্ডী-মণ্ডপৰ সেই অপমানতে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই এই দুজনকে তেওঁৰ অভীষ্ট সিদ্ধিৰ নিমিত্তে লগলগাই লবলৈ বৰ সুবিধা পালে। সৎৰামক নিৰ্ব্বাসন কৰি বুঢ়াগোহাঁয়ে তেওঁৰ বিপক্ষৰ সকলো শত্ৰুকে নিপাত কৰিবলৈ ইচ্ছা কৰিলে সেই ইচ্ছা অনুসৰি তেওঁ গুৱাহাটীৰ বৰফুকনক ধৰাই আনিবলৈ তলে তলে কাৰবাৰ কৰিলে। তেওঁৰ বোৱাৰী পিজৌ গাভৰুৱে বুজ পাই তলে তলে বাপেক বৰফুকনলৈ খবৰ পঠালে। বুঢ়াগোহাঁইৰ ফৈদ গৈ পোৱাৰ আগেয়ে বৰফুকন কলিকতালৈ গৈ সেই সময়ৰ লাট চাহাবক অসমখন ইংৰাজৰ অধীনলৈ আনিবলৈ খাটিলে। লাট চাহাবে হেনো সেই কথাত কৰ্ণপাত নকৰাত বৰফুকনে কলিকতাত থকা মান এটাৰে সৈতে মিতিৰালি পাতি মানৰ দেশলৈ গৈ মান ৰজাক জনালে যে বুঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজাৰ দেশখন ছাৰখাৰ কৰিলে। তেওঁৰ এই কথা বিশ্বাস কৰি মানৰ ৰজাই তেওঁক পোন্ধৰ হেজাৰ মান সৈন্য দি অসম উদ্ধাৰ কৰিবলৈ পঠাই দিলে। তেওঁ শদিয়াৰ বাটেৰে আহি জয়পুৰতে কোঠ মাৰি বহিল। ==দশম অধ্যায়== যেতিয়া বৰফুকনে এই পোন্ধৰ হেজাৰ সৈন্য লৈ জয়পুৰ পালেহি তেতিয়াহে সেই খবৰ আমাৰ ৰজা আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই পালে। বুঢ়াগোহাঁয়ে নেভাবিছিল যে নাশ্ৰুত-নাভূ এনেকুৱা বিধৰ শত্ৰু আহি অসম ৰাজ্যত সোমাব। ৰজাঘৰৰ সৈন্য-সামন্ত একো সাজু নাছিল। ডাঙৰীয়াসকলে একো উপায় নেপাই ৰংপুৰতে যি পায় সৈন্য-সামন্ত গোটাবলৈ স্থিৰ কৰি চাৰিওফালে কটকী পঠালে। সাত আঠদিনৰ ভিতৰতে আমাৰ অসমীয়াৰ দহ-বাৰ হেজাৰ সৈন্য গোট খালে। বুঢ়াগোহাঁইৰ পুতেক চন্দ্ৰ গোহাঁইদেৱ, ৰুচিনাথ গোহাঁইদেৱ এই দুজনে সেই দহ-বাৰ হেজাৰ সৈন্য লৈ নাজিৰাৰ পৰা প্ৰায় এবেলাৰ বাট আগবাঢ়ি আহি মানেৰে সৈতে ৰণ পাতিলে। অসমীয়া ৰণুৱাৰ হাতত ধেনু-কাঁড়, হিলৈ, মানৰো প্ৰায় সেয়ে অস্ত্ৰ আৰু তাৰ লগতে তৰোৱাল। উভয় দলৰে প্ৰায় তিনিদিন তিনি ৰাতি ৰণ হ'ল। মানো নিজিকে, আমিও নিজিকোঁ। চতুৰ্থ দিনৰ যুঁজত আমাৰ সেনাপতি চন্দ্ৰ গোহাঁইদেৱ পৰিল। তেওঁৰ লগতে আন আন দুই চাৰিজন বীৰ পৰাত আমাৰ বল ক্ষীণ হ'ল। মানহঁতে তৰোৱাল লৈ খেদি আহি আমাৰ সৈন্যেৰে সৈতে হতাহতি যুঁজ কৰি আমাৰ অসমীয়াক ঘটুৱালে। আমাৰ প্ৰায় তিনি চাৰিশ ৰণুৱা সিহঁতে ধৰি বন্দী কৰিলে। ৰুচিনাথ গোহাঁইদেৱে কথমপি প্ৰাণ লৈ উলটি আহি ৰংপুৰত খবৰ বাতৰি দিলেহি। মান জিকা আৰু চন্দ্ৰগোহাঁইদেৱ যুঁজত মৰা শুনি হেন মান আহি নগৰ নৌ পাওঁতেই বুঢ়াগোহাঁইৰ পৰলোক হ'ল। ডাঙৰীয়া! কেৱে কয়, বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ আঙুলিত থকা হীৰাপতোৱা আঙঠিৰ হীৰা চেলেকি মৰিল। কেৱে কয় তেওঁ বিষ খাই মৰিল। কেৱে কয় তেওঁৰ আগৰে পৰা শৰীৰ অসুস্থ আছিল, তাতে যেতিয়াই আমাৰ পৰাজয় আৰু পুত্ৰ চন্দ্ৰ গোহাঁইৰ মৃত্যুৰ বাতৰি শুনিলে তেতিয়াই মনৰ দুখতে তেওঁৰ ইচ্ছামৃত্যু হ'ল। ==একাদশ অধ্যায়== ডাঙৰীয়া! মই আগেয়ে কৈছোঁ সেই সময়ত মই একৈশ বছৰীয়া। যদিও আমি বুঢ়াগোহাঁইৰ ফৈদৰ আছিলোঁ; তথাপি নগৰৰপৰা আঁতৰত থকাৰ বাবে ঈশ্বৰৰ ইচ্ছাত আমাৰ গাঁৱৰ হৈ মুঠেই এজন যুঁজত মৰাত বাজে আন বিশেষ ক্ষত নোহোৱাত আমি ভাবিছিলোঁ আপদ আঁতৰি গ'ল, ৰক্ষা পৰিলোঁ। কিন্তু ডাঙৰীয়া সিটি নহ'ল। মানক বৰাই-বুজাই হেনো আইদেউক বৰ্ম্মা ৰজালৈ দি খেদোৱাৰ পিছত, দেশত বদন বৰফুকনেই এইবাৰ এদনীয়া অধিপতি হ'ল। ক্ষমতা বঢ়াৰ লগে লগে তেৱোঁ হেনো মহা অত্যাচাৰী হৈ উঠিল। মান আনি দেশ নষ্ট কৰাৰ বাবে বিষয়াসকল বিশেষকৈ ৰাজমাও দেউতা তেওঁৰ ওপৰত বৰ অসন্তুষ্ট হৈছিল। তাতে যেতিয়াই বৰফুকনে বুঢ়াগোহাঁইৰ ফৈদৰ মানুহবিলাকক বিশেষকৈ অত্যাচাৰ কৰিব ধৰিলে তেতিয়াই বুঢ়াগোহাঁইৰ মৃত্যুৰ পোটক তুলিবলৈ ৰাজমাও দেউতাই তলে তলে চক্ৰান্ত কৰি ৰূপ সিং নামেৰে হিন্দুস্থানী চিপাহী এটাৰ হতুৱাই নিৰস্ত্ৰ হৈ শৌচ কৰিবলৈ যাওঁতে বাটতে ধৰি বদনচন্দ্ৰক বধ কৰোৱালে। বদনক বধ কৰাৰ লগে লগে বৰফুকনৰ ফৈদ হীনপ্ৰভ হলেও ৰজা তলে তলে বৰফুকনৰ ফলীয়া আছিল। সেইদেখি ৰাজমাও দেউতাই বুঢ়াগোহাঁইৰ পুতেক ৰুচিনাথ বুঢ়াগোহাঁই ডাঙৰীয়াক নগৰলৈ মাতি পঠোৱাতো তেওঁ নাহি চিলামাৰিত ভাগি থকা ৰাজেশ্বৰ সিংহৰ বংশৰ পুৰন্দৰসিংহ কোঁৱৰক ৰজা পাতিবৰ মনেৰে তেওঁক ৰংপুৰলৈ লৈ আহিলগৈ। এই বাতৰি পাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ভয়তে লুকু ডেকাফুকনক নগৰ গতাই দি পলাই গ'ল। যথাসময়ত ডেকাফুকনক লগত ৰুচিনাথ বুঢ়াগোহাঁইৰ এখান চুৰচুৰীয়া ৰণ হ'ল। এই ৰণত ডেকাফুকন মৰিল। পিছে ৰুচিনাথ ডাঙৰীয়াই সকলোৰে সন্মতিক্ৰমে ১৭৩৮ শকত পুৰন্দৰ সিংহ কোঁৱৰক যুৱৰাজ পাতি চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক "মহাৰাজ পাতিম" বুলি মাতি পঠালে। কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ৰুচিনাথক বিশ্বাস নকৰিলে। তেওঁ নহাত পুৰন্দৰসিংহই ১৭৩৯ শকত ৰজা হ'ল। ৰুচিনাথ বুঢ়াগোহাঁয়ে যদিও চন্দ্ৰকান্তসিংহক একো নকৰিলে তথাপি তেওঁৰ ভাতৃ মৰঙিখোৱা গোহাঁয়ে পূৰ্ব্বৰ শত্ৰুতা মনত ৰাখি ছল-চক্ৰান্ত কৰি আগলৈ ৰজা হ'ব নোৱাৰাকৈ চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ কাণ এখনত ঘুণ লগালে। এই ব্যৱহাৰত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মৰণান্তিক বেজাৰ পাই এই অপমানৰ প্ৰতিশোধ লবৰ মনেৰে আকৌ গোপনে বৰফুকনৰ ফৈদৰ মানুহ কেইজনমানক আকৌ মান আনিবলৈ পঠালে। মান ৰজাই বদন বৰফুকনক অন্যায়কৈ মৰোৱা বাতৰি পাই এইবাৰ ত্ৰিশ হেজাৰ মান সেনা লগত দি আলুমিঙ্গি নামে সেনাপতি এজনক ১৭৪১ শকত অসম আক্ৰমণ কৰিবলৈ পঠালে। সিবাৰ অলপীয়া মান সেনাৰ লগতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ শিক্ষিত সেনায়ো নোৱাৰিলে, এইবাৰ ত্ৰিশ হেজাৰ মানৰ লগত যুঁজিবলৈ কি সাধ্য! তাতে দেশখন দুফলীয়া হৈ ছাৰ-খাৰ হৈ ৰৈছে! তথাপি মৰণত শৰণ দি ৰুচিনাথ গোহাঁই দেৱে আমাৰ এজাক ৰণুৱা গোটালে। ডাঙৰীয়া! এইখন যুঁজলৈ এই নিঃকিনো গৈছিলো। মানেৰে তয়া-ময়া ৰণ লাগিল। আমাৰ পোন্ধৰ হেজাৰ ৰণুৱা হৈছিল। তথাপি জননী জন্মভূমিৰ নিমিত্তে আমি সকলোটি অসমীয়াই প্ৰাণৰ মায়া বিসৰ্জ্জন দি মানেৰে সৈতে তিনি দিন তয়া-ময়া ৰণ কৰিছিলো। এই নিঃকিনে এই দুখন হাতেৰেই তৰোৱালেৰে তিনিটা মান ৰণুৱা বধ কৰিছিলোঁ। কিন্তু ক'লে কি হব! আমাৰ ভাগ্যত ঈশ্বৰে সুখ লিখা নাছিল। আমাৰ প্ৰায়বিলাক অসমীয়া ৰণুৱাই মানৰ হাতত জীৱন সামৰিলে। কিবা ভাগ্যৰ গুণত এই নিঃকিন আৰু তিনিশ ৰণুৱাৰ মৰণ নহ'ল। মানহঁতে আমাক জীয়াই জীয়াই ধৰি বন্দী কৰিলে; আৰু যুঁজৰ অন্তত সন্ধি হ'লত মানহঁতে আমাক সিহঁতৰ বয়-বস্তু কঢ়িওৱা ভাৰী কৰি আমাক সিহঁতৰ মান দেশলৈ লৈ গ'ল। দেখক ডাঙৰীয়া! আমাৰ বিষয়াসকলৰ পৰস্পৰ হিংসাহিংসি, ৰজা-ভঙা, ৰজা-পতা ইত্যাদি খেলি-মেলিয়েই আমাৰ অসম দেশখন খালে। ঘাইকৈ দুৰ্ব্বল জা চন্দ্ৰকান্ত আৰু বৰফুকন বদনচন্দ্ৰ যেনেকৈ এফালে দোষী, আন পক্ষেও ডাঙৰীয়া! নকৈ নোৱাৰোঁ যে পূৰ্ণানন্দ বুঢ়াগোঁহাই আৰু ৰাজমাও এই দুজনাও দোষী। এই দুদলৰ অন্যায়, অবিধি পৰস্পৰ হিংসাহিংসি ভাবেই অসম দেশখন খালে। মোৰ জননী জন্মভূমিৰ মান মাৰণৰ হাতত দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছিল। ==দ্বাদশ অধ্যায়== এইদৰে একুৰি বাৰ বছৰ বয়সতে অৰ্থাৎ ১৮৩৯ শকত মানৰ যুঁজত ঘাটি মৰমৰ ভাইহঁত আৰু প্ৰিয়তমা ৰূপহীৰ লগৰ পৰা, জননী জন্মভূমিৰ পৰা বঞ্চিত হৈ মানৰ দেশ পালোঁগৈ। পথ যে কি দুৰ্গম তাক কৈ অঁতাব নোৱাৰি। পাহাৰৰ পাছত পাহাৰ। হাবিৰ পাছত হাবি। প্ৰায় এমাহে গৈ গৈ মানৰ দেশ পালোঁ। জিকাৰু মানহঁতে আমাক নি সিহঁতৰ ৰজাৰ আগত ভেটিলে। আমি ভাৰ-ভেটিবিলাক ৰজাৰ আগত দিলোঁ। আমি জনালোঁ যে আমাক আকৌ নিজ দেশত থবহি লাগে। মানৰ ৰজাই আমাক বুজোৱালে যে বয়-বস্তুৰ দৰে আমিও হেনো অসমৰ পৰা তেওঁৰ দাস-দাসী স্বৰূপে গৈছিলোঁ; আমি আৰু দেশলৈ উলটিব নোৱাৰোঁ। আমি বুজিলোঁ যে আমাৰ কপালত মানৰ ৰজাৰ বেটী-বান্দী হৈ থাকিবলগীয়া লিখন আছে। কি কৰিম, ইচ্ছা নাথাকিলেও আমি মানৰ দেশতে থাকিবলগীয়া হলোঁ। যি কি নহওক মানৰ ৰজাই আমাক তেওঁৰ ৰাজধানীৰপৰা প্ৰায় এদিনৰ বাটত, ইৰাৱতী নৈৰ পাৰত বসতি কৰি থাকিবলৈ আদেশ দিলে। আৰু গাইপতি হাল-গৰু আৰু জোখাৰে মাটি-বৃত্তি দি মান দেশতে ৰাখি থলে। আদেশ কৰিলে যে বছৰি আমাৰ গাঁৱৰ পৰা ৰজাঘৰত তিনিকুৰিজন মানুহে গাৰে খাটি দিব লাগিব। আৰু আমাৰ যাৰ ইচ্ছা মানৰ ছোৱালী বিয়া কৰাব পাৰিব। কিন্তু বিয়া কৰালে আমি আমাৰ হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্মত ভজিব লাগিব। খাব-লব পৰাকৈ এবছৰলৈ ৰজাঘৰৰ পৰা আমাক ধান-চাউলোঁ দিলে। ভামোৰ ওচৰত ইৰাৱতী নৈৰ পাৰত চাৰিওফালে মানৰ গাঁৱৰ মাজত এডোখৰ হাবি কাটি আমি বসতি কৰিলোঁ, আৰু ৰজাৰ আদেশ মতে বছৰি পাল পাতি খাটনিও কৰিবলৈ ধৰিলোঁ। ভামো নগৰত আমাৰ ৰাজকুঁৱৰী হেমো আইদেওক থৈছিল। মানৰ মুখত হেনো 'হেমো' শব্দ 'ভামো' হৈছিল আৰু আইদেওৰ নাম অনুসৰিয়েই এইখানৰ 'ভামো' নগৰ নাম হৈছিল। আমি সেই ভামোতেহে খাটনি কৰিবলগীয়াত পৰিছিলোঁ। ৰজা বছৰি সেই ঠাইত আহি তিনি মাহ মানকৈ বসতি কৰিছিল। ডাঙৰীয়াজনে সুধিলে--"আতৈ! মানৰ দেশখননো কেনেকুৱা? তাৰ মানুহবিলাকনো কেনেকুৱা? আচাৰ-ৰীতিয়েই বা কেনেকুৱা?" আতৈ--"ডাঙৰীয়া, সেই বিলাক বিষয় কবলৈ গলে ভালেমান কথা হব। মুঠতে কওঁ মানৰ দেশখন ধুনীয়া। ৰজাৰ ঘৰবিলাকৰ টুপবিলাকত সোণৰ কলচি লগোৱা। প্ৰায় মানুহৰে ঘৰবিলাক কাঠৰ। সিহঁতৰ ধৰ্ম্ম-মন্দিৰবিলাক আমাৰ দৌলৰ দৰে জোঙা দেখিবলৈ ধুনীয়া, কিন্তু কাঠৰ। টুপবিলাকত সোণৰ কলচি, কাঠবিলাকত যে কি বিচিত্ৰ নক্সা-কটা তাক বৰ্ণাই অঁতাব নোৱাৰিল মান মানুহবিলাক সূতাৰৰ কামত বৰ পকা। মন্দিৰবিলাকত হালধীয়া কাপোৰ পিন্ধা ফিঙ্গু নামেৰে সিহঁতৰ গোসাঁই আৰু পুৰোহিতবিলাক থাকে। মানৰ তিৰোতাবিলাক তেজগোৰা বগা; দেখিবলৈ ধুনীয়া কেৱল অনেকৰে কি প্ৰায় সকলো বিলাকৰেই নাকবিলাকহে চেপেটা। সিহঁতে নানা বৰণৰ বিশেষকৈ হালধীয়া, ক'লা, ৰঙা, ৰেছমি কাপোৰৰ কুৰ্ত্তা পিন্ধি সুন্দৰ জাক্জমক্কৈ ফুৰে। সিহঁত স্বাধীন ভাবেৰে আপোন মনেৰে য'তে ইচ্ছা ত'তে ফুৰে। জীয়ৰীবিলাকে নাচি-বাগি গীত গাই ধেমালি কৰি ফুৰে। যাকে ভাল পায় তাতে বিয়া সোমায়। সিহঁতৰ গাওঁবিলাক পৰিষ্কাৰ। দোষৰ ভিতৰত সিহঁতে মুৰগী আৰু গাহৰি পোহে। গৰু, ম'হ, মদ, গাহৰি, মুৰগী, হাঁহ, পাৰ, শুকান মাছ সকলো খায়। আনকি ইন্দুৰ, নিগনি আৰু বাদুলিও খায়। মান দেশৰ মাটিও বৰ সাৰুৱা। পথাৰবিলাকত অলপ পৰিশ্ৰমতে অপ্লাৱিত ধান, সৰিয়হ আৰু নানা তৰহৰ খেতি হয়। নৈবিলাকৰ পানী বৰ নিৰ্ম্মল। ঠাই ঠাণ্ডা স্বাস্থ্যকৰ। মান দেশত যেন সদায় বসন্ত আৰু শৰৎ ঋতু বিদ্যমান। ==ত্ৰয়োদশ অধ্যায়== ডাঙৰীয়াজনে ক'লে,--"আতৈ! মোৰ বোধেৰে আপুনি নিশ্চয় মান-ছোৱালী দেখি ভোল গৈছিল; পিছত আপুনি জানো মান-ছোৱালী নাৰাখাছিল, কওকচোন সঁচা কথা!" আতৈয়ে হাঁহি হাঁহি উত্তৰ দিলে--"ডাঙৰীয়া! ধৈৰ্য্য ধৰক! মই কৈ নিবই ধৰিছোঁ নহয়। মই আপোনাক সকলো কথা অকপট চিত্তেৰে ক'ম।" আইম এইদৰে বসতি কৰি থকাৰ দুবছৰৰ ভিতৰতে হেনো আকৌ অসংখ্য মান আমাৰ অসমলৈ আহি অসমখন ছাৰখাৰ কৰিলে। সেই বিষয়ে ডাঙৰীয়া মই বিশেষকৈ একো কব নোৱাৰোঁ। মাথোন শুনিছিলোঁ আনৰ উপদ্ৰৱত হেনো সেইবাৰ অসমীয়া মানুহ বৰকৈ জ্বলা-কলা হৈ আনকি অসম এৰি জাকে জাকে অসমীয়া মানুহে হেনো ত্ৰিপুৰা, জৈন্তিয়া, ময়মনসিং, মণিপুৰ, কাছাৰ, ভোটান, তিব্বত আদি ঠাইলৈকো পলাই গৈছিল। মানৰ উপদ্ৰৱত হেনো অসম শ্মশানত পৰিণত হৈছিল। সেই বিষয়ে মই মানৰ দেশৰ পৰা আহি যি দেখিছিলোঁ আৰু শুনিছিলোঁ তাৰে পৰা বঢ়িয়াকৈ বুজিছিলোঁ, মানে আমাৰ অসম দেশখনক কিৰূপে ধ্বংস কৰিছিল। আমি তাত থাকোঁতে থাকোঁতেই আমাৰ গাঁওখন আৰু আমাৰ ওচৰৰ ঠাইবিলাকো ধৰি নিয়া অসমীয়া মানুহেৰেই ভৰপূৰ হৈ উঠিছিল। আনকি তিনি চাৰিখন গাঁওও হৈছিল। আমাৰ অনেক অসমীয়া মানুহে হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্ম লৈ মানৰ ছোৱালী বিয়া কৰাই অসমীয়া গুচি মান হৈছিল। ইয়াৰ পৰা ধৰি নিয়া জীয়াৰী-বোৱাৰীৰ কেতবিলাক পাষণ্ড মানহঁতৰ ৰক্ষিতা হৈছিল, দুই-চাৰিজনী আমাৰ অসমীয়া মানুহেও বিয়া কৰাই ঘৰ-গিৰিস্থালি পাতিছিল। মোকো লগৰ লগৰীয়াবিলাকে অনেক সময়ত হয় মান ছোৱালীক নহয় অসমীয়াৰে এজনী বিয়া কৰাবলৈ বৰকৈ কৈছিল। মোৰ কিন্তু সেইবিলাক একোলৈকে ইচ্ছা নহ'ল। দিন যেতেকে বেছি হব ধৰিলে তেতেকে মোৰ নিজ দেশলৈ, জননী জন্মভূমিলৈ, মোৰ প্ৰথম যৌৱনৰ প্ৰেমময়ী ৰূপহীৰ মূৰ্ত্তিলৈ ধাউতি বেছি হবলৈ ধৰিলে। মই ৰূপহীক মোৰ নিজৰ জীউটোতকৈও বেছি ভাল পাইছিলোঁ। ৰূপহীৰ প্ৰেমময়ী সুন্দৰ ছবিখানি মোৰ হৃদয়ত ইমান দকৈ আছিল যে সেই মূৰ্ত্তিৰ ঠাই আন কোনো যুৱতীয়েই অধিকাৰ কৰিব নোৱাৰিছিল। মই অনেক সময়তে মানহঁতৰ সেই ধৰ্ম্ম মন্দিৰবিলাক চাই ফুৰিছিলোঁ। স্বচ্ছা সলিলা ইৰাৱতীৰ পাৰত বহি বহি নীৰৱে মোৰ দেশৰ নিমিত্তে, স্নেহময়ী প্ৰিয়তমা ৰূপহীৰ নিমিত্তে দুই এটোপা চকুৰ পানীও টুকিছিলোঁ, আৰু দীঘলৈ হা-হুমুনিয়াহ কাঢ়ি মনতে গাইছিলোঁ-- "মোৰ আশাও নৰ'ল--হেঁপাহো নগ'ল সকলো ইচ্ছা মনতে ৰ'ল নিয়তি চকৰি--এনেকই ঘূৰি কৰি কিনো দুৰ্দ্দশা মোৰ জনমৰ ভূমি--অসম জননী ক'তনো মই আহিলোঁ এৰি সোদৰ ভাতৃ--মৰমৰ পত্নী কেতিয়া উলটি দেখিমে গই।" ডাঙৰীয়া! মনতে এনেকুৱা বিধৰ গীত দুই এটি আবৃত্তি কৰি ছাটি-ফুটি কৰাত বাজে মোৰ আৰু কোনো উপায় নাছিল। অৱশ্যে এনেবিলাক নিৰস আৰু উদাসিনীয়া ভাবত তত নেপালে, শেহত সেই সৰুতে শৰণ লওঁতেই গুৰু ঈশ্বৰৰ পৰা আভাস পোৱা সেই কৃষ্ণৰ ৰূপ চিন্তি, "সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা, অক্ৰুৰে লৈয়া গল ৰথতে তুলি, গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি" এনেকুৱা ল'ৰাকালতে শিকা নাম-পদ গাই নিজৰ মনক প্ৰবোধ দিছিলোঁ। বাহিৰে লগ সমনীয়াৰ লগত ঠাট্টা ইয়াৰ্কি, এলেগে বন-বাৰী, খৈতি-বাতি কৰি কাল কটাইছিলোঁ। বিশেষকৈ বাঢ়ৈৰ কাম মই ভালকৈ শিকিছিলোঁ। ডাঙৰীয়া! প্ৰায় বাৰ বছৰ কাম মানৰ দেশতে মোৰ এইদৰে গ'ল। মোক বিয়া-বাউৰ নকৰোৱা দেখি লগৰীয়াবিলাকে অনেক সময়তে ৰূপহীৰ গোলাম, ৰূপহীত পগলা এনেকুৱা পেংলাই নামো দিছিল। কেৱে মোক "কেৱলীয়া আতৈ" বুলিও সম্বোধন কৰিছিল। মানহঁতৰ দুই-চাৰিজন বৌদ্ধ পুৰোহিতে মোক বিয়া-বাৰু নকৰোৱা দেখি সিহঁতৰ লগৰে ফিঙ্গুৱা হবলৈকো কৈছিল। মোৰ কিন্তু ডাঙৰীয়া! একোকে ভাল নালাগিছিল। মোৰ মন-প্ৰাণ সমস্ত জননী জন্মভূমি আৰু বাতৃ, ৰূপহী ইত্যাদিৰ চিন্তাত ডুবি আছিল। ==চতুৰ্দ্দশ অধ্যায়== ১৭৫০ শকত আমাৰ দেশ কোম্পানীয়ে লোৱাৰ পিছত বৰ্ম্মাৰ ৰজাই হেনো ইংৰাজ কোম্পানীৰ সৈতে কৰা সন্ধিত আমাৰ দেশৰ পৰা ধৰি নিয়া বন্দীবিলাকক বিশেষকৈ যিসকলে ইচ্ছা কৰে সেইসকলক আকৌ অসমত ওলোটাই থবলৈ বাধ্য হৈছিল। সেই সন্ধি অনুসৰি মান ৰাই আমাৰ গাঁৱলৈ ত্ৰিশজন ত্ৰিশজন ৰণুৱা পঠাই হুকুম শুনালে যে যাৰ ইচ্ছা হয়, সেইবিলাক বন্দী সেই মানহঁতৰ লগতে অসমলৈ উলটিব পাৰে। আমাৰ যিবিলাক অসমীয়া মানুহে তাতে ঘৰ-গিৰিস্থালি কৰিছিল সেইবিলাকো অসমলৈ উলটিব পাৰে। আমাৰ ডিমাপুৰৰ পৰা আঠ দিনমান হাবিৰ মাজে মাজে খোজ কাঢ়ি কাঢ়ি নাজিৰা পালোঁ। নাজিৰাৰ পৰা ৰংপুৰলৈ আহিলোঁ। বাৰ বছৰৰ মূৰত মাতৃভূমিলৈ আহি, আমাৰ মনত কিমান যে আশা, কিমান আনন্দ হৈছিল তাক কব নোৱাৰোঁ। দুই তিনিদিন হাত ভৰি ভাঙি মই আমাৰ গাঁৱলৈ আহিলোঁ। কিন্তু গাঁৱলৈ আহি যি দেখিলোঁ তাত মোৰ হৃদয় বিদীৰ্ণ হ'ল। আমি এৰি থৈ যোৱা ভৰপূৰ লাহন গাঁও অৰণ্যত পৰিণত। গাঁওখনত এটিও মানুহ নাই। ভঙা ঘৰ, ভঙা দুৱাৰ দুই চাৰিটা পৰি আছে। আগেয়ে যি ডোখৰ আমাৰ গাঁৱলীয়া হাবি আছিল তাত নকৈ গাঁও বহিছে। নৈৰাশ নিৰানন্দ মনেৰে সেই গাঁৱলৈ গলোঁ আৰু তাত মানুহ এঘৰত বহি সুধিলোঁ আগৰ লাহন গাঁওখননো কি হ'ল? মোৰ সেই প্ৰশ্নত সেই ঘৰৰ ঘাই মানুহজনে আচৰিত হৈ সুধিলে--"ককাই! তইনো ক'ৰপৰা আহিছ?" মই কলোঁ--"মই মান দেশৰ পৰা আহিছোঁ। মই অসমীয়া মানুহ, এই লাহন গাঁৱতে মোৰ ঘৰ আছিল, মোক যুঁজত মানে ধৰি নিছিল। মোৰ এই কথাত সেই নতুন গাঁৱৰ গোটেইবিলাক ল'ৰা-তিৰোতা, বুঢ়া-বুঢ়ী মোৰ ওচৰলৈ আহি মোক বেঢ়ি ধৰিলে, আৰু মইনো কেনেকৈ মানৰ দেশলৈ গৈছিলো, মানৰ দেশখননো কেনেকুৱা, তাত শুকুলা হাতী আছেনে ইত্যাদি নানা কথা সুধিলে। ময়ো নিজৰ দেশ পাই, নিজৰ অসমীয়া লগ পাই আঁতি-গুৰি মাৰি সকলোবিলাক কলোঁ। মোৰ কাহিনীত ল'ৰা-ছোৱালী আৰু তিৰোতাবিলাক, বিশেষকৈ গাভৰুবিলাক বৰ মোহিত হৈছিল। মই এইবিলাক কৈ উঠি সুধিলোঁ--"আমাৰ আগৰ গাঁওখননো কি হ'ল?" বুঢ়া-মেধা দুই-চাৰিজনে ক'লে--"ঔ বোপাই! সুধিলেনো কি হ'ব। মানৰ উপদ্ৰৱত কোন কেনি গ'ল, কাক ক'ত মানে কাটিলে, মাৰিলে, কাক ক'ত ধৰি বেটি-বন্দী কৰি নিলে, তাৰ ঠিক নাই। আমিও কোম্পানীৰ ৰাজ্য হোৱাতহে নানা ঠাইৰ পৰ আহি ইয়াত বসতি পাতিছোঁ। বোপাই! তয়ো ইয়াতে থাক। উদ্ধাৰ পৰাচিত হ। ধনবিত না্ যদি আম দহজন লগলাগি তোক বৰঙণি তুলি সহায় কৰি দিওঁ। উদ্ধাৰ পৰাচিত হৈ চাই-চিন্তি গাঁৱৰে এজনী ছোৱালী বিয়া কৰাই ইয়াতে থাক বোপাই!" মই সুধিলোঁ--"লাহন গাঁৱৰ এটাইবিলাক মানুহকে মানে কাটিলেনে?" সিহঁতৰ দুই এজনে ক'লে--"বোপাই! শুনিছোঁ প্ৰায় হেনো এটাইবিলাককে কাটিলে, কেতবোৰ ধৰি বেটী-বন্দী কৰি নিলে, অলপ কিছুমান সব মতা-মাইকী হেনো পলাই গ'ল। আউৰ দুই-চাৰিজন মানুহ হেনো আজি-কালি বোকাখাটত আছেগৈ। সিহঁতৰ এইবিলাক কথা শুনি মোৰ মনত নৈৰাশ ডাৱৰে ঢাকিলে। মোৰ মনত খেলিছিল "হায়! মই মান যুঁজত নমৰিলো কেলেই। নমৰিলোঁ নমৰিলোঁ মান দেশৰ পৰা উলটি আহিলো কেলেই--মোৰ ৰূপহীনো ক'লৈ গ'ল। আইহঁতৰনো কি হ'ল। গাঁৱৰ মানুহৰ নো কাৰ কি দুৰ্গতি হ'ল। ভাৱনা-চিন্তাই মোক দুখআৰু শোকসাগৰত পেলালে। গৃহস্থজনে সেই নিশা আতৌ-পুতৌ কৰি খাব শুবলৈ দিলে। অৱশ্যে এইটোও নকৈ নোৱাৰোঁ ডাঙৰীয়া! যে ইমান আদৰ-সাদৰ কৰাৰ পিছতো মোক ভাতগাল হলে মই মানৰ দেশত থাকি মেলেছ হোৱা বাবে বাহিৰতেহে খাবলৈ দিলে। যদিও বাহিৰত খাবলৈ দিলে, তথাপি ডাঙৰীয়া! মই সেই মানুহ ঘৰৰ আদৰ-সাদৰ আইলৈকে পাহৰিব নোৱাৰোঁ। ==পঞ্চদশ অধ্যায়== ৰাতি চাৰি ডাঁৰ সেই গিৰিহঁতৰ ঘৰতে কটালোঁ। ওৰে নিশা মোৰ টোপনি নাহিল। ছাটি-ফুটি কৰোঁতে গ'ল। নান ভাবে, নান চিন্তাই শৈশৱ আৰু কৈশোৰৰ অনেক পুৰণি কথাই মোৰ মন বিয়াকুল কৰিলে। দেশৰ অৰ্থে যুঁজি মানৰ হাতত বন্দী হৈ, ঘৰ-দুৱাৰ, ভাই-ককাই, তিৰোতা সকলোৰে বঞ্চিত হৈ মানৰ দেশত বাৰ-তেৰ বছৰ কাল কটাই বৰ হেঁপাহেৰে স্বদেশলৈ উলটিছিলো। কিন্তু স্বদেশত আহি পালো কি? আত্মীয়স্বজন সকলোটি নিৰুদ্দেশ, মোৰ জন্ম হোৱা গাঁওখনি শ্মশান আৰু অৰণ্যত পৰিণত। ইফালে মই মানৰ দেশত থকা বাবেই মই জাইত ভ্ৰষ্ট মেলেছ! যলৈকে যাওঁ ততে লেই লেই ছেই ছেইত বাজে ভাল সমাদৰ নাই। জানিলোঁ মোৰ জাতূলত উঠিবলৈকো টান হ'ল, যিহেতু মোৰ হাতত ধন-বিত নাই। মোক সহায় কৰিবলৈকো ভাই-ককাই সোদৰহঁত নিৰুদ্দেশ, ৰূপহীওনো ক'ত? তাইৰনো কি হ'ল! বাৰু এবাৰ চাই লওঁ। যদি ভাইহঁত জীয়াই আছে তেন্তে সিহঁতৰ সহায়তে জাতকুললৈ উঠিবও পাৰিম। আৰু যদি ৰূপহী জীয়াই আছে আৰু মোলৈ মৰম এৰা নাই; তেন্তে কি জানি সুখীও হব পাৰিম। বাৰু ঈশ্বৰে কি কৰে দেখা যাওক। এইদৰে ভাবি থাকোঁতে থাকোঁতে পুঁৱতী নিশা অলপ টোপনি আহিছিল। সেই টোপনি বা তন্দ্ৰাতে ডাঙৰীয়া! সমাজিক এটা দেখিবলৈ পাইছিলোঁ। সেই সমাজিকত আই আৰু মাহী উভয়ে আহি মোক দেখা দিছে। দুইৰো মন যেন নিৰাশ। মই কথা সুধিব খোজোতেই দুয়ো অন্তৰ্দ্ধান হ'ল। সাৰ পালোঁ; মনটো চিৰিং কৰি উঠিল। আইৰ লগত মাহীকো দেখাৰ অৰ্থ কি? মাহীও কি এই সংসাৰত নাই? ভাইহঁত আৰু ৰূপহী জীয়াই আছেনে? যদি ৰূপহী জীয়াই আছে তেন্তে তাইনো ইমান দিনে আন ক'তো বিয়াত নোসোমোৱাকৈ নিৰাশ্ৰয়ে মাহীৰ আৰ্হিৰেই আছেনে? যদি মাহীৰ নিচিনাকৈ ব্ৰত ধৰি আছে তেন্তে তাইক আকৌ নিশ্চয় পাম। যদি তাই মৰিছে অথবা আন কাৰবাত বহিছে তেনেহলেনো মোৰ আৰু দুনাই সেই পূৰ্ব্ব সুখ ক'ত হব? তাই যদি জীয়াই থাকি আন কোনোবাত বহিছে তেন্তে নিশ্চয় সুখী হৈছে। এতিয়া মই যদি তাইক চিনাকি দিওঁ তাইৰ জীৱনটো অসুখী নহবনে? ইত্যাদি নানা ভাৱনা হৈছিল। শেষত মন স্থিৰ কৰিলোঁ যে যেনেহলেও এবাৰ অচিনাকি বেশ ধৰি সিহঁতক বিচাৰি চাওঁ। মই যেতিয়া যুঁজত বন্দী হৈ মানৰ দেশলৈ যাওঁ তেতিয়া মই কেচেলীয়া ডেকা; এতিয়া মই প্ৰায় একুৰি পোন্ধৰ বছৰ বয়সীয়া। মুখত ডাঢ়ি-গোঁফে ভৰা; সেইদেখি অচিনাকি বা ছদ্মবেশ এটা লবলৈ মোৰ টান নহব। এই ভাবি পিছদিনা শুই উঠি সেই গৃহস্থৰ ঘৰতে আকৌ চাইটা ভাত খাই আৰু লগত অনা ৰূপ এটকা গিৰিহঁতক দি এখান গামোচা আৰু এখান ছকঠিয়া লৈ তেওঁলোকত বিদায় মাগি এটি উদাসীন ভকতৰ বেশ ধৰি যোৰহাট, গোলাঘাটৰ ফাললৈ খোজ ললোঁ। দিনৰ দিনটো খোজ কাঢ়ো, গধূলি ঝ'লে য'তে ত'তে এঘৰ গৃহস্থৰ ঘৰ চাপোঁ, উদাসীন ভকত বুলি চিনাকি দিওঁ। গিৰিহঁতে মৰম কৰি খাবলৈ জা-জলপানেৰে হওক বা টৌ-খুটি মাৰি খাবলৈ চাউল-পাতকে দিয়ে। নিজে কাৰবাৰ কৰি এমুঠি খাই পৰি থাকোঁ। কোনো কোনো ঠাইত দুই এঘৰ গৃহস্থে শোধ-পোছো নকৰিছিল। লঘোণে-ভোকে গিৰিহঁতৰ ভঁড়ালৰ আগতে হওক বা বাহিৰা ঘৰতেই হওক নিশাটো পৰি থাকোঁ আৰু পুৱা হলেই আকৌ খোজ লওঁ। এইদৰে চৈধ্য পোন্ধৰ দিনে বোকাখাট পালোঁগৈ। ==ষোড়শ অধ্যায়== বোকাখাট পাই ওচৰৰ গাঁৱৰ মানুহৰ পৰা জানিলোঁ তাত ন-ভঙনীয়া নামে এটা চুবুৰী আছে। সেই চুবুৰীৰ মানুহবিলাক হেনো মানভঙনিত উজনিৰ ৰংপুৰৰপৰা পলাই অহাল এই কথা শুনি মোৰ মনত আশা নিৰাশা উভয় ভাবেই খেলিব ধৰিলে। মনত থিৰাং কৰিলোঁ যে সেই গাঁৱত গৈ বাস নকৰোঁ। আগেয়ে ওচৰৰ যুগী গাঁওখনত থাকি নভঙনীয়া গাঁৱৰ মানুহ-দুনুহবিলাকৰ ইতিবৃত্ত বুজি লওঁ। এই ভাবি মই যুগী গাঁৱলৈ গৈ ভকত বুলি চিনাকি দি মানুহ এঘৰত আশ্ৰয় ললোঁ। মইনো কোন, ক'ৰ পৰা গৈছিলোঁ, এই কথা কাকো ক'তো খুলি নকলোঁ। মুঠতে চিনাকি দিলোঁ যে মই ৰংপুৰৰ মানুহ, এতিয়া ৺ দক্ষিণপাট সত্ৰৰ এজন উদাসীন ভকত। যুগীগাঁৱৰ প্ৰায় চাৰিকুৰি বছৰীয়া বুঢ়া মানুহ এজনৰপৰা নভঙনীয়া গাঁৱৰ মানুহবিলাকৰ বিষয়ে এইৰূপে শুনিলোঁ--"আতৈ! আমিও আগৰে ৰংপুৰৰে মানুহ। মানভঙনিত পলাই আহি ইয়াত ঠাই লৈছোঁ। আমাৰ অসমলৈ মান তিনিবাৰ আহে। প্ৰথম দুবাৰত সিহঁতে আমাৰ ৰজাৰ পৰা কৰ-কাঁটল লোৱা আৰু যুঁজত ঘটা ৰণুৱাবিলাকক বন্দী কৰি নিয়াত বাদে সাধাৰণ প্ৰজাৰ ওপৰত বিশেষ একো অত্যচাৰ কৰা নাছিল। কিন্তু সিহঁতে তৃত্বীয় বাৰ অসম আক্ৰমণ কৰোঁতে যিহে উপদ্ৰৱ কৰিলে সেই কথা মনত পৰিলে এতিয়াও গাৰ নোম শিঁয়ৰি উঠে। সিহঁতে কিমান মানুহ, ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী যে মাৰিলে তাৰ লেখ-জোখ নাই। মাকৰ বুকুৰ পৰা কেচুৱা ল'ৰা টানি আজুৰি ওপৰলৈ ঢোপ মাৰি দি তলত তৰোৱাল পাতি কাটিলে। গিৰীয়েকৰ আগত ঘৈণীয়েকৰ জাতি ভ্ৰষ্ট কৰিলে, বুঢ়া-বুঢ়ী বিলাকক হালে হালে সাঙুৰি কাটিলে, ঠায়ে ঠায়ে গাঁওবিলাকত জুই লগাই দি আগেয়ে মানুহক ঘৰৰ ভিতৰত ৰাখি বাহিৰে দুৱাৰ বান্ধি লৈ ঘৰত জুই দি মানুহ পুৰি মাৰিলে। কাকো কাক তৰোৱালেৰে পেট ফালি মাৰিলে। সিহঁতৰ পৈশাচিক অত্যাচাৰ সহিব নোৱাৰি অসমীয়া মানুহ জাকে জাকে কোন কেনি পলাল ঠিক নাই। গাঁও এৰি অসমীয়া মানুহে হাবি-বননি, কচুৱনি, পিটনি এইবিলাকত আশ্ৰয় ললে। আমিও সেইখান ভঙানিতে ওপজা ঠাই এৰি এইখিনি পালোঁহি। মই সুধিলোঁ--"ককাই, তুমি লাহন গাঁৱৰ জনাৰ্দ্দন মেধিক জানানে?" বুঢ়াই ক'লে--"এ বোপাই! জানোতো। তেওঁৰ ঘৰ আমাৰ ওচৰতে আছিল। তেওঁ ধনে-ধানেও চহকী আছিল।" মই সুধিলোঁ--"ককাই! তেওঁৰ ল'ৰা-ছোৱালী, বোৱাৰী ইত্যাদিৰ কি অৱস্থা হ'ল ক'ব পাৰেনে?" বুঢ়াই ক'লে--"এ বোপাই! ক'লে কি হ'ব। বৰ দুখ লাগে। তেওঁৰ বৰ ল'ৰাটো মানৰ দ্বিতীয়বাৰৰ যুঁজলৈ গৈছিল। সেই যুঁজত সি মৰিলেই নে নামে তাক বন্দী কৰি ধৰিয়েই নিলে একো কব নোৱাৰোঁ। মানহঁত উলটো যোৱাৰ ছমাহমানৰ মূৰতে তাৰ মাহীয়েক ঢুকাল।" বুঢ়াই এই কথাবোৰ কোৱা মাত্ৰই মোৰ চকুৰে দুধাৰ লো ব'লে। মোক শোকে খুন্দা মাৰি ধৰিলে। বুঢ়াই মোৰ অৱস্থা দেখি সুধিলে--"আতৈ, তুমি দেখোন এই কথাষাৰত শোকাকুল হ'লা। নিৰ্ম্মলৰ মাহীয়েক তোমাৰ কিবা লাগে নেকি?" মই দেখিলোঁ যে মই ধৰা পৰিলোঁ। বুঢ়াক কলোঁ--"মই বাৰু পিছত ক'ম। মোক অনুগ্ৰহ কৰি নিৰ্ম্মলৰ ভায়েক আৰু ঘৈণীয়েকৰ কি হ'ল তাকো সবিশেষ কোৱা।" বুঢ়াই দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি ক'লে--"আতৈ! দ্বিতীয় বাৰ মানৰ আক্ৰমণৰ পিচত নিৰ্ম্মলৰ ভায়েক এটা আছিল। তৃত্বীয়বাৰ মানৰ যুঁজত সিও ৰজা ঘৰৰ ফলীয়া হৈ যুঁজলৈ গৈছিল, সেই যুঁজতে সি মৰিল।" বুঢ়াজনে এইবাৰ কথা কোৱা মাত্ৰেই মোৰ ফেকুৰি ফেকুৰি কান্দোন ওলাল। বুঢ়াই বুজিলে মই কোন। তেওঁ ক'লে--"বোপা নেকান্দিবি। সকলো ঈশ্বৰৰ ইচ্ছা। তয়ে নিৰ্ম্মল নহৱনে?" কলোঁ--"ককাই! তোমাক আৰু লুকাবৰ সকাম নাই। কিন্তু মই কাবৌটি কৰিছোঁ মোৰ বিষয়ে যেন কাকো নোকোৱা। মোক যেন কাৰো আগতে চিনাকি নিদিয়া।" বুঢ়াই মোক সাৱট মাৰি ধৰি চকুৰ লো টুকি ক'লে--"বাৰু বোপা। মই শপত খালোঁ তোৰ বিষয়ে কাকো নকওঁ। তোৰ পিতাৰ আমাৰ ওচৰতে মেধি আছিল। ময়ো ৺ দক্ষিণপাট সত্ৰৰে সেৱক। তোৰ আঁতি-গুৰি বৃত্তান্ত কচোন। মই ক'লোঁ--"ককাই! সমস্ত কম। কিন্তু এতিয়া মোক আৰু শেষ কথা এষাৰ কওক। ৰূপহী জীয়াই আছেনে?" বুঢ়াই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে--"বোপা তই দেখিছোঁ তই বৰ দুৰ্ভগীয়া। ৰূপহীৰ বিষয়ে ক'লে তই জানো থিৰেৰে থাকিব পাৰিবি?" মই ক'লোঁ--"ককাই! নিয়ঁতিৰ চকৰিত ঘূৰি পকি যথেষ্ট টান হৈছোঁ; ভাইহঁত গ'ল। আই বোপাই গ'ল। মাহীও গ'ল। তথাপি এই জীউটো আছে। এতিয়া ৰূপহীৰ বিষয়ে কওক।" বুঢ়াই ক'লে--"বোপা! তেনেহলে অথিৰ নহবি, মই কওঁ শুন। তাই আমাৰ সহায়ত আৰু বিশেষকৈ অনিৰামৰ যত্নত কচুৰ তলত পলাই, হাবিৰ মাজত সোমাই ৰক্ষা পৰিল। আমি যি দুই চাৰিটা জীয়াই আছোঁ সিও কেৱল হাবিৰ মাজত, কচুৰ তলত, ইকৰাণিৰ মাজত সোমাইহে ৰক্ষা পৰিলোঁ। কত ঠাইত যে পালোঁ তাক কি ক'ম। তোৰ ঘৈণীয়েৰে এতিয়া জীয়াই আছে। তাই আঠ দহ বছৰ আমালোকৰ ঘৰে-দুৱাৰেই থাকি ৰুই দাই খাইছিল। তাই, তই কিজানি জীয়াই আছ, কিজানি কেতিয়াবা ওলাবিহি, এই ভাবি আঠ দহ বছৰ ডেকা গা বুঢ়া কৰিও ৰাখিছিল। কিন্তু অনিৰামেও তাৰ সেই সৰুকালৰ ওমলা লগৰী ৰূপহীৰ মৰমতে হেনো বিয়া-বাৰু নকৰাই ৰূপহীৰ চিন্তাতে ভোল গৈ আছিল। সি সুবিধা পালেই সততে ৰূপহীক সহায় কৰিবলৈ, তাইৰ নিমিত্তে জীউটোকো দিবলৈ উদ্যত আছিল। আন কি অনেক সময়তে তাইক ৰোৱা-দোৱা ইত্যাদি কামত সহায় কৰি ফুৰিছিল। ৰূপহীয়ে বাট চাই চাই যেতিয়া বাৰ বছৰ কাল কটালে, তাইৰ খোৱা-লোৱাত আৰু সদায় পৰৰ ঘৰত থকাত দুখ হবলৈ ধৰিলে আৰু ইফালে অনিৰামেও তাইৰ চেনেহতে আনক বিয়াও নকৰায়। তেতিয়া আমি আটাইবিলাক গিৰিগঞায়ে লগ লাগি তাইক বুজাই বৰাই অনিৰামত বিয়া দিলোঁ। এতিয়া তাইয়ে অনিৰামে সুকীয়াকৈ ঘৰ-দুৱাৰ সাজি, খেতি-বাতি কৰি সুখেৰে খাই আছে। অনিৰামৰ ফালৰ তাইৰ এটি ল'ৰাও হৈছে।" ডাঙৰীয়া! মোৰ দুখৰ মাত্ৰা ভৰপূৰ হ'ল। বুজক, আই, ভাই, মাহী সকলোটি গ'ল। ৰূপহীয়ো অনিৰামত তিৰোতা হ'ল। মই সেইদিনৰ দিনটো মূৰ্চ্ছিত হৈ পৰি আছিলোঁ। বুঢ়াই মোক নানা প্ৰকাৰৰ সেৱা-শুশ্ৰুষা কৰাতহে গধূলি সময়ত মোৰ জ্ঞান আহিল। বুঢ়াই আৰু মোক নিজৰ থকা ঠাইলৈ যাবলৈ তেওঁৰ মাৰল ঘৰতে ৰাখিলে। নানা সেৱা-শুশ্ৰুষা কৰি বঢ়াই বুজাই খুৱালে। ওৰে নিশাটো মোক বুজনি দিলে, পৰমাৰ্থৰ কথা ক'লে। ইয়াকো ক'লে--"বোপাই! মই নিজে খৰছ ভগন কৰি তোক জাতত তুলিম। ময়ে তোক আকৌ নকৈ এজনী ছোৱালীও বিয়া কৰাই দিম। তই দুখ নকৰিবি বোপা!" মোৰ হৃদয়ত যি ভাব খেলিছিল তাক কব নোৱাৰোঁ। সংসাৰখান মোলৈ অশান্তিৰ ঠাই যেন হ'ল। মনত হ'ল ক'তনো সেই শান্তি পাম। ক'তনো এফেৰি জুৰণি পাম। এইদৰে ভাবোঁতে ভাবোঁতে মোৰ সৰু কালৰ অণিৰাম আৰু ৰূপহীৰ সৈতে কৰা কথাবিলাক মনত পৰিছিল! ৰূপহীয়ে যে কৈছিল--"অনিৰাম! আজিৰ ধেমালিত মোক নিৰ্ম্মলেই বিয়া কৰাওক দে। বাৰু কাইলৈ আকৌ তোত বিয়া সোমাম"--এই কথাষাৰলৈ বিশেষকৈ মনত পৰিল। তাৰ লগে লগে মোৰ সত্ৰৰ ঈশ্বৰ প্ৰভুৱে যে তাহানিৰ দেউতাৰ লগত যাওঁতে মোক সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই কলোঁ "হ'মতো।" তেতিয়া প্ৰভুৱে কৈছিল--"বাৰু এতিয়া নেলাগে পিচত হবি" এই মহাবাক্যশাৰীলেকো মনত পৰিল। যদিও মানৰ দেশত ১৪ বছৰ কাল কটাইছিলোঁ তথাপি আমাৰ মহাপুৰুষ গুৰুৱে পাপী-তাপীৰ নিমিত্তে লেখি থৈ যোৱা পদবিলাকলৈকো মনত পৰিল। হৃদয়ৰ তলি ভেদি গীত উঠিল-- ক্ষুদ্ৰ সুখে বহু আশা কৰি ভবকূপে জীৱ আছে পৰি কালসৰ্পে দংশি হৰিল চেতন তাৰ। মোক্ষৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।। সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি। দেখি সুবৰ্ণৰ পদ্মধাৰী, বোলে দুঃখে আৰ্ত্তনাদ কৰি নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।। তাহানিখন দেউতাই প্ৰসঙ্গ কৰাত গোৱা এই নাম কেইফাঁকিও মনলৈ আহিছিলঃ- "জয় যুদপতি কৃপাময় কৃপাময় কৰি তুমি মোৰ নিজ বন্ধু তযু অংশ হুয়া তোমাক পাসৰি লভিলোহো ভৱসিন্দু যশোদা নন্দন কৈষ্ণদেৱ প্ৰাণ কৃষ্ণদেৱ তুমি মোৰ গতি মতি ভকত বৎসল নাম ধৰি আছা নেৰিবা মোক সম্প্ৰতি" ডাঙৰীয়া! এই মহাশোকৰ কালত চকুৰ লো ধাৰাসাৰে বোৱাই শান্তি বিচাৰোঁতে সৰু কালত শিকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে--"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালৌঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ--"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।"⏎ ⏎ [[Category: অসমীয়া]] [[Category:উপন্যাস]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336497.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|