Difference between revisions 336497 and 336499 on sourceswiki{{header | title = নিৰ্ম্মল ভকত | author = ৰজনীকান্ত বৰদলৈ | translator = | section = | previous = | next = | year = (contracted; show full)"অনিৰাম! আজিৰ ধেমালিত মোক নিৰ্ম্মলেই বিয়া কৰাওক দে। বাৰু কাইলৈ আকৌ তোত বিয়া সোমাম"--এই কথাষাৰলৈ বিশেষকৈ মনত পৰিল। তাৰ লগে লগে মোৰ সত্ৰৰ ঈশ্বৰ প্ৰভুৱে যে তাহানিৰ দেউতাৰ লগত যাওঁতে মোক সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই কলোঁ "হ'মতো।" তেতিয়া প্ৰভুৱে কৈছিল--"বাৰু এতিয়া নেলাগে পিচত হবি" এই মহাবাক্যশাৰীলেকো মনত পৰিল। যদিও মানৰ দেশত ১৪ বছৰ কাল কটাইছিলোঁ তথাপি আমাৰ মহাপুৰুষ গুৰুৱে পাপী-তাপীৰ নিমিত্তে লেখি থৈ যোৱা পদবিলাকলৈকো মনত পৰিল। হৃদয়ৰ তলি ভেদি গীত উঠিল-- :ক্ষুদ্ৰ সুখে বহু আশা কৰি ভবকূপে ::::জীৱ আছে পৰি :::কালসৰ্পে দংশি হৰিল চেতন তাৰ। :::মোক্ষৰূপ তযু বাক্যামৃত কৃপায়ে ::::সিঞ্চিয়া প্ৰতিনিত :::দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।। :সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে ::আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি। :দেখি সুবৰ্ণৰ পদ্মধাৰী, বোলে দুঃখে আৰ্ত্তনাদ কৰি ::নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।। তাহানিখন দেউতাই প্ৰসঙ্গ কৰাত গোৱা এই নাম কেইফাঁকিও মনলৈ আহিছিলঃ- ::"জয় যুদপতি কৃপাময় কৃপাময় কৰি :::তুমি মোৰ নিজ বন্ধু ::তযু অংশ হুয়া তোমাক পাসৰি :::লভিলোহো ভৱসিন্দধু ::যশোদা নন্দন কৈষ্ণদেৱ প্ৰাণ কৃষ্ণদেৱ :::তুমি মোৰ গতি মতি :::ভকত বৎসল নাম ধৰি আছা :::নেৰিবা মোক সম্প্ৰতি" ডাঙৰীয়া! এই মহাশোকৰ কালত চকুৰ লো ধাৰাসাৰে বোৱাই শান্তি বিচাৰোঁতে সৰু কালত শিকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে--"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালৌঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ--"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।" [[Category: অসমীয়া]] [[Category:উপন্যাস]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336499.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|