Difference between revisions 336474 and 336497 on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full)ুৱালে। আমাৰ প্ৰায় তিনি চাৰিশ ৰণুৱা সিহঁতে ধৰি বন্দী কৰিলে। ৰুচিনাথ গোহাঁইদেৱে কথমপি প্ৰাণ লৈ উলটি আহি ৰংপুৰত খবৰ বাতৰি দিলেহি। মান জিকা আৰু চন্দ্ৰগোহাঁইদেৱ যুঁজত মৰা শুনি হেন মান আহি নগৰ নৌ পাওঁতেই বুঢ়াগোহাঁইৰ পৰলোক হ'ল। ডাঙৰীয়া! কেৱে কয়, বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ আঙুলিত থকা হীৰাপতোৱা আঙঠিৰ হীৰা চেলেকি মৰিল। কেৱে কয় তেওঁ বিষ খাই মৰিল। কেৱে কয় তেওঁৰ আগৰে পৰা শৰীৰ অসুস্থ আছিল, তাতে যেতিয়াই আমাৰ পৰাজয় আৰু পুত্ৰ চন্দ্ৰ গোহাঁইৰ মৃত্যুৰ বাতৰি শুনিলে তেতিয়াই মনৰ দুখতে তেওঁৰ ইচ্ছামৃত্যু হ'ল।


==একাদশ অধ্যায়==
ডাঙৰীয়া! মই আগেয়ে কৈছোঁ সেই সময়ত মই একৈশ বছৰীয়া। যদিও আমি বুঢ়াগোহাঁইৰ ফৈদৰ আছিলোঁ; তথাপি নগৰৰপৰা আঁতৰত থকাৰ বাবে ঈশ্বৰৰ ইচ্ছাত আমাৰ গাঁৱৰ হৈ মুঠেই এজন যুঁজত মৰাত বাজে আন বিশেষ ক্ষত নোহোৱাত আমি ভাবিছিলোঁ আপদ আঁতৰি গ'ল, ৰক্ষা পৰিলোঁ। কিন্তু ডাঙৰীয়া সিটি নহ'ল। মানক বৰাই-বুজাই হেনো আইদেউক বৰ্ম্মা ৰজালৈ দি খেদোৱাৰ পিছত, দেশত বদন বৰফুকনেই এইবাৰ এদনীয়া অধিপতি হ'ল। ক্ষমতা বঢ়াৰ লগে লগে তেৱোঁ হেনো মহা অত্যাচাৰী হৈ উঠিল। মান আনি দেশ নষ্ট কৰাৰ বাবে বিষয়াসকল বিশেষকৈ ৰাজমাও দেউতা তেওঁৰ ওপৰত বৰ অসন্তুষ্ট হৈছিল। তাতে যেতিয়াই বৰফুকনে বুঢ়াগোহাঁইৰ ফৈদৰ মানুহবিলাকক বিশেষকৈ অত্যাচাৰ কৰিব ধৰিলে তেতিয়াই বুঢ়াগোহাঁইৰ মৃত্যুৰ পোটক তুলিবলৈ ৰাজমাও দেউতাই তলে তলে চক্ৰান্ত কৰি ৰূপ সিং নামেৰে হিন্দুস্থানী চিপাহী এটাৰ হতুৱাই নিৰস্ত্ৰ হৈ শৌচ কৰিবলৈ যাওঁতে বাটতে ধৰি বদনচন্দ্ৰক বধ কৰোৱালে। বদনক বধ কৰাৰ লগে লগে বৰফুকনৰ ফৈদ হীনপ্ৰভ হলেও ৰজা তলে তলে বৰফুকনৰ ফলীয়া আছিল। সেইদেখি ৰাজমাও দেউতাই বুঢ়াগোহাঁইৰ পুতেক ৰুচিনাথ বুঢ়াগোহাঁই ডাঙৰীয়াক নগৰলৈ মাতি পঠোৱাতো তেওঁ নাহি চিলামাৰিত ভাগি থকা ৰাজেশ্বৰ সিংহৰ বংশৰ পুৰন্দৰসিংহ কোঁৱৰক ৰজা পাতিবৰ মনেৰে তেওঁক ৰংপুৰলৈ লৈ আহিলগৈ। এই বাতৰি পাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ভয়তে লুকু ডেকাফুকনক নগৰ গতাই দি পলাই গ'ল। যথাসময়ত ডেকাফুকনক লগত ৰুচিনাথ বুঢ়াগোহাঁইৰ এখান চুৰচুৰীয়া ৰণ হ'ল। এই ৰণত ডেকাফুকন মৰিল। পিছে ৰুচিনাথ ডাঙৰীয়াই সকলোৰে সন্মতিক্ৰমে ১৭৩৮ শকত পুৰন্দৰ সিংহ কোঁৱৰক যুৱৰাজ পাতি চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক "মহাৰাজ পাতিম" বুলি মাতি পঠালে। কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ৰুচিনাথক বিশ্বাস নকৰিলে। তেওঁ নহাত পুৰন্দৰসিংহই ১৭৩৯ শকত ৰজা হ'ল।

ৰুচিনাথ বুঢ়াগোহাঁয়ে যদিও চন্দ্ৰকান্তসিংহক একো নকৰিলে তথাপি তেওঁৰ ভাতৃ মৰঙিখোৱা গোহাঁয়ে পূৰ্ব্বৰ শত্ৰুতা মনত ৰাখি ছল-চক্ৰান্ত কৰি আগলৈ ৰজা হ'ব নোৱাৰাকৈ চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ কাণ এখনত ঘুণ লগালে। এই ব্যৱহাৰত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মৰণান্তিক বেজাৰ পাই এই অপমানৰ প্ৰতিশোধ লবৰ মনেৰে আকৌ গোপনে বৰফুকনৰ ফৈদৰ মানুহ কেইজনমানক আকৌ মান আনিবলৈ পঠালে। মান ৰজাই বদন বৰফুকনক অন্যায়কৈ মৰোৱা বাতৰি পাই এইবাৰ ত্ৰিশ হেজাৰ মান সেনা লগত দি আলুমিঙ্গি নামে সেনাপতি এজনক ১৭৪১ শকত অসম আক্ৰমণ কৰিবলৈ পঠালে। সিবাৰ অলপীয়া মান সেনাৰ লগতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ শিক্ষিত সেনায়ো নোৱাৰিলে, এইবাৰ ত্ৰিশ হেজাৰ মানৰ লগত যুঁজিবলৈ কি সাধ্য! তাতে দেশখন দুফলীয়া হৈ ছাৰ-খাৰ হৈ ৰৈছে! তথাপি মৰণত শৰণ দি ৰুচিনাথ গোহাঁই দেৱে আমাৰ এজাক ৰণুৱা গোটালে। ডাঙৰীয়া! এইখন যুঁজলৈ এই নিঃকিনো গৈছিলো। মানেৰে তয়া-ময়া ৰণ লাগিল। আমাৰ পোন্ধৰ হেজাৰ ৰণুৱা হৈছিল। তথাপি জননী জন্মভূমিৰ নিমিত্তে আমি সকলোটি অসমীয়াই প্ৰাণৰ মায়া বিসৰ্জ্জন দি মানেৰে সৈতে তিনি দিন তয়া-ময়া ৰণ কৰিছিলো। এই নিঃকিনে এই দুখন হাতেৰেই তৰোৱালেৰে তিনিটা মান ৰণুৱা বধ কৰিছিলোঁ। কিন্তু ক'লে কি হব! আমাৰ ভাগ্যত ঈশ্বৰে সুখ লিখা নাছিল। আমাৰ প্ৰায়বিলাক অসমীয়া ৰণুৱাই মানৰ হাতত জীৱন সামৰিলে। কিবা ভাগ্যৰ গুণত এই নিঃকিন আৰু তিনিশ ৰণুৱাৰ মৰণ নহ'ল। মানহঁতে আমাক জীয়াই জীয়াই ধৰি বন্দী কৰিলে; আৰু যুঁজৰ অন্তত সন্ধি হ'লত মানহঁতে আমাক সিহঁতৰ বয়-বস্তু কঢ়িওৱা ভাৰী কৰি আমাক সিহঁতৰ মান দেশলৈ লৈ গ'ল।

দেখক ডাঙৰীয়া! আমাৰ বিষয়াসকলৰ পৰস্পৰ হিংসাহিংসি, ৰজা-ভঙা, ৰজা-পতা ইত্যাদি খেলি-মেলিয়েই আমাৰ অসম দেশখন খালে। ঘাইকৈ দুৰ্ব্বল জা চন্দ্ৰকান্ত আৰু বৰফুকন বদনচন্দ্ৰ যেনেকৈ এফালে দোষী, আন পক্ষেও ডাঙৰীয়া! নকৈ নোৱাৰোঁ যে পূৰ্ণানন্দ বুঢ়াগোঁহাই আৰু ৰাজমাও এই দুজনাও দোষী। এই দুদলৰ অন্যায়, অবিধি পৰস্পৰ হিংসাহিংসি ভাবেই অসম দেশখন খালে। মোৰ জননী জন্মভূমিৰ মান মাৰণৰ হাতত দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছিল।

==দ্বাদশ অধ্যায়==
এইদৰে একুৰি বাৰ বছৰ বয়সতে অৰ্থাৎ ১৮৩৯ শকত মানৰ যুঁজত ঘাটি মৰমৰ ভাইহঁত আৰু প্ৰিয়তমা ৰূপহীৰ লগৰ পৰা, জননী জন্মভূমিৰ পৰা বঞ্চিত হৈ মানৰ দেশ পালোঁগৈ। পথ যে কি দুৰ্গম তাক কৈ অঁতাব নোৱাৰি। পাহাৰৰ পাছত পাহাৰ। হাবিৰ পাছত হাবি। প্ৰায় এমাহে গৈ গৈ মানৰ দেশ পালোঁ। জিকাৰু মানহঁতে আমাক নি সিহঁতৰ ৰজাৰ আগত ভেটিলে। আমি ভাৰ-ভেটিবিলাক ৰজাৰ আগত দিলোঁ। আমি জনালোঁ যে আমাক আকৌ নিজ দেশত থবহি লাগে। মানৰ ৰজাই আমাক বুজোৱালে যে বয়-বস্তুৰ দৰে আমিও হেনো অসমৰ পৰা তেওঁৰ দাস-দাসী স্বৰূপে গৈছিলোঁ; আমি আৰু দেশলৈ উলটিব নোৱাৰোঁ। আমি বুজিলোঁ যে আমাৰ কপালত মানৰ ৰজাৰ বেটী-বান্দী হৈ থাকিবলগীয়া লিখন আছে। কি কৰিম, ইচ্ছা নাথাকিলেও আমি মানৰ দেশতে থাকিবলগীয়া হলোঁ। যি কি নহওক মানৰ ৰজাই আমাক তেওঁৰ ৰাজধানীৰপৰা প্ৰায় এদিনৰ বাটত, ইৰাৱতী নৈৰ পাৰত বসতি কৰি থাকিবলৈ আদেশ দিলে। আৰু গাইপতি হাল-গৰু আৰু জোখাৰে মাটি-বৃত্তি দি মান দেশতে ৰাখি থলে। আদেশ কৰিলে যে বছৰি আমাৰ গাঁৱৰ পৰা ৰজাঘৰত তিনিকুৰিজন মানুহে গাৰে খাটি দিব লাগিব। আৰু আমাৰ যাৰ ইচ্ছা মানৰ ছোৱালী বিয়া কৰাব পাৰিব। কিন্তু বিয়া কৰালে আমি আমাৰ হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্মত ভজিব লাগিব। খাব-লব পৰাকৈ এবছৰলৈ ৰজাঘৰৰ পৰা আমাক ধান-চাউলোঁ দিলে। ভামোৰ ওচৰত ইৰাৱতী নৈৰ পাৰত চাৰিওফালে মানৰ গাঁৱৰ মাজত এডোখৰ হাবি কাটি আমি বসতি কৰিলোঁ, আৰু ৰজাৰ আদেশ মতে বছৰি পাল পাতি খাটনিও কৰিবলৈ ধৰিলোঁ।

ভামো নগৰত আমাৰ ৰাজকুঁৱৰী হেমো আইদেওক থৈছিল। মানৰ মুখত হেনো 'হেমো' শব্দ 'ভামো' হৈছিল আৰু আইদেওৰ নাম অনুসৰিয়েই এইখানৰ 'ভামো' নগৰ নাম হৈছিল। আমি সেই ভামোতেহে খাটনি কৰিবলগীয়াত পৰিছিলোঁ। ৰজা বছৰি সেই ঠাইত আহি তিনি মাহ মানকৈ বসতি কৰিছিল। ডাঙৰীয়াজনে সুধিলে--"আতৈ! মানৰ দেশখননো কেনেকুৱা? তাৰ মানুহবিলাকনো কেনেকুৱা? আচাৰ-ৰীতিয়েই বা কেনেকুৱা?" আতৈ--"ডাঙৰীয়া, সেই বিলাক বিষয় কবলৈ গলে ভালেমান কথা হব। মুঠতে কওঁ মানৰ দেশখন ধুনীয়া। ৰজাৰ ঘৰবিলাকৰ টুপবিলাকত সোণৰ কলচি লগোৱা। প্ৰায় মানুহৰে ঘৰবিলাক কাঠৰ। সিহঁতৰ ধৰ্ম্ম-মন্দিৰবিলাক আমাৰ দৌলৰ দৰে জোঙা দেখিবলৈ ধুনীয়া, কিন্তু কাঠৰ। টুপবিলাকত সোণৰ কলচি, কাঠবিলাকত যে কি বিচিত্ৰ নক্সা-কটা তাক বৰ্ণাই অঁতাব নোৱাৰিল মান মানুহবিলাক সূতাৰৰ কামত বৰ পকা। মন্দিৰবিলাকত হালধীয়া কাপোৰ পিন্ধা ফিঙ্গু নামেৰে সিহঁতৰ গোসাঁই আৰু পুৰোহিতবিলাক থাকে। মানৰ তিৰোতাবিলাক তেজগোৰা বগা; দেখিবলৈ ধুনীয়া কেৱল অনেকৰে কি প্ৰায় সকলো বিলাকৰেই নাকবিলাকহে চেপেটা। সিহঁতে নানা বৰণৰ বিশেষকৈ হালধীয়া, ক'লা, ৰঙা, ৰেছমি কাপোৰৰ কুৰ্ত্তা পিন্ধি সুন্দৰ জাক্‌জমক্‌কৈ ফুৰে। সিহঁত স্বাধীন ভাবেৰে আপোন মনেৰে য'তে ইচ্ছা ত'তে ফুৰে। জীয়ৰীবিলাকে নাচি-বাগি গীত গাই ধেমালি কৰি ফুৰে। যাকে ভাল পায় তাতে বিয়া সোমায়। সিহঁতৰ গাওঁবিলাক পৰিষ্কাৰ। দোষৰ ভিতৰত সিহঁতে মুৰগী আৰু গাহৰি পোহে। গৰু, ম'হ, মদ, গাহৰি, মুৰগী, হাঁহ, পাৰ, শুকান মাছ সকলো খায়। আনকি ইন্দুৰ, নিগনি আৰু বাদুলিও খায়। মান দেশৰ মাটিও বৰ সাৰুৱা। পথাৰবিলাকত অলপ পৰিশ্ৰমতে অপ্লাৱিত ধান, সৰিয়হ আৰু নানা তৰহৰ খেতি হয়। নৈবিলাকৰ পানী বৰ নিৰ্ম্মল। ঠাই ঠাণ্ডা স্বাস্থ্যকৰ। মান দেশত যেন সদায় বসন্ত আৰু শৰৎ ঋতু বিদ্যমান।

==ত্ৰয়োদশ অধ্যায়== 
ডাঙৰীয়াজনে ক'লে,--"আতৈ! মোৰ বোধেৰে আপুনি নিশ্চয় মান-ছোৱালী দেখি ভোল গৈছিল; পিছত আপুনি জানো মান-ছোৱালী নাৰাখাছিল, কওকচোন সঁচা কথা!" আতৈয়ে হাঁহি হাঁহি উত্তৰ দিলে--"ডাঙৰীয়া! ধৈৰ্য্য ধৰক! মই কৈ নিবই ধৰিছোঁ নহয়। মই আপোনাক সকলো কথা অকপট চিত্তেৰে ক'ম।"

আইম এইদৰে বসতি কৰি থকাৰ দুবছৰৰ ভিতৰতে হেনো আকৌ অসংখ্য মান আমাৰ অসমলৈ আহি অসমখন ছাৰখাৰ কৰিলে। সেই বিষয়ে ডাঙৰীয়া মই বিশেষকৈ একো কব নোৱাৰোঁ। মাথোন শুনিছিলোঁ আনৰ উপদ্ৰৱত হেনো সেইবাৰ অসমীয়া মানুহ বৰকৈ জ্বলা-কলা হৈ আনকি অসম এৰি জাকে জাকে অসমীয়া মানুহে হেনো ত্ৰিপুৰা, জৈন্তিয়া, ময়মনসিং, মণিপুৰ, কাছাৰ, ভোটান, তিব্বত আদি ঠাইলৈকো পলাই গৈছিল। মানৰ উপদ্ৰৱত হেনো অসম শ্মশানত পৰিণত হৈছিল। সেই বিষয়ে মই মানৰ দেশৰ পৰা আহি যি দেখিছিলোঁ আৰু শুনিছিলোঁ তাৰে পৰা বঢ়িয়াকৈ বুজিছিলোঁ, মানে আমাৰ অসম দেশখনক কিৰূপে ধ্বংস কৰিছিল। আমি তাত থাকোঁতে থাকোঁতেই আমাৰ গাঁওখন আৰু আমাৰ ওচৰৰ ঠাইবিলাকো ধৰি নিয়া অসমীয়া মানুহেৰেই ভৰপূৰ হৈ উঠিছিল। আনকি তিনি চাৰিখন গাঁওও হৈছিল। আমাৰ অনেক অসমীয়া মানুহে হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্ম লৈ মানৰ ছোৱালী বিয়া কৰাই অসমীয়া গুচি মান হৈছিল। ইয়াৰ পৰা ধৰি নিয়া জীয়াৰী-বোৱাৰীৰ কেতবিলাক পাষণ্ড মানহঁতৰ ৰক্ষিতা হৈছিল, দুই-চাৰিজনী আমাৰ অসমীয়া মানুহেও বিয়া কৰাই ঘৰ-গিৰিস্থালি পাতিছিল। মোকো লগৰ লগৰীয়াবিলাকে অনেক সময়ত হয় মান ছোৱালীক নহয় অসমীয়াৰে এজনী বিয়া কৰাবলৈ বৰকৈ কৈছিল। মোৰ কিন্তু সেইবিলাক একোলৈকে ইচ্ছা নহ'ল। দিন যেতেকে বেছি হব ধৰিলে তেতেকে মোৰ নিজ দেশলৈ, জননী জন্মভূমিলৈ, মোৰ প্ৰথম যৌৱনৰ প্ৰেমময়ী ৰূপহীৰ মূৰ্ত্তিলৈ ধাউতি বেছি হবলৈ ধৰিলে। মই ৰূপহীক মোৰ নিজৰ জীউটোতকৈও বেছি ভাল পাইছিলোঁ। ৰূপহীৰ প্ৰেমময়ী সুন্দৰ ছবিখানি মোৰ হৃদয়ত ইমান দকৈ আছিল যে সেই মূৰ্ত্তিৰ ঠাই আন কোনো যুৱতীয়েই অধিকাৰ কৰিব নোৱাৰিছিল। মই অনেক সময়তে মানহঁতৰ সেই ধৰ্ম্ম মন্দিৰবিলাক চাই ফুৰিছিলোঁ। স্বচ্ছা সলিলা ইৰাৱতীৰ পাৰত বহি বহি নীৰৱে মোৰ দেশৰ নিমিত্তে, স্নেহময়ী প্ৰিয়তমা ৰূপহীৰ নিমিত্তে দুই এটোপা চকুৰ পানীও টুকিছিলোঁ, আৰু দীঘলৈ হা-হুমুনিয়াহ কাঢ়ি মনতে গাইছিলোঁ--

"মোৰ আশাও নৰ'ল--হেঁপাহো নগ'ল
সকলো ইচ্ছা মনতে ৰ'ল
নিয়তি চকৰি--এনেকই ঘূৰি
কৰি কিনো দুৰ্দ্দশা মোৰ
জনমৰ ভূমি--অসম জননী
ক'তনো মই আহিলোঁ এৰি
সোদৰ ভাতৃ--মৰমৰ পত্নী
কেতিয়া উলটি দেখিমে গই।"

ডাঙৰীয়া! মনতে এনেকুৱা বিধৰ গীত দুই এটি আবৃত্তি কৰি ছাটি-ফুটি কৰাত বাজে মোৰ আৰু কোনো উপায় নাছিল। অৱশ্যে এনেবিলাক নিৰস আৰু উদাসিনীয়া ভাবত তত নেপালে, শেহত সেই সৰুতে শৰণ লওঁতেই গুৰু ঈশ্বৰৰ পৰা আভাস পোৱা সেই কৃষ্ণৰ ৰূপ চিন্তি, "সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা, অক্ৰুৰে লৈয়া গল ৰথতে তুলি, গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি" এনেকুৱা ল'ৰাকালতে শিকা নাম-পদ গাই নিজৰ মনক প্ৰবোধ দিছিলোঁ। বাহিৰে লগ সমনীয়াৰ লগত ঠাট্টা ইয়াৰ্‌কি, এলেগে বন-বাৰী, খৈতি-বাতি কৰি কাল কটাইছিলোঁ। বিশেষকৈ বাঢ়ৈৰ কাম মই ভালকৈ শিকিছিলোঁ। ডাঙৰীয়া! প্ৰায় বাৰ বছৰ কাম মানৰ দেশতে মোৰ এইদৰে গ'ল। মোক বিয়া-বাউৰ নকৰোৱা দেখি লগৰীয়াবিলাকে অনেক সময়তে ৰূপহীৰ গোলাম, ৰূপহীত পগলা এনেকুৱা পেংলাই নামো দিছিল। কেৱে মোক "কেৱলীয়া আতৈ" বুলিও সম্বোধন কৰিছিল। মানহঁতৰ দুই-চাৰিজন বৌদ্ধ পুৰোহিতে মোক বিয়া-বাৰু নকৰোৱা দেখি সিহঁতৰ লগৰে ফিঙ্গুৱা হবলৈকো কৈছিল। মোৰ কিন্তু ডাঙৰীয়া! একোকে ভাল নালাগিছিল। মোৰ মন-প্ৰাণ সমস্ত জননী জন্মভূমি আৰু বাতৃ, ৰূপহী ইত্যাদিৰ চিন্তাত ডুবি আছিল।

==চতুৰ্দ্দশ অধ্যায়==
১৭৫০ শকত আমাৰ দেশ কোম্পানীয়ে লোৱাৰ পিছত বৰ্ম্মাৰ ৰজাই হেনো ইংৰাজ কোম্পানীৰ সৈতে কৰা সন্ধিত আমাৰ দেশৰ পৰা ধৰি নিয়া বন্দীবিলাকক বিশেষকৈ যিসকলে ইচ্ছা কৰে সেইসকলক আকৌ অসমত ওলোটাই থবলৈ বাধ্য হৈছিল। সেই সন্ধি অনুসৰি মান ৰাই আমাৰ গাঁৱলৈ ত্ৰিশজন ত্ৰিশজন ৰণুৱা পঠাই হুকুম শুনালে যে যাৰ ইচ্ছা হয়, সেইবিলাক বন্দী সেই মানহঁতৰ লগতে অসমলৈ উলটিব পাৰে। আমাৰ যিবিলাক অসমীয়া মানুহে তাতে ঘৰ-গিৰিস্থালি কৰিছিল সেইবিলাকো অসমলৈ উলটিব পাৰে। আমাৰ ডিমাপুৰৰ পৰা আঠ দিনমান হাবিৰ মাজে মাজে খোজ কাঢ়ি কাঢ়ি নাজিৰা পালোঁ। নাজিৰাৰ পৰা ৰংপুৰলৈ আহিলোঁ। বাৰ বছৰৰ মূৰত মাতৃভূমিলৈ আহি, আমাৰ মনত কিমান যে আশা, কিমান আনন্দ হৈছিল তাক কব নোৱাৰোঁ। দুই তিনিদিন হাত ভৰি ভাঙি মই আমাৰ গাঁৱলৈ আহিলোঁ। কিন্তু গাঁৱলৈ আহি যি দেখিলোঁ তাত মোৰ হৃদয় বিদীৰ্ণ হ'ল। আমি এৰি থৈ যোৱা ভৰপূৰ লাহন গাঁও অৰণ্যত পৰিণত। গাঁওখনত এটিও মানুহ নাই। ভঙা ঘৰ, ভঙা দুৱাৰ দুই চাৰিটা পৰি আছে। আগেয়ে যি ডোখৰ আমাৰ গাঁৱলীয়া হাবি আছিল তাত নকৈ গাঁও বহিছে। নৈৰাশ নিৰানন্দ মনেৰে সেই গাঁৱলৈ গলোঁ আৰু তাত মানুহ এঘৰত বহি সুধিলোঁ আগৰ লাহন গাঁওখননো কি হ'ল? মোৰ সেই প্ৰশ্নত সেই ঘৰৰ ঘাই মানুহজনে আচৰিত হৈ সুধিলে--"ককাই! তইনো ক'ৰপৰা আহিছ?" মই কলোঁ--"মই মান দেশৰ পৰা আহিছোঁ। মই অসমীয়া মানুহ, এই লাহন গাঁৱতে মোৰ ঘৰ আছিল, মোক যুঁজত মানে ধৰি নিছিল। মোৰ এই কথাত সেই নতুন গাঁৱৰ গোটেইবিলাক ল'ৰা-তিৰোতা, বুঢ়া-বুঢ়ী মোৰ ওচৰলৈ আহি মোক বেঢ়ি ধৰিলে, আৰু মইনো কেনেকৈ মানৰ দেশলৈ গৈছিলো, মানৰ দেশখননো কেনেকুৱা, তাত শুকুলা হাতী আছেনে ইত্যাদি নানা কথা সুধিলে। ময়ো নিজৰ দেশ পাই, নিজৰ অসমীয়া লগ পাই আঁতি-গুৰি মাৰি সকলোবিলাক কলোঁ। মোৰ কাহিনীত ল'ৰা-ছোৱালী আৰু তিৰোতাবিলাক, বিশেষকৈ গাভৰুবিলাক বৰ মোহিত হৈছিল। মই এইবিলাক কৈ উঠি সুধিলোঁ--"আমাৰ আগৰ গাঁওখননো কি হ'ল?" বুঢ়া-মেধা দুই-চাৰিজনে ক'লে--"ঔ বোপাই! সুধিলেনো কি হ'ব। মানৰ উপদ্ৰৱত কোন কেনি গ'ল, কাক ক'ত মানে কাটিলে, মাৰিলে, কাক ক'ত ধৰি বেটি-বন্দী কৰি নিলে, তাৰ ঠিক নাই। আমিও কোম্পানীৰ ৰাজ্য হোৱাতহে নানা ঠাইৰ পৰ আহি ইয়াত বসতি পাতিছোঁ। বোপাই! তয়ো ইয়াতে থাক। উদ্ধাৰ পৰাচিত হ। ধনবিত না্ যদি আম দহজন লগলাগি তোক বৰঙণি তুলি সহায় কৰি দিওঁ। উদ্ধাৰ পৰাচিত হৈ চাই-চিন্তি গাঁৱৰে এজনী ছোৱালী বিয়া কৰাই ইয়াতে থাক বোপাই!" মই সুধিলোঁ--"লাহন গাঁৱৰ এটাইবিলাক মানুহকে মানে কাটিলেনে?" সিহঁতৰ দুই এজনে ক'লে--"বোপাই! শুনিছোঁ প্ৰায় হেনো এটাইবিলাককে কাটিলে, কেতবোৰ ধৰি বেটী-বন্দী কৰি নিলে, অলপ কিছুমান সব মতা-মাইকী হেনো পলাই গ'ল। আউৰ দুই-চাৰিজন মানুহ হেনো আজি-কালি বোকাখাটত আছেগৈ। সিহঁতৰ এইবিলাক কথা শুনি মোৰ মনত নৈৰাশ ডাৱৰে ঢাকিলে। মোৰ মনত খেলিছিল "হায়! মই মান যুঁজত নমৰিলো কেলেই। নমৰিলোঁ নমৰিলোঁ মান দেশৰ পৰা উলটি আহিলো কেলেই--মোৰ ৰূপহীনো ক'লৈ গ'ল। আইহঁতৰনো কি হ'ল। গাঁৱৰ মানুহৰ নো কাৰ কি দুৰ্গতি হ'ল। ভাৱনা-চিন্তাই মোক দুখআৰু শোকসাগৰত পেলালে। গৃহস্থজনে সেই নিশা আতৌ-পুতৌ কৰি খাব শুবলৈ দিলে। অৱশ্যে এইটোও নকৈ নোৱাৰোঁ ডাঙৰীয়া! যে ইমান আদৰ-সাদৰ কৰাৰ পিছতো মোক ভাতগাল হলে মই মানৰ দেশত থাকি মেলেছ হোৱা বাবে বাহিৰতেহে খাবলৈ দিলে। যদিও বাহিৰত খাবলৈ দিলে, তথাপি ডাঙৰীয়া! মই সেই মানুহ ঘৰৰ আদৰ-সাদৰ আইলৈকে পাহৰিব নোৱাৰোঁ।

==পঞ্চদশ অধ্যায়==
ৰাতি চাৰি ডাঁৰ সেই গিৰিহঁতৰ ঘৰতে কটালোঁ। ওৰে নিশা মোৰ টোপনি নাহিল। ছাটি-ফুটি কৰোঁতে গ'ল। নান ভাবে, নান চিন্তাই শৈশৱ আৰু কৈশোৰৰ অনেক পুৰণি কথাই মোৰ মন বিয়াকুল কৰিলে। দেশৰ অৰ্থে যুঁজি মানৰ হাতত বন্দী হৈ, ঘৰ-দুৱাৰ, ভাই-ককাই, তিৰোতা সকলোৰে বঞ্চিত হৈ মানৰ দেশত বাৰ-তেৰ বছৰ কাল কটাই বৰ হেঁপাহেৰে স্বদেশলৈ উলটিছিলো। কিন্তু স্বদেশত আহি পালো কি? আত্মীয়স্বজন সকলোটি নিৰুদ্দেশ, মোৰ জন্ম হোৱা গাঁওখনি শ্মশান আৰু অৰণ্যত পৰিণত। ইফালে মই মানৰ দেশত থকা বাবেই মই জাইত ভ্ৰষ্ট মেলেছ! যলৈকে যাওঁ ততে লেই লেই ছেই ছেইত বাজে ভাল সমাদৰ নাই। জানিলোঁ মোৰ জাতূলত উঠিবলৈকো টান হ'ল, যিহেতু মোৰ হাতত ধন-বিত নাই। মোক সহায় কৰিবলৈকো ভাই-ককাই সোদৰহঁত নিৰুদ্দেশ, ৰূপহীওনো ক'ত? তাইৰনো কি হ'ল! বাৰু এবাৰ চাই লওঁ। যদি ভাইহঁত জীয়াই আছে তেন্তে সিহঁতৰ সহায়তে জাতকুললৈ উঠিবও পাৰিম। আৰু যদি ৰূপহী জীয়াই আছে আৰু মোলৈ মৰম এৰা নাই; তেন্তে কি জানি সুখীও হব পাৰিম। বাৰু ঈশ্বৰে কি কৰে দেখা যাওক। এইদৰে ভাবি থাকোঁতে থাকোঁতে পুঁৱতী নিশা অলপ টোপনি আহিছিল। সেই টোপনি বা তন্দ্ৰাতে ডাঙৰীয়া! সমাজিক এটা দেখিবলৈ পাইছিলোঁ। সেই সমাজিকত আই আৰু মাহী উভয়ে আহি মোক দেখা দিছে। দুইৰো মন যেন নিৰাশ। মই কথা সুধিব খোজোতেই দুয়ো অন্তৰ্দ্ধান হ'ল। সাৰ পালোঁ; মনটো চিৰিং কৰি উঠিল। আইৰ লগত মাহীকো দেখাৰ অৰ্থ কি? মাহীও কি এই সংসাৰত নাই? ভাইহঁত আৰু ৰূপহী জীয়াই আছেনে? যদি ৰূপহী জীয়াই আছে তেন্তে তাইনো ইমান দিনে আন ক'তো বিয়াত নোসোমোৱাকৈ নিৰাশ্ৰয়ে মাহীৰ আৰ্হিৰেই আছেনে? যদি মাহীৰ নিচিনাকৈ ব্ৰত ধৰি আছে তেন্তে তাইক আকৌ নিশ্চয় পাম। যদি তাই মৰিছে অথবা আন কাৰবাত বহিছে তেনেহলেনো মোৰ আৰু দুনাই সেই পূৰ্ব্ব সুখ ক'ত হব? তাই যদি জীয়াই থাকি আন কোনোবাত বহিছে তেন্তে নিশ্চয় সুখী হৈছে। এতিয়া মই যদি তাইক চিনাকি দিওঁ তাইৰ জীৱনটো অসুখী নহবনে? ইত্যাদি নানা ভাৱনা হৈছিল। শেষত মন স্থিৰ কৰিলোঁ যে যেনেহলেও এবাৰ অচিনাকি বেশ ধৰি সিহঁতক বিচাৰি চাওঁ। মই যেতিয়া যুঁজত বন্দী হৈ মানৰ দেশলৈ যাওঁ তেতিয়া মই কেচেলীয়া ডেকা; এতিয়া মই প্ৰায় একুৰি পোন্ধৰ বছৰ বয়সীয়া। মুখত ডাঢ়ি-গোঁফে ভৰা; সেইদেখি অচিনাকি বা ছদ্মবেশ এটা লবলৈ মোৰ টান নহব। এই ভাবি পিছদিনা শুই উঠি সেই গৃহস্থৰ ঘৰতে আকৌ চাইটা ভাত খাই আৰু লগত অনা ৰূপ এটকা গিৰিহঁতক দি এখান গামোচা আৰু এখান ছকঠিয়া লৈ তেওঁলোকত বিদায় মাগি এটি উদাসীন ভকতৰ বেশ ধৰি যোৰহাট, গোলাঘাটৰ ফাললৈ খোজ ললোঁ। দিনৰ দিনটো খোজ কাঢ়ো, গধূলি ঝ'লে য'তে ত'তে এঘৰ গৃহস্থৰ ঘৰ চাপোঁ, উদাসীন ভকত বুলি চিনাকি দিওঁ। গিৰিহঁতে মৰম কৰি খাবলৈ জা-জলপানেৰে হওক বা টৌ-খুটি মাৰি খাবলৈ চাউল-পাতকে দিয়ে। নিজে কাৰবাৰ কৰি এমুঠি খাই পৰি থাকোঁ। কোনো কোনো ঠাইত দুই এঘৰ গৃহস্থে শোধ-পোছো নকৰিছিল। লঘোণে-ভোকে গিৰিহঁতৰ ভঁড়ালৰ আগতে হওক বা বাহিৰা ঘৰতেই হওক নিশাটো পৰি থাকোঁ আৰু পুৱা হলেই আকৌ খোজ লওঁ। এইদৰে চৈধ্য পোন্ধৰ দিনে বোকাখাট পালোঁগৈ।

==ষোড়শ অধ্যায়==
বোকাখাট পাই ওচৰৰ গাঁৱৰ মানুহৰ পৰা জানিলোঁ তাত ন-ভঙনীয়া নামে এটা চুবুৰী আছে। সেই চুবুৰীৰ মানুহবিলাক হেনো মানভঙনিত উজনিৰ ৰংপুৰৰপৰা পলাই অহাল এই কথা শুনি মোৰ মনত আশা নিৰাশা উভয় ভাবেই খেলিব ধৰিলে। মনত থিৰাং কৰিলোঁ যে সেই গাঁৱত গৈ বাস নকৰোঁ। আগেয়ে ওচৰৰ যুগী গাঁওখনত থাকি নভঙনীয়া গাঁৱৰ মানুহ-দুনুহবিলাকৰ ইতিবৃত্ত বুজি লওঁ। এই ভাবি মই যুগী গাঁৱলৈ গৈ ভকত বুলি চিনাকি দি মানুহ এঘৰত আশ্ৰয় ললোঁ। মইনো কোন, ক'ৰ পৰা গৈছিলোঁ, এই কথা কাকো ক'তো খুলি নকলোঁ। মুঠতে চিনাকি দিলোঁ যে মই ৰংপুৰৰ মানুহ, এতিয়া ৺ দক্ষিণপাট সত্ৰৰ এজন উদাসীন ভকত।

যুগীগাঁৱৰ প্ৰায় চাৰিকুৰি বছৰীয়া বুঢ়া মানুহ এজনৰপৰা নভঙনীয়া গাঁৱৰ মানুহবিলাকৰ বিষয়ে এইৰূপে শুনিলোঁ--"আতৈ! আমিও আগৰে ৰংপুৰৰে মানুহ। মানভঙনিত পলাই আহি ইয়াত ঠাই লৈছোঁ। আমাৰ অসমলৈ মান তিনিবাৰ আহে। প্ৰথম দুবাৰত সিহঁতে আমাৰ ৰজাৰ পৰা কৰ-কাঁটল লোৱা আৰু যুঁজত ঘটা ৰণুৱাবিলাকক বন্দী কৰি নিয়াত বাদে সাধাৰণ প্ৰজাৰ ওপৰত বিশেষ একো অত্যচাৰ কৰা নাছিল। কিন্তু সিহঁতে তৃত্বীয় বাৰ অসম আক্ৰমণ কৰোঁতে যিহে উপদ্ৰৱ কৰিলে সেই কথা মনত পৰিলে এতিয়াও গাৰ নোম শিঁয়ৰি উঠে। সিহঁতে কিমান মানুহ, ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী যে মাৰিলে তাৰ লেখ-জোখ নাই। মাকৰ বুকুৰ পৰা কেচুৱা ল'ৰা টানি আজুৰি ওপৰলৈ ঢোপ মাৰি দি তলত তৰোৱাল পাতি কাটিলে। গিৰীয়েকৰ আগত ঘৈণীয়েকৰ জাতি ভ্ৰষ্ট কৰিলে, বুঢ়া-বুঢ়ী বিলাকক হালে হালে সাঙুৰি কাটিলে, ঠায়ে ঠায়ে গাঁওবিলাকত জুই লগাই দি আগেয়ে মানুহক ঘৰৰ ভিতৰত ৰাখি বাহিৰে দুৱাৰ বান্ধি লৈ ঘৰত জুই দি মানুহ পুৰি মাৰিলে। কাকো কাক তৰোৱালেৰে পেট ফালি মাৰিলে। সিহঁতৰ পৈশাচিক অত্যাচাৰ সহিব নোৱাৰি অসমীয়া মানুহ জাকে জাকে কোন কেনি পলাল ঠিক নাই। গাঁও এৰি অসমীয়া মানুহে হাবি-বননি, কচুৱনি, পিটনি এইবিলাকত আশ্ৰয় ললে। আমিও সেইখান ভঙানিতে ওপজা ঠাই এৰি এইখিনি পালোঁহি। মই সুধিলোঁ--"ককাই, তুমি লাহন গাঁৱৰ জনাৰ্দ্দন মেধিক জানানে?" বুঢ়াই ক'লে--"এ বোপাই! জানোতো। তেওঁৰ ঘৰ আমাৰ ওচৰতে আছিল। তেওঁ ধনে-ধানেও চহকী আছিল।" মই সুধিলোঁ--"ককাই! তেওঁৰ ল'ৰা-ছোৱালী, বোৱাৰী ইত্যাদিৰ কি অৱস্থা হ'ল ক'ব পাৰেনে?" বুঢ়াই ক'লে--"এ বোপাই! ক'লে কি হ'ব। বৰ দুখ লাগে। তেওঁৰ বৰ ল'ৰাটো মানৰ দ্বিতীয়বাৰৰ যুঁজলৈ গৈছিল। সেই যুঁজত সি মৰিলেই নে নামে তাক বন্দী কৰি ধৰিয়েই নিলে একো কব নোৱাৰোঁ। মানহঁত উলটো যোৱাৰ ছমাহমানৰ মূৰতে তাৰ মাহীয়েক ঢুকাল।" বুঢ়াই এই কথাবোৰ কোৱা মাত্ৰই মোৰ চকুৰে দুধাৰ লো ব'লে। মোক শোকে খুন্দা মাৰি ধৰিলে। বুঢ়াই মোৰ অৱস্থা দেখি সুধিলে--"আতৈ, তুমি দেখোন এই কথাষাৰত শোকাকুল হ'লা। নিৰ্ম্মলৰ মাহীয়েক তোমাৰ কিবা লাগে নেকি?" মই দেখিলোঁ যে মই ধৰা পৰিলোঁ। বুঢ়াক কলোঁ--"মই বাৰু পিছত ক'ম। মোক অনুগ্ৰহ কৰি নিৰ্ম্মলৰ ভায়েক আৰু ঘৈণীয়েকৰ কি হ'ল তাকো সবিশেষ কোৱা।" বুঢ়াই দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি ক'লে--"আতৈ! দ্বিতীয় বাৰ মানৰ আক্ৰমণৰ পিচত নিৰ্ম্মলৰ ভায়েক এটা আছিল। তৃত্বীয়বাৰ মানৰ যুঁজত সিও ৰজা ঘৰৰ ফলীয়া হৈ যুঁজলৈ গৈছিল, সেই যুঁজতে সি মৰিল।" বুঢ়াজনে এইবাৰ কথা কোৱা মাত্ৰেই মোৰ ফেকুৰি ফেকুৰি কান্দোন ওলাল। বুঢ়াই বুজিলে মই কোন। তেওঁ ক'লে--"বোপা নেকান্দিবি। সকলো ঈশ্বৰৰ ইচ্ছা। তয়ে নিৰ্ম্মল নহৱনে?" কলোঁ--"ককাই! তোমাক আৰু লুকাবৰ সকাম নাই। কিন্তু মই কাবৌটি কৰিছোঁ মোৰ বিষয়ে যেন কাকো নোকোৱা। মোক যেন কাৰো আগতে চিনাকি নিদিয়া।" বুঢ়াই মোক সাৱট মাৰি ধৰি চকুৰ লো টুকি ক'লে--"বাৰু বোপা। মই শপত খালোঁ তোৰ বিষয়ে কাকো নকওঁ। তোৰ পিতাৰ আমাৰ ওচৰতে মেধি আছিল। ময়ো ৺ দক্ষিণপাট সত্ৰৰে সেৱক। তোৰ আঁতি-গুৰি বৃত্তান্ত কচোন। মই ক'লোঁ--"ককাই! সমস্ত কম। কিন্তু এতিয়া মোক আৰু শেষ কথা এষাৰ কওক। ৰূপহী জীয়াই আছেনে?" বুঢ়াই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে--"বোপা তই দেখিছোঁ তই বৰ দুৰ্ভগীয়া। ৰূপহীৰ বিষয়ে ক'লে তই জানো থিৰেৰে থাকিব পাৰিবি?" মই ক'লোঁ--"ককাই! নিয়ঁতিৰ চকৰিত ঘূৰি পকি যথেষ্ট টান হৈছোঁ; ভাইহঁত গ'ল। আই বোপাই গ'ল। মাহীও গ'ল। তথাপি এই জীউটো আছে। এতিয়া ৰূপহীৰ বিষয়ে কওক।" বুঢ়াই ক'লে--"বোপা! তেনেহলে অথিৰ নহবি, মই কওঁ শুন। তাই আমাৰ সহায়ত আৰু বিশেষকৈ অনিৰামৰ যত্নত কচুৰ তলত পলাই, হাবিৰ মাজত সোমাই ৰক্ষা পৰিল। আমি যি দুই চাৰিটা জীয়াই আছোঁ সিও কেৱল হাবিৰ মাজত, কচুৰ তলত, ইকৰাণিৰ মাজত সোমাইহে ৰক্ষা পৰিলোঁ। কত ঠাইত যে পালোঁ তাক কি ক'ম। তোৰ ঘৈণীয়েৰে এতিয়া জীয়াই আছে। তাই আঠ দহ বছৰ আমালোকৰ ঘৰে-দুৱাৰেই থাকি ৰুই দাই খাইছিল। তাই, তই কিজানি জীয়াই আছ, কিজানি কেতিয়াবা ওলাবিহি, এই ভাবি আঠ দহ বছৰ ডেকা গা বুঢ়া কৰিও ৰাখিছিল। কিন্তু অনিৰামেও তাৰ সেই সৰুকালৰ ওমলা লগৰী ৰূপহীৰ মৰমতে হেনো বিয়া-বাৰু নকৰাই ৰূপহীৰ চিন্তাতে ভোল গৈ আছিল। সি সুবিধা পালেই সততে ৰূপহীক সহায় কৰিবলৈ, তাইৰ নিমিত্তে জীউটোকো দিবলৈ উদ্যত আছিল। আন কি অনেক সময়তে তাইক ৰোৱা-দোৱা ইত্যাদি কামত সহায় কৰি ফুৰিছিল। ৰূপহীয়ে বাট চাই চাই যেতিয়া বাৰ বছৰ কাল কটালে, তাইৰ খোৱা-লোৱাত আৰু সদায় পৰৰ ঘৰত থকাত দুখ হবলৈ ধৰিলে আৰু ইফালে অনিৰামেও তাইৰ চেনেহতে আনক বিয়াও নকৰায়। তেতিয়া আমি আটাইবিলাক গিৰিগঞায়ে লগ লাগি তাইক বুজাই বৰাই অনিৰামত বিয়া দিলোঁ। এতিয়া তাইয়ে অনিৰামে সুকীয়াকৈ ঘৰ-দুৱাৰ সাজি, খেতি-বাতি কৰি সুখেৰে খাই আছে। অনিৰামৰ ফালৰ তাইৰ এটি ল'ৰাও হৈছে।"

ডাঙৰীয়া! মোৰ দুখৰ মাত্ৰা ভৰপূৰ হ'ল। বুজক, আই, ভাই, মাহী সকলোটি গ'ল। ৰূপহীয়ো অনিৰামত তিৰোতা হ'ল। মই সেইদিনৰ দিনটো মূৰ্চ্ছিত হৈ পৰি আছিলোঁ। বুঢ়াই মোক নানা প্ৰকাৰৰ সেৱা-শুশ্ৰুষা কৰাতহে গধূলি সময়ত মোৰ জ্ঞান আহিল। বুঢ়াই আৰু মোক নিজৰ থকা ঠাইলৈ যাবলৈ তেওঁৰ মাৰল ঘৰতে ৰাখিলে। নানা সেৱা-শুশ্ৰুষা কৰি বঢ়াই বুজাই খুৱালে। ওৰে নিশাটো মোক বুজনি দিলে, পৰমাৰ্থৰ কথা ক'লে। ইয়াকো ক'লে--"বোপাই! মই নিজে খৰছ ভগন কৰি তোক জাতত তুলিম। ময়ে তোক আকৌ নকৈ এজনী ছোৱালীও বিয়া কৰাই দিম। তই দুখ নকৰিবি বোপা!" মোৰ হৃদয়ত যি ভাব খেলিছিল তাক কব নোৱাৰোঁ। সংসাৰখান মোলৈ অশান্তিৰ ঠাই যেন হ'ল। মনত হ'ল ক'তনো সেই শান্তি পাম। ক'তনো এফেৰি জুৰণি পাম। এইদৰে ভাবোঁতে ভাবোঁতে মোৰ সৰু কালৰ অণিৰাম আৰু ৰূপহীৰ সৈতে কৰা কথাবিলাক মনত পৰিছিল! ৰূপহীয়ে যে কৈছিল--"অনিৰাম! আজিৰ ধেমালিত মোক নিৰ্ম্মলেই বিয়া কৰাওক দে। বাৰু কাইলৈ আকৌ তোত বিয়া সোমাম"--এই কথাষাৰলৈ বিশেষকৈ মনত পৰিল। তাৰ লগে লগে মোৰ সত্ৰৰ ঈশ্বৰ প্ৰভুৱে যে তাহানিৰ দেউতাৰ লগত যাওঁতে মোক সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই কলোঁ "হ'মতো।" তেতিয়া প্ৰভুৱে কৈছিল--"বাৰু এতিয়া নেলাগে পিচত হবি" এই মহাবাক্যশাৰীলেকো মনত পৰিল। যদিও মানৰ দেশত ১৪ বছৰ কাল কটাইছিলোঁ তথাপি আমাৰ মহাপুৰুষ গুৰুৱে পাপী-তাপীৰ নিমিত্তে লেখি থৈ যোৱা পদবিলাকলৈকো মনত পৰিল। হৃদয়ৰ তলি ভেদি গীত উঠিল--

ক্ষুদ্ৰ সুখে বহু আশা কৰি ভবকূপে
জীৱ আছে পৰি
কালসৰ্পে দংশি হৰিল চেতন তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত কৃপায়ে
সিঞ্চিয়া প্ৰতিনিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।।
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে
আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুবৰ্ণৰ পদ্মধাৰী, বোলে দুঃখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।

তাহানিখন দেউতাই প্ৰসঙ্গ কৰাত গোৱা এই নাম কেইফাঁকিও মনলৈ আহিছিলঃ-

"জয় যুদপতি কৃপাময় কৃপাময় কৰি
তুমি মোৰ নিজ বন্ধু
তযু অংশ হুয়া তোমাক পাসৰি
লভিলোহো ভৱসিন্দু
যশোদা নন্দন কৈষ্ণদেৱ প্ৰাণ কৃষ্ণদেৱ
তুমি মোৰ গতি মতি
ভকত বৎসল নাম ধৰি আছা
নেৰিবা মোক সম্প্ৰতি"

ডাঙৰীয়া! এই মহাশোকৰ কালত চকুৰ লো ধাৰাসাৰে বোৱাই শান্তি বিচাৰোঁতে সৰু কালত শিকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে--"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালৌঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ--"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।"


[[Category: অসমীয়া]]
[[Category:উপন্যাস]]