Difference between revisions 336499 and 336500 on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full)ে তেতেকে মোৰ নিজ দেশলৈ, জননী জন্মভূমিলৈ, মোৰ প্ৰথম যৌৱনৰ প্ৰেমময়ী ৰূপহীৰ মূৰ্ত্তিলৈ ধাউতি বেছি হবলৈ ধৰিলে। মই ৰূপহীক মোৰ নিজৰ জীউটোতকৈও বেছি ভাল পাইছিলোঁ। ৰূপহীৰ প্ৰেমময়ী সুন্দৰ ছবিখানি মোৰ হৃদয়ত ইমান দকৈ আছিল যে সেই মূৰ্ত্তিৰ ঠাই আন কোনো যুৱতীয়েই অধিকাৰ কৰিব নোৱাৰিছিল। মই অনেক সময়তে মানহঁতৰ সেই ধৰ্ম্ম মন্দিৰবিলাক চাই ফুৰিছিলোঁ। স্বচ্ছা সলিলা ইৰাৱতীৰ পাৰত বহি বহি নীৰৱে মোৰ দেশৰ নিমিত্তে, স্নেহময়ী প্ৰিয়তমা ৰূপহীৰ নিমিত্তে দুই এটোপা চকুৰ পানীও টুকিছিলোঁ, আৰু দীঘলৈ হা-হুমুনিয়াহ কাঢ়ি মনতে গাইছিলোঁ--


::"মোৰ আশাও নৰ'ল--হেঁপাহো নগ'ল
:::সকলো ইচ্ছা মনতে ৰ'ল
::নিয়তি চকৰি--এনেকই ঘূৰি
:::কৰি কিনো দুৰ্দ্দশা মোৰ
::জনমৰ ভূমি--অসম জননী
:::ক'তনো মই আহিলোঁ এৰি
::সোদৰ ভাতৃ--মৰমৰ পত্নী
:::কেতিয়া উলটি দেখিমে গই।"

ডাঙৰীয়া! মনতে এনেকুৱা বিধৰ গীত দুই এটি আবৃত্তি কৰি ছাটি-ফুটি কৰাত বাজে মোৰ আৰু কোনো উপায় নাছিল। অৱশ্যে এনেবিলাক নিৰস আৰু উদাসিনীয়া ভাবত তত নেপালে, শেহত সেই সৰুতে শৰণ লওঁতেই গুৰু ঈশ্বৰৰ পৰা আভাস পোৱা সেই কৃষ্ণৰ ৰূপ চিন্তি, "সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা, অক্ৰুৰে লৈয়া গল ৰথতে তুলি, গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি" এনেকুৱা ল'ৰাকালতে শিকা নাম-পদ গাই নিজৰ মনক প্ৰবোধ দিছিলোঁ। বাহিৰে লগ সমনীয়াৰ লগত ঠাট্টা ইয়াৰ্‌কি, এলেগে বন-বাৰী, খৈতি-বাতি কৰি কাল কটাইছিলোঁ। বিশেষ(contracted; show full)িকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে--"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালৌঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ--"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।"


[[Category: অসমীয়া]]
[[Category:উপন্যাস]]