Difference between revisions 336500 and 336546 on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full) ধাৰাসাৰে বোৱাই শান্তি বিচাৰোঁতে সৰু কালত শিকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে--"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালৌঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ--"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।"


==সপ্তদশ অধ্যায়==
ৰাতিপুৱা ঢাৰিপাটীৰ পৰা উঠি মুখ-হাত ধুই গা-পা ধুই বেলি এপৰ মানতে ভাত চাইটা খাই গাঁৱৰ মানুহ এগৰাকীৰ পৰা খঞ্জুৰি এটা খুজি লই হাতত বাঁহৰ লাখুটি এডাল লৈ, মূৰত গামোছাখনেৰে পাগুৰি এটা মাৰি আৰু কান্ধত জোলোঙা এটা লৈ ৰূপহীহঁতৰ গাঁৱলৈ গলোঁ, আৰু পোন প্ৰথমতে ইঘৰ সিঘৰত খঞ্জুৰি বজাই অলপ অচৰপ চাউল পাত লৈ ৰূপহীহঁতৰ চোতালত গৈ ওলালোঁ আৰু "গুৰু মৰ পৰম ধন" বুলি লাখুটিডাল পাৰি লৈ খঞ্জুৰিত চাপৰ মাৰি মাৰি গাবলৈ ধৰিলোঁ--
::অ' গুৰু! মোকে দয়া নছাৰিবা এ
::মই বৰ পাতকীৰ পাপী, গুৰু চৰণে ৰাখিবা
::অ' গুৰ! ইকুল নহলো সিকুল নহলো
::মাজ সাগৰত পৰি জাঁজি হৈয়া ৰৈলো
::জাঁজি হৈয়া ৰৈলো, গুৰু মাণিকৰ আশে
::সাগৰ শুকাল মাণিল লুকাল মোৰে কৰ্ম্মদোষে

খঞ্জুৰিত চাপৰ মাৰি গীত আৰম্ভ কৰা মাত্ৰকে ভিতৰৰ পৰা এটি তিনি বছৰীয়া বয়সৰ ল'ৰা ওলাই আহিল। ল'ৰাটি হৃষ্ট-পুষ্ট, দেখিবলৈকো চিকুণ। তাৰ চেহেৰাতে বুজিলোঁ, এইটিয়েই অনিৰামৰ ঔৰষে ৰূপহীৰ গৰ্ভত হোৱা ল'ৰা। মনত এনেকুৱা ইচ্ছা হৈছিল যে ল'ৰাটিক ধৰি মৰম কৰোঁ, চুমা এটা খাওঁ, কিন্তু ধৈৰ্য্য ধৰিলোঁ, মনক বান্ধিলোঁ, চৌবিশ পঁচিশ বছৰ বয়সৰে পৰা নিয়তিৰ কঠোৰ চকৰিত পৰি মনক দমাবলৈ শিকিছিলোঁ। এই গীতটো গোৱা শেষ হ'লত মোৰ তাহানিখনৰ ওমলাৰ লগৰীয়া অনিৰাম আগত ওলালহি। অনিৰামে সুধিলে--"আতৈ! আপুনি ক'ৰ পৰা আহিছে?" মই কলোঁ--"মই মগনীয়া মানুহ। মোৰ আগৰ ঘৰ ৰংপুৰত।" অনিৰামে আকৌ সুধিলে--"আতৈ! আপোনাৰনো কোন কোন আছে?" মই কলোঁ--"মোৰ কোনো নাই। মই উদাসীন। সৰুতে আই বোপাই মৰিল। মই বৰ দুখীয়া, হতভগীয়া, সেইদেখি খুজি খাই ফুৰোঁ।" অনিৰামে আৰু কথা-বতৰা পাতো পাতো কৰোঁতেই মই ক'লোঁ--"আৰু এটি গীত গামনে?" অনিৰামে ক'লে--"গাওক, গাওক আতৈ! আপোনাৰ গীত বৰ শুৱলা আৰু মিঠা বোধ হৈছে।"

মই ধৰিলোঁ--
::::ৰাগ আশোৱাৰি
::"ভয়ো ভাই সাবধান-যাবে নাহি চুতে প্ৰাণ
::যাদৱৰ কৰো ধ্যান-নিকটে মিলয় জান।"
::::পদ
::"জীৱন যৌৱন ধন সবে মাত্ৰ অকাৰণ
::মিছা মৰীচিকা মায়া জলবিম্ব সবে প্ৰায়
::তেজু সব অভিলাষ-দূৰ কৰ মোহ পাশ
::হৰিপদে কৰা আশ-কহয় যাদৱ দাস"

মোৰ এই গীত গোৱা হ'ল মাথোন এনেতে ৰূপহীও ভিতৰৰ পৰা ওলাই আহি মোৰ ফালে একেথৰে চাই শেহত সুধিলে--"আতৈ! আপুনি ক'ৰ পৰা আহিছে?" মই ধৈৰ্য্য ধৰি কলোঁ--"মই আগৰ ৰংপুৰৰ মানুহ। সৰুতে আই বোপাই মৰিল। মোৰ এই সংসাৰত কেৱে নাই। মই দক্ষিণপাটৰ সেৱক। মই এইদৰেই খুজি মাগি খাই ফুৰোঁ। য'তে ৰাতি হয় ত'তে থাকোঁ। মোৰ ঘৰ-দুৱাৰ নাই।" ৰূপহীয়ে সুধিলে--"আতৈ! আপুনি সৰুৰে পৰা উদাসীননে? আপুনি বিয়া-বাৰু কৰোৱা নাছিলনে?" মই ক'লোঁ--"সেইবিলাক মোক নোসোধাই ভাল। আৰু এটি গীত গাই উঠিবহে খোজোঁ। আৰু দহঘৰ ফুৰিলেহে আমাৰ নিচিনা দুখীয়া মগনীয়া মানুহৰ পেটৰ ভাত মিলিব।" এই বুলি কৈয়েই আকৌ খঞ্জুৰিত চাপৰ মাৰি গালোঁঃ--

::"মন-কৰা হৰি নাম গান।
::স্মৰা দয়াল হৰি পতিত পাবন।
::গোৱা-পতিত তাৰক নাম হৰে জনাৰ্দ্দন
::মিছা আশা মিছা ইচ্ছা মিছা ই সংসাৰ
::মিছাতে পৰি আছোঁ আমি চৰাচৰ
::মিছা ঘৰ মিছা দ্বাৰ মিছাই জীৱন
::মায়া মোহে পৰি আমি হৰাইলোঁ চেতন।।
::দিন যায় ৰাতি যায় মাস ঋতু
::ভব তৰিবাৰে আনি নাবান্ধিলোঁ সেতু।
::কৃষ্ণনাম মহাধন নাজানিলোঁ আমি
::অমুল্য মানৱী জন্ম মিছাই হৈল হানি।।

গীত গোৱা হ'ল। ৰূপহীয়ে দেখোন দীঘলকৈ হুমুনিয়া এটা মাৰি ক'লে--"কেৱে কিছু নাই দেখিহে দেহি ঐ এইদৰে ফুৰিছা, আতৈ?"

মই কলোঁ--"হয়! এতিয়া বিদায়হে মাগোঁ" এইবুলি একেচাবে উঠিলোঁ। ৰূপহীয়ে "ৰ'ব ৰ'ব আতৈ! মই এফেৰা যি হয় দিওঁ" বুলি কৈ ভিতৰলৈ গৈ দুকঠামান চাউল আনি দিলে। অলপ পইচাও দিলে। মই চাউল দুকঠা জোলোঙাত সুমাই লৈ দুয়ো হাত তুলি ৰূপহী আৰু সিহঁতৰ ল'ৰাটিক আশীৰ্ব্বাদ দি উলটিলোঁ। ডাঙৰীয়া! বহালৈ অৰ্থাৎ থকা ঠাইলৈ আহি ওৰে গধূলি পৰটো চকুৰে ধাৰাসাৰ লো বোৱালোঁ। ওৰে নিশা ঢাৰিপাটিত ছাতি-ফুটি কৰিলোঁ। পুৱাই কাকো একো নোকোৱাকৈয়ে বোকাখাট এৰি ডেৰগাঁৱৰ ফাললৈ খোজ ললোঁ। সুখৰ বিষয় যে মোক ৰূপহী আৰু অনিৰামে নিচিনিলে। নিচিনিবৰে কথা। যেতিয়া মই সিহঁতক এৰি যাওঁ তেতিয়া মই পঁচিশ বছৰীয়া ডেকা। এতিয়া মই প্ৰায় চল্লিশ বছৰীয়া আদহীয়া। তেতিয়া মোৰ মুঠেই গোফ ঠুটিয়াইছিল, এতিয়া মোৰ মুখ ডাঢ়ি-গোফে ভৰা। ্য়াৰ উপৰিও সিহঁতে সপোনতো ভবা নাছিল যে মই জীয়াই আছো আৰু মানৰ দেশৰ পৰা উলটি আহিছোঁ। যি কি নহওক ডাঙৰীয়া! ৺যাদৱৰায়ে মোক এইটো বৰ ডাঙৰ পৰীক্ষাত উদ্ধাৰ কৰিলে।

==অষ্টাদশ অধ্যায়==
কেলেইনো কান্দিলো, কেলেইনো নিশা টোপনি নাহিল, সেইবিলাক, ডাঙৰীবা! আপুনি বুজিবই পাৰিছে। ডেৰগাঁৱৰ ফাললৈ কেলেই আহিলোঁ কওঁ শুনক। আজি পন্ধৰ বছৰৰ মূৰত মোৰ প্ৰথম যৌৱনৰ প্ৰণয়িনী, বিবাহিতা তিৰোতা ৰূপহীক, মোৰ পুৰণি কথাবোৰ, সোপায়ে মনত পৰিল। কেনেকৈ সৰুতে উমলিছিলোঁ, কেনেকৈ ৰূপহীৰ সৈতে খেলৰ ধেমালিতে বিয়া পাতিছিলোঁ, পিচত কেনেকৈ তাইক ভাল পাই পলুৱাই নিছিলোঁ, মাহীয়ে কিদৰে আমাক মৰম কৰিছিল, কিদৰেনো মাহীৰ সহায়ত তাইক পিতৃ দেৱতাৰ ইচ্ছাৰ বিৰুদ্ধেও বিয়া কৰাইছিলোঁ, মানেৰে সৈতেই বা দেশৰ নিমিত্তে কি দৰে যুঁজি মানৰ হাতত বন্দী হৈছিলোঁ, মানৰ দেশতনো কিদৰে কাল কটাইছিলোঁ, কেনেকুৱা আশা বুকুত বান্ধি মানৰ দেশৰ পৰা উলটিলোঁ, এই সকলোবিলাক মনত পৰিল। ওৰে নিশা ঢাৰি-পাটিত আকৌ সেই মহাপুৰুষ গুৰুৰ ৰচিত "ক্ষুদ্ৰ সুখে বহু আশা কৰি" এই লেছাৰীটোৰ গুৰু-গীতবিলাক গালোঁ। মই ৰূপহীৰ বিষয়ে ভাবি ইয়াকে পালোঁ যে ৰূপহী সুখেৰে আছে। হিন্দুৰ নিয়ম মতে বাৰ বছৰ মোলৈ বাট চাই থাকি মই মৰিলোঁ বুলি সকলোৱে বুজোৱাত আৰু অনিৰামৰ অকৃত্ৰিম প্ৰেমত আব্দধ হৈ তাই তাক বিয়া সোমাই সুখেৰে ঘৰ গৃহস্থী কৰিছে। সুন্দৰ সন্তান তুলিছে। এনেস্থলত চিনাকি দি সমাজত এখন হুলস্থূল লগাই তাইক আৰু অনিৰামক চিৰকাললৈ অসুখী কৰাটো মই অন্যায় আৰু পাপ বুলি ভাই ললোঁ। মোৰতো ইহ সংসাৰত কোনো নাই। আই, ভাই, বোপাই, মাহী সকলোৱে এৰি গৈছে। মই ওপজা ঠাইডোখৰো অৰণ্যত পৰিণত হৈছে। মৰমৰ ৰূপহী এতিয়া পৰৰ তিৰোতা। যি অসমীয়া ৰজাৰ হকে যুঁজ কৰি বন্দী হৈ মানৰ দেশ পাইছিলোঁ সেই অসমীয়া ৰজাও নাই, ৰাইজো নাই। স্বৰ্গদেৱ ৺চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ উভয়ে বৈকুণ্ঠী। তেওঁলোকৰ পুত্ৰ কেশৱকান্ত যুৱৰাজ, কন্দৰ্পেশ্বৰ সিংহ গুৱাহাটীত নিৰ্ব্বাসিত। অসমীয়া সমাজে মোক মানৰ দেশৰ পৰা উলটি অহা জানিলে জাতিভ্ৰষ্ট মেলেছ বুলি মোক সহজে সতকাই গ্ৰহণ নকৰে। উদ্ধাৰ পৰাচিত হ'বলৈকো হাতত ধন-বিত নাই। উদ্ধাৰ পৰাচিত হৈয়েই বা কি কৰিম।"

ডাঙৰীয়াজনে ক'লে--"কেলেই! আপুনি এবছৰ ৰৈ অলপ ধন-বিত আজি আৰ্জি অলপ খৰচতেই উদ্ধাৰ-পৰাচিত হৈ দেখোন আমাৰ কোনো এঠাইত বসতি কৰি আকৌ বিয়া-বাৰু কৰাই সুখেৰে সংসাৰ কৰি আগৰদৰেই গণ্য-মান্য হৈ থাকিব পাৰিলেহেঁতেন। আপুনি ৰূপহীৰ নিচিনা তিৰোতা এজনীৰ বেজাৰতহে উদাসীন হ'ল। নহয়নে আতৈ?" আতৈয়ে ক'লে--"হওঁতে ডাঙৰীয়া! আপুনি যিটো কৈছে সেইটো সঁচা। মই সেইদৰেও কৰিব পাৰিলোহেঁতেন। কিন্তু ডাঙৰীয়া। মনত কৰিব যে মই সেই সময়ত চল্লিশ বছৰীয়া। ধন ঘটি উদ্ধাৰ পৰাচিত হৈ বিয়া কৰাওঁ মানে প্ৰায় ৪৫ বা ৫০ বছৰীয়া হলোঁহেঁতেন। সেই বয়সত বিয়া কৰাইনো আকৌ সুখী হলোঁহেঁতেন নে?"

ডাঙৰীয়া--"আপুনি দেখোন এতিয়া প্ৰায় এশ বছৰীয়া। সেই সময়তে আপুনি বিয়া কৰোৱা হ'লে এতিয়া নাতিৰ নাতি দেখিলেহেঁতেন।"

আতৈ--"ডাঙৰীয়া! আপুনি কোৱাটো নুই নকৰোঁ কিন্তু ডাঙৰীয়া সংসাৰত থকা হ'লে কিজানি ইমান দিন নিজীলোঁহেঁতেন।" ডাঙৰীয়া--"কিয়! যাৰ যিমান আয়ুস সেইটো পাবই।"

আতৈ--"ডাঙৰীয়া! হওঁতে হয়, আয়ুসৰ গৰাকী ঈশ্বৰেই। কিন্তু তথাপি মই এইটো নকৈ নোৱাৰোঁ যে ব্ৰহ্মচৰ্য্যত আয়ুস বাঢ়ে। আৰু ইবিলাক কথাৰ উপৰি হৈছে প্ৰাক্তন। যাৰ যি ৰকম প্ৰাক্তন বা কৰ্ম্ম সি সেই অনুসাৰেই ফল ভোগ কৰে। কৰ্ম্মফল কেৱে এৰাব নোৱাৰে। মোৰ কপালত আছিল উদাসীন হোৱা। সেইটোৱে হৈছে। বাৰু ইবিলাক কথা এতিয়া এৰা যাওক ডাঙৰীয়া! মই বাকী কথাবিলাক কওঁ শুনক!" ডাঙৰীয়া--"কওক, কওক আতৈ। মই মাজতে এইবিলাক কথা সুধি দিক্‌দাৰি কৰা বাবে যেন বেজাৰ নেপায়।"

আতৈ--"ডাঙৰীয়া! মোৰ প্ৰথম যৌৱনৰ অতি মৰমৰ ৰূপহীৰ মনতেই যেতিয়া মই মৰিলোঁ, তেনেস্থলত সেই সময়ত ভাব হৈছিল যে আৰু সংসাৰ কৰাৰ লাভ কি? মোৰনো কোন আপোন আছে? মোকনো কোনে মৰম কৰিব? এইবিলাক কথা ভাবি-চিন্তি স্থিৰ কৰিলোঁ, এই জীৱনৰ গৰাকী যি গুৰু ঈশ্বৰ তেওঁৰে চৰণৰ ওচৰ চাপোঁগৈ। সংসাৰত সকলোৱে এৰিলেও গুৰুৱে দিয়া নাম নেৰে। কৃষ্ণনাম মহাধনে জীয়াই থকা দিনকেইটাত সংসাৰৰ সুখ দৈবাৎ নিদিলেও মৰণ কালত তৰাব, ইয়াকে মনত সাৰোগত কৰিলোঁ। ভাবিলোঁ যি ছদ্ম উদাসীন বেশেৰে ৰূপহীক ধৰা নিদিলো সেই বেশক লৈ সংসাৰক ধৰা নিদিয়াই ভাল। এইবিলাক ভাবি-চিন্তি বোকাখাট এৰি ডেৰগাঁৱৰ ফাললৈ আহিছিলোঁ।"

==উনবিংশ অধ্যায়==
দুদিনে বোকাখাটৰপৰা ডেৰগাঁও পালোহি। ডেৰগাঁৱেদি মাজুলিলৈ পাৰ হৈ তিনি চাৰি দিনে হাবিৰ মাজে মাজে খোজ কাঢ়ি মাগি খুজি খাই এই সত্ৰ পালোঁহি। সত্ৰ পাই প্ৰথমে বাহিৰ কৰাপাটতে বহি আছিলোঁ। সত্ৰৰ দুই চাৰিজনে ভকতে মই ক'ৰ মানুহ, ক'লৈ আহিছোঁ, কিয় আহিছোঁ এইবিলাক নানা কথা সুধিলে। মই মোৰ কেৱল পিতৃৰ নামটো নকৈ মোৰ আঁতি-গুৰি বৃত্তান্ত কৈছিলোঁ। আতৈসকলেও মোক মানৰ দেশৰ নানা কথা-বতৰা সুধি হায়ৰাণ কৰিছিল। কিন্তু শেহত গধূলি হ'লত ক'লে যে "ম'ই জাতকুল ভ্ৰষ্ট মেলেছ, উদ্ধৰা পৰাচিত নোহোৱাকৈ সত্ৰৰ ভিতৰলৈ যাব নোৱাৰোঁ।" তেওঁবিলাকৰ এনেকুৱা কথা শুনি মোৰ হৃদয়ত এপাট শেল বাজিছিল। ভাব হৈছিল--হৰি হৰি কপাল। দেশৰ হকে প্ৰাণটো আগ কৰি, মানৰ লগত যুঁজি, মানৰ হাতত বন্দী হৈ, মান দেশত থকা বাবেই মোৰ আই-বোপাই, ভাই, আন কি বিবাহিতা তিৰোতা পৰ্য্যন্ত হেৰুৱালোঁ। যি অসমীয়া ৰাইজৰ হকে যুঁজি মোৰ এই দশা হ'ল, "জাতিভ্ৰষ্ট মেলেছ" বুলি সমাজত তো নলয়েই, লেই-লেই ছেই-ছেই কৰিবলৈকো নেৰে। মনৰ বেজাৰত এই জীৱনৰ গৰাকী গুৰু-ঘৰলৈ আহিলোঁ। আৰু ইয়াতো এনেকুৱা! বৈকুণ্ঠতো জাতিবিচাৰ! ইয়াত মই অস্পৃশ্য! মোৰ দোষ কি? মইতো নিজ ইচ্ছাত মানৰ দেশলৈ যোৱা নাছিলোঁ। যুঁজত বন্দী হৈ গৈছিলোঁ, তথাপি মোৰ এই বিলাই! ধন্য মোৰ দেশ! ধন্য মোৰ হিন্দুধৰ্ম্ম! ধন্য মোৰ দেশী ভাইসকল! ধন্য মোৰ বৈকুণ্ঠখনো! মোৰ মনত এনেকুৱা ভাব হৈছিল যে সংসাৰ গোটেইখন ঝুঠা। হাঁয়! কেলেই মই মানৰ দেশ এৰি নিজৰ দেশলৈ ইমান হেঁপাহ কৰি আহিলোঁ। কেলেই মই মানৰ দেশত নিজক নিজে বঞ্চি আহিলোঁ। আন আন অসমীয়া মানুহৰ দৰে তাতে দেখোন মই, হয় ইয়াৰ পৰা ধৰি নিয়া যেই সেই অসমীয়া ছোৱালী এজনী, অথবা এজনী মান-গাভৰুকে ৰাখি সুখেৰে থাকিব পাৰিলোঁহেঁতেন। যিসকলে কপাল সাৰোগত কৰি তাতে ঘৰ-গৃহস্থী কৰি ৰৈছে সেইসকল দেখোন সুখেৰেই ৰ'ল। মইনো কেলেই তাত থকা অসমীয়া বন্ধু-বান্ধৱৰ কথা নুশুনিলোঁ। মোকতো সকলোৱে কৈছিল যে "ভাই তইনো এইদৰে কেলেই থাক? তইও এজনী গাভৰু ৰাখি আমাৰ দৰে সুখেৰে থাক।" মইনো কেলেই সেইবিলাক কথা নুশুনিলোঁ। দেশলৈ মৰম আৰু ৰূপহীলৈ অকৃত্ৰিম প্ৰেমৰ ফলেৰেই আজি মোৰ এই দুৰ্দ্দশা! হাঁয় মোৰ দেশ! হায় ৰূপহী! তহঁতেই মোৰ এই গতি কৰিলো! ডাঙৰীয়া এনেকুৱাবিলাক কথা মোৰ মনলৈ আহি মোৰ চকুত ধাৰাসাৰে লো ব'লে। মই নিজৰ দেহটোক আৰু প্ৰাণটোক সেই মুহূৰ্ত্তৰে পৰা আকৌ কৃষ্ণত সমৰ্পন কৰি সেই নিশা বাহিৰ কৰাপাটতে বাঘ-ঘোঙ্‌ একোলৈকে ভয় নকৰি পৰি থাকিলোঁ। অৱশ্যে মই দিনে পোহৰেই ওচৰৰ গাঁৱত গৈ আশ্ৰয় ল'ব পাৰিলোহেঁতেন। কিন্তু শেষত ভাব হ'ল যে এই দেহটো থকা যি নথকাও সেই! যদি প্ৰাণ যাবলগীয়া আছে তেন্তে এই কৰাপাটতে যাওক।

==বিংশ অধ্যায়==
সকত সকলে মোক দেখিয়েই জাতিভ্ৰষ্ট মেলেছ বুলি এৰি থোৱাৰ পিছত নিশা হ'লত মই এই লেখীয়া ভাবিবিলাক মানতে ভাবি গাৰ বৰ কাপোৰখন মেৰাই-ঘূৰাই লৈ মাটিতে লঘোনে ভোকে পৰি থাকিলোঁ। দতকাই মোৰ টোপনি নাহিল। হৃদয়ৰ তলি ফুটি কব নোৱাৰো কি গুণত, ডাঙৰীয়া! মোৰ মুখৰ পৰা এই কেষাৰি পদ আপোনা-আপুনি ওলাল--

::দীনবন্ধু কৃপাসিন্ধু পতিত পাবন হৰি।
::মাতিছোঁ অধমে প্ৰভু! সকাতৰ কৰি।।
::সংসাৰ সাগৰে হৰি ডুবিলো সমূলি।
::ৰাখা ৰাখা অধমক প্ৰভু বনমালী।।
::মৰমৰ আই-ভাই সকলো হেৰালো।
::কৃপা কৰা প্ৰাণনাথ! তুমি হৈ কৃপালু।।
::দেশৰ কাৰণে প্ৰভু! মানেৰে যুঁজিলোঁ।
::নিয়তি চকৰিত পৰি সমূলি ডুবিলোঁ।।
::কোনেনো কৰিব দয়া এই অভাজনে।
::জাতিভ্ৰষ্ট ম্লেছ মোক দয়াময় বিনে।।
::অৰ্পিলোঁ এই দেহ মোৰ তোমাৰ চৰণে।
::ৰাখা ৰাখা প্ৰণনাথ! এই অভাজনে।।
::জন্মাৰ্জ্জিত কৰ্ম্ম প্ৰভু জীৱন মৰণ।
::সকলো অৰ্পিলোঁ প্ৰভু তোমাৰ চৰণ।।

ডাঙৰীয়া! আন কেও শুনোতা নহলেও নিজে গুণ গুণ কৰি চকুৰ লো টুকি গাই থাকোঁতে মোৰ ঘোৰ নিদ্ৰা আহিল। বহুদিনৰ ভাগৰৰ মূৰত যেন শান্তিৰে শুলোঁ। ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে এটা সপোন দেখিলোঁ। দেখিলোঁ যেন মোৰ মাহী আহি শূন্যতে সুন্দৰ আসন এখনত বহি মোক হাঁহি হাঁহি কৈছে--"বাছা নিৰ্ম্মল! তই নেকান্দিবি, তোৰ দুখৰ ৰাতি পুৱাল।" এই কেইষাৰ কৈয়েই দেখোন মাহী আৰু আগৰ মাহী নাই। মাহীৰ ৰূপ চাই থাকোঁতেই থাকোঁতেই বদলিল। মাহী থকা ঠাইতে দেখোন সিংহবাহিনী দুৰ্গে দুৰ্গতি নাশিনী মা দশভূজা দুৰ্গা দেৱী উপস্থিত! সপোনতে মই বিমোৰ হলোঁ। মই যেই ক'লোঁ--"মাতৃ! পতিত পাৱন জননী। তোমাকনো মই কিদৰে সেৱিম! তোমাৰ স্তুতিয়েই বা কি? মা! সিংহবাহিনী জগত জননী! দুৰ্গতি নাশিনী! বৰাভয়দায়িনী। মই একো নেজানো। তোমাক কি বুলি স্তুতি কৰিম, কি বুলি সেৱা কৰিম, মা মই মূৰ্খ সন্তানে একো নেজানো। মোৰ এই কথাত ধীৰে গম্ভীৰে মাতৃয়ে যেন ক'লে--"বীৰ প্ৰৱৰ। স্বাৰ্থত্যাগী! দেশভক্ত বাছা নিৰ্ম্মল! তই যি কেইষাৰ স্তুতি কৰিলি সেয়ে যথেষ্ট! তোৰ দুখৰ ওৰ পৰিল। মই বৰ দিলোঁ তোক তোৰ প্ৰাণৰ ইষ্ট কৃষ্ণই দেখা দিব।" এই বুলি কৈয়েই দেৱী অন্তৰ্দ্ধান হ'ল। দেৱী অন্তৰ্দ্ধান হোৱাৰ পিছতে আকৌ কি দেখিলোঁ! ডাঙৰীয়া মোৰ সেই প্ৰাণৰ কৃষ্ণও উপস্থিত! মোৰ সেই--

::পৰম সুন্দৰ		শ্যাম কলেৱৰ
:::ৰূপে কোটি কাম প্ৰায়।
::যেন কোটি শশী		আছন্ত প্ৰকাশি
:::মধুৰ মূৰ্ত্তি সদায়।।
::কীৰিটি মুকুট		চূড়ামণি যত
:::শিৰত কৰে প্ৰকাশ।
::কপালে অলকা 		ৰত্নৰ তিলকা
:::মুখে পদ্ম চাৰুহাস
::কমল নয়ন		সুচান্দ বয়ান
:::অধৰ অলকা কান্তি।
::ভ্ৰৱ কাম চাপ		মধুৰ আলাপ
:::দশন মুকুতা পান্তি।।
::কৰ্ণে জলমল		মকৰ কুণ্ডল
:::জলে দুই ৰবি প্ৰায়।
::গলে বনমালা		ৰত্নৰ মেখলা
:::ত্ৰিভঙ্গ ভঙ্গিম বায়।।

ডাঙৰীয়া! এনেকুৱা ৰূপ দেখিলোঁ! মোৰ প্ৰভুৱে যেন মিচিকি মিচিকি হাঁহি মোলৈ এফেৰা সকৰুণ ভাৱে চায়েই নোহোৱা হ'ল। মোৰ চকুৰে প্ৰেম অশ্ৰু ধাৰাসাৰে বলে। মই সাৰ পাই কান্দিব ধৰিলোঁ। বৰ কাপোৰৰ তলৰ পৰা মূৰ উলিয়াই উঠি বহি কৰাপাটৰ বাহিৰৰ ফালে যে চাওঁ মোৰ পৰা ঠিক দুটাঁৰৰ আঁতৰত প্ৰকাণ্ড এটা ঢেঁকীয়াপতীয়া বাঘ মোৰ ফাললৈ চাই পিছভৰিখন পাৰি আগভৰি দুখনৰ ওপৰত বহি আছে। চকু দুটা টল্‌ টল্‌কৈ জ্বলিছে। জোনৰ পোহৰত গোটেইটো বাঘ তেনেই দেখিলোঁ। ডাঙৰীয়া! মোৰ ভাব হ'ল যে প্ৰভু কৃষ্ণ! সমাজিকত তুমি মোক তোমাৰ মদনমোহন মূৰ্ত্তি দেখুৱালা। এতিয়া সাৰ পালত দিঠকত বাঘ হৈ মোক খাবলৈ আহিছা! তোমাৰ যি ইচ্ছা সেয়ে হক। এই দেহ তোমাৰেই। তোমাতেই অৰ্পণ কৰিছোঁ, তুমি এতিয়া বাঘ হৈ লব পাৰা।" এইদৰে ভাবি ডাঙৰীয়া মই কৃষ্ণৰ সেই মদন মোহন মূৰ্ত্তিটোকে চিন্তিব ধৰিলোঁ। আৰু তাৰ লগে লগে বাঘটোকো এটা নমস্কাৰ কৰিলোঁ। বাঘটোৱে দেখোন মই নমস্কাৰ কৰা মাত্ৰকে দীঘলকৈ হামি এটা মাৰি মূৰটো দোঁৱাই মাটিত লগালে। তাৰ পিছত লাহেকৈ উঠি হাবিৰ ফাললৈ এখোজ দুখোজ কৰি গুচি গ'ল। ঠিক সেই সময়তে ধল ফাট দিলে। কাউৰীয়ে "কা" কৰিলে। এনেতে দেখোন সত্ৰৰ ফালৰ পৰা খৰম পিন্ধি আগত এজন, পিছত এজন শুদা ভৰিৰে কান্ধত গামোছা এখন আৰু চুৰীয়া এখন লোৱা আন এজন আহি মোৰ ওচৰত উপস্থিত হ'ল।


[[Category: অসমীয়া]]
[[Category:উপন্যাস]]