Difference between revisions 336546 and 336821 on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full)পণ কৰিছোঁ, তুমি এতিয়া বাঘ হৈ লব পাৰা।" এইদৰে ভাবি ডাঙৰীয়া মই কৃষ্ণৰ সেই মদন মোহন মূৰ্ত্তিটোকে চিন্তিব ধৰিলোঁ। আৰু তাৰ লগে লগে বাঘটোকো এটা নমস্কাৰ কৰিলোঁ। বাঘটোৱে দেখোন মই নমস্কাৰ কৰা মাত্ৰকে দীঘলকৈ হামি এটা মাৰি মূৰটো দোঁৱাই মাটিত লগালে। তাৰ পিছত লাহেকৈ উঠি হাবিৰ ফাললৈ এখোজ দুখোজ কৰি গুচি গ'ল। ঠিক সেই সময়তে ধল ফাট দিলে। কাউৰীয়ে "কা" কৰিলে। এনেতে দেখোন সত্ৰৰ ফালৰ পৰা খৰম পিন্ধি আগত এজন, পিছত এজন শুদা ভৰিৰে কান্ধত গামোছা এখন আৰু চুৰীয়া এখন লোৱা আন এজন আহি মোৰ ওচৰত উপস্থিত হ'ল।


==একবিংশ অধ্যায়==
আগত অহাজনে মোৰ ওচৰ চাপিয়ে মাত লগালে--"নিৰ্ম্মল!" মই সুধিলোঁ--"আপুনি কোন?" এনেতে পিছৰজনে মাত লগালে "ই কটা ক'ৰ অ'! ই একো নেজানে? হেৰ কটা!" ঈশ্বৰ পুৰুষে মোক "নিৰ্ম্মল উঠ উঠ" বুলি আদেশ কৰিলে, মই উঠিলোঁ। ঈশ্বৰ পুৰুষে ক'লে--"নিৰ্ম্মল! তোৰ আঁতিগুৰি পূৰ্ব্ব বৃতআন্ত মই সমস্ত জানিছোঁ। তই মোৰ জনাৰ্দ্দন মেধিৰ ঘৰৰ ল'ৰা। মানৰ যুঁজত বন্দী হৈ মানৰ দেশত আছিলিগৈ। এতিয়া তোৰ ইহ সংসাৰত কোনো নাই। তোক কি লাগে?" মই ক'লোঁ--"প্ৰভু জগন্নাথ! পতিত পাৱন! ই পতিতক প্ৰভুৰ চৰণছত্ৰৰ ছায়া লাগে।" ঈশ্বৰ পুৰুষে মিচিকিয়া হাঁহি মাৰি ক'লে,--"নিৰ্ম্মল! মোৰ জনাৰ্দ্দন মেধিৰ বংশ নোহোৱা হ'ল। তহঁতৰ ঘৰ মোৰ সাত পুৰুষীয়া সেৱক। মই তোক খৰচ ভগন কৰি উদ্ধাৰ পৰাচিত কৰোঁ। আৰু তোক টকা শিকা যি লাগে সমস্তকে দিওঁ, তই আকৌ বিয়া কৰাই এঠাইত গৃহস্থী কৰি, ইচ্ছা হ'লে এই মাজুলীতে গৃহস্থী কৰি বংশ ৰক্ষা কৰিব পাৰ। তোৰ ইচ্ছা কি ক।" মই ক'লোঁ--"প্ৰভু জগন্নাথ! মই সংসাৰ বিৰাগী। মোৰ আৰু বিয়া কৰাই সংসাৰ কৰিবৰ ইচ্ছা নাই। দুখানি চৰণে চৰণছত্ৰৰ চায়া দি সত্ৰতে মোক ৰাখক। পুৱা-গধূলি দুখানি চৰণ সেৱা কৰি নাম গুণ গাই ইহ জন্ম কটাম।" ঈশ্বৰ পুৰুষে ক'লে--"নিৰ্ম্মল! তেনেহলেতো তহঁতৰ ঘৰৰ মানুহৰ বংশই লোপ হব।" মই ক'লোঁ--"প্ৰভু জগন্নাথ! কত বংশ এই পৃথিৱীতে উপজিছে আৰু লোপ হৈছে তাৰনো কিবা সীমা সংখ্যা আছেনে? মোৰ নিচিনা এঘৰৰ বংশ লোপ হলেই প্ৰভু জগন্নাথৰ শিষ্য সেৱক কমিব সিটো নহয়। মোৰ একান্ত বাঞ্চা যে জীৱনৰ বাকীডোখৰ কৃষ্ণত অৰ্পন কৰি কটাওঁ।" ঈশ্বৰ পুৰুষে ক'লে--"বাছা! তই নেজান উদাসীন ধৰ্ম্ম দেখাত যদিও কোমল তথাপি আচলতে কিমান কঠোৰ। মই হ'লে পৰাপক্ষত কাকো উদাসীন হ'বলৈ নকওঁ। ঈশ্বৰৰ এই বিনন্দীয়া সৃষ্টিত সকলো প্ৰাণীয়েই সংসাৰ ধৰ্ম্ম আচৰণ কৰি জনবল বঢ়োৱাটোহে আচল ধৰ্ম্ম। ঈশ্বৰৰো বোধকৰো অভিপ্ৰায় সেইটোৱেই! তেনস্থলত মনক নিগ্ৰহ কৰি সমস্ত ইচ্ছা, অভিলাষ, ভোগৰ বাঞ্চা মাৰি ঈশ্বৰৰ সৃষ্টিৰ বিপৰীতে চলা টান। যিসকলে উপৰি জন্মত সমস্ত ধৰ্ম্ম শেষ কৰি শেষ বয়সত হৰি ভজিবলৈ একান্ত ইচ্ছা কৰিও ভজিবলৈ আয়ুস বা কাল নাপায় সেইসকলেহে ইহ জন্মত কেৱল হৰিক ভজিবলৈ জন্ম লৈ সত্ৰ সভা আৰু আন আন নানা ঠাইত উদাসীন হৈ ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ ৰাখি হৰি ভজি জীৱন কটাইছে। এতেকে নিৰ্ম্মল! তই আকৌ ভাবি চাচোন।" মই ক'লোঁ--"প্ৰভু জগন্নাথ! মোৰ এই দেহটো গল নিশাই ঈশ্বৰ কৃষ্ণৰ চৰণত মনে মনে উছৰ্গি দিছোঁ। তাৰ ফলতে নেকি কব নোৱাৰোঁ এই দেহটো প্ৰভু জগন্নাথ এইখিনি আহি পোৱাৰ অলপ আগখিনিতে বাঘৰ মুখতহে আছিল। প্ৰভু কৃষ্ণই জানিবা সেই বাঘটোকে আঁতৰি যাবলৈ মন দিয়াত হে এ্ দেহটো এৰি গুচি গ'ল। এতিয়া আৰু সেৱকৰ এই দেহ আন কামত লগাবৰ অধিকাৰ নাই। ইয়াকে জানি প্ৰভু জগন্নাথে যি ভাল দেখে কৰক।" মোৰ এই কথাত ঈশ্বৰ পুৰুষে ক'লে--"কি! ৰাতি এইখিনিলৈকে বাঘ আহিছিল নেকি?" মই কলো--"হয় প্ৰভু! জগন্নাথ। বৰ ডাঙৰ ডাঙৰ খোজ পৰি আছে।" ইশ্বৰ পুৰুষে তেতিয়া অলপ মিচিককৈ হাঁহি এটা মাৰি মোক ক'লে--"চাচোন নিৰ্ম্মল! আমি কেনেকুৱা বাঘ ঘোঙৰ মাজত সত্ৰ পাতি আছোঁ। হওঁতে কোনো দিনেই কোনো বনৰীয়া জন্তুৱে আমাৰ বৈষ্ণৱ বৃন্দৰ কাকো অপকাৰ কৰা নাই। নকৰিবৰে কথা। যিহেতু আমিতো হিংসা পৰায়ণ নহওঁ। বৈষ্ণৱ বুলিলেই আমাৰ 'অহিংসাহে পৰম ধৰ্ম্ম।' আমি কাকো হিংসা আৰু অপকাৰ নকৰোঁ যেতিয়া এই মহা হিংসুক জাতিসকলেও আমাক হিংসা নকৰে। বাৰু! তোৰ ভয় লগা নাছিলনে?" ম্ ইক'লোঁ--"প্ৰভু জগন্নাথ! মোৰ হলে এফেৰাও ভয় লগা নাছিল। মনত ভাবি লৈছিলো ঈশ্বৰ কৃষ্ণৰ যদি ইচ্ছা হয় তেন্তে বাঘৰ হতুৱাই এই দেহটো লওক।" ঈশ্বৰ পুৰষে তেতিয়া দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে--"বাৰু নিৰ্ম্মল! তোৰ ইচ্ছা পূৰ্ণ হব। তই পৰম ভক্ত।" লগত অহা ভকতজনক ক'লে--"তই লৰি যা। ভঁৰালৰ পৰা ভাল কাপোৰ এযোৰ লৈ আহগৈ। পূজাৰীকো তিল-তুলসীৰে সৈতে লৈ আহগৈ। ইয়াক এতিয়াও ব্ৰহ্মপুত্ৰত স্নান কৰাই এফেৰা বিধি অনুসাৰে পৰাচিত কৰাওঁ। গ'ল কালিও ই একো খোৱা নাই। মই আৰু ইয়াৰ দুখ সহিব নোৱাৰোঁ।" ঈশ্বৰ পুৰুষৰ এই আদেশ পাই ভকতন লৰি গ'ল আৰু অলপ পৰৰ ভিতৰতে কাপোৰ এযোৰ লৈ আহিল। পূজাৰীও আহিল। তেতিয়া আমি এটাইবিলাক ওচৰৰে নৈলৈ গলো। প্ৰভু জগন্নাথে নিজে নৈত নামি স্নান তৰ্পানদি কৰি কাপোৰকানি সলালে। পূজাৰী বামুণে প্ৰভু জগন্নাথৰ আদেশ পাই মোক নৈৰ পাৰতে এক চান্দ্ৰায়ণ পৰাচিত কৰালে। তাৰ পিছত মোক সত্ৰত ভিতৰলৈ লৈ গৈ বুলনি ঘৰতে থাকিবলৈ দি ঈশ্বৰ পুৰুষে নিজে পূজা-সন্ধ্যাত বহিল। প্ৰায় দেড় ঘণ্টামান কাল পূজা-সন্ধ্যা কৰি অঁতাই আহি কুশাসন পাৰি খুটাত আউজি বহিল। পূজাৰীজনে আহি মোক মহাশান্তি কৰিলে। আৰ পিছত ঈশ্বৰ পুৰুষে মোক এজন বৃদ্ধ ভকতক গতাই দি খাব-লবলৈ ব্যৱস্থা কৰাই দিলে। নিজে নামঘৰলৈ গ'ল। তাত মহাপ্ৰভূ ৺ যাদৱৰায়ৰ মূৰ্ত্তি আদি দৰ্শন কৰি নাম প্ৰসঙ্গ কৰালে। নিজে ভাগৱত বাখ্যা কৰি ভাগৱত পাঠ অন্তে খোলেৰে কীৰ্ত্তন কৰি বাজলৈ উলটি আহি ভোজনাদি কৰি জিৰাই শঁতাই বেলি ভাটী দিয়াত মোক আকৌ মতাই নিয়ালে। প্ৰভুৱে এই সমস্ত কৰে মানে মইও সেই ভকতজনৰ পৰা প্ৰসাদ আদি পাই খাই-বই জিৰাই আছিলো।

==দ্বাবিংশ অধ্যায়==
ভাটীবেলা খাই-বৈউঠি ঈশ্বৰ পুৰুষে পিন্ধি-উৰি মেলচ'ৰাত খাটলাত কিংখাপ পৰা বিছনাত বহিল। প্ৰধান প্ৰধান ভকতসকলে মাটিতে আঁঠু লৈ বহিল। ময়ো গৈ সেইদৰে সেৱা কৰি বহিলোঁ। মোৰ হাতত মানৰ দেশৰ পৰা অনা যি দুই-চাৰিটা পইছা আছিল সমস্ত অৰ্পন কৰিলো। ঈশ্বৰ পুৰুষে নিৰ্ম্মালি দিলে। তাৰ পিছত সৰুকালৰ পৰা কেনেকৈ ডাঙৰ ডাঙৰ হলো, তেনেকে মানেৰে সৈতে যুঁজি বন্দী হৈ মানৰ দেশত আছিলো সমস্তকে ক'লো। ভকতসকলে আৰু মাজে মাজে ঈশ্বৰ পুৰুষে মোক মানৰ দেশৰ স্বভাৱিক সৌন্দৰ্য্য, খেতি-বাতি, আচাৰ-ব্যৱহাৰ আৰু বৌদ্ধ ধৰ্ম্মৰ বিষয়ে নানা কথা সুধিছিল। ময়ো যথাযথ ভাঙি-ছিঙি ক'লো। মানৰ দেশৰ বিষয়ে কওঁতেই সেইদিনা গধূলি হ'ল।

পিছদিনা আকৌ সেইদৰে ঠিক কেনেকুৱা সময়তে ঈশ্বপুৰুষে মোক মতা্ ইন ইমোৰ বাকী সমস্ত বৃত্তান্ত সুধিলে। ময়ো কেনেকৈ মানৰ দেশৰ পৰা উলটিলো, উলটি আহি সকলো কেনে শূন্য পালো, কিদৰে মই ৰূপহীতক চাই ললো, কিদৰে সত্ৰলৈ আহিলো, কিদৰে কৰাপাটত পৰি আছিলো, কিদৰে নিশা বাঘ আহি আগতে বহি আছিল, সমস্ত অকপট চিত্তে, আন কি স্বপ্ন দৰ্শন বিষয়টোও ক'লো। ঈশ্বৰপুৰুষে কৈছিল--"বাছা নিৰ্ম্মল! তই যে ৰূপহী আৰু অনিৰামক চিনাকি দি সমাজত হুলস্থূল নলগালি এইটোৱেই তোৰ প্ৰধান স্বাৰ্থত্যাগ। যেই সেই মানুহেই এনেকুৱা ত্যাগ কৰিব নোৱাৰে। তই ধন্য! ইমান স্বাৰ্থত্যাগী নহবিয়েই বা কেলেই! তইতো মোৰ সাত পুৰুষীয়া সেৱকৰ ঘৰৰ জনাৰ্দ্দন মেধিৰহে ল'ৰা। যুঁজৰ বীৰেই বা নহবি কেলেই? তহঁতৰ ঘৰটো আগৰ ক্ষত্ৰিয়ৰহে সন্তান, যদিও এতিয়া কলিতা নামে অভিহিত হৈছে। বাছা! কথা এটা কওঁ। আমি ব্ৰাহ্মণে বহু সংযম নিয়ম ব্ৰত ইত্যাদি আচৰণ কৰিহে, বহুদিন সাধনাদি কৰিহে যদি এফেৰা সিদ্ধি পাওঁ; কিন্তু ক্ষত্ৰিয় স্ত্ৰী, আন ই শূদ্ৰাদিয়েও আমাৰ পৰা যৎকিঞ্চিৎ এফেৰা বস্তুৰে পৰা সহজে সিদ্ধি পাব পাৰে। সহজে ব্ৰহ্মজ্ঞান পায়। বাছা! তই যি মুহূৰ্ত্তেই নিজৰ বিবাহিতা স্ত্ৰীকো সমাজৰ হিতৰ অৰ্থে ত্যাগ কৰি আহিলি সেই মুহূৰ্ত্তেই তোক সিদ্ধিয়ে লগ দিলে। নহলেনো তই এনেকুৱা সপোনেই বা দেখিবি কেলেই! আমি অত বছৰ ইয়াত পৰি আছোঁ, সংসাৰৰ সকলোকে ত্যাগ কৰি নামগুণ গাই প্ৰৱৰ্ত্তিছোঁ, তথাপি আমাৰ কেইজনে এনেকুৱা সপোন দেখে?" মই কলো--"প্ৰভু জগন্নাথ, দাসৰ কোনো বল, কোনো গুণ, কোনো ত্যাগেই নাই। যি হৈছে যি কৰিছোঁ সকলো এই ৺ যাদৱৰায়ৰ ইচ্ছাতহে--প্ৰভু বনমালী দেৱৰ তেজৰ বলতহে আৰু প্ৰভু জগন্নাথৰ আশীৰ্ব্বাদতহে।" মোৰ এই কথাত প্ৰভু জগন্নাথে হাঁহি হাঁহি কৈছিল--"বাছা! তই ঠিক কথাকে কৈছ। এই ৺যাদৱৰায় পাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ দিনৰে মূৰ্ত্তি। আমাৰ পূৰ্ব্বপুৰুষ এই সত্ৰ অধিষ্ঠাতা ৺বনমালী দেৱ এজন সিদ্ধৰো সিদ্ধ যোগী পুৰুষ আছিল। বাৰু যি কি নহওক তোক আজিৰ পৰা সাত দিনৰ মূৰত উদাসীন পন্থত প্ৰৱৰ্ত্তিত কৰাম। ছমাহমানৰ পিছত মালা মন্ত্ৰ দিম।"

ডাঙৰীয়া! কব নেলাগে ঠিক সাত দিনৰ মূৰত মোক প্ৰভু ঈশ্বৰে উদাসীন পন্থত অভিষেক কৰিলে। ছমাহৰ মূৰত মালা মন্ত্ৰ দিলে। সেই কালৰে পৰা আজিলৈকে এই সত্ৰতে পৰি আছোঁ। মোৰ প্ৰভূ বাসুদেৱ ঈশ্বৰ পুৰুষ চলিবৰ আজি বাৰ বছৰ হ'ল। ময়ো ভাবি আছৌঁ এই দেহা কেতিয়া পৰে। ডাঙৰীয়া! আমাক আপোনাসকলে পুতৌ কৰিব, মৰম কৰিব। আমি আন একোৰে ভিখাৰী নহলেও মৰমৰ ভিখাৰী!" ডাঙৰীয়াজনে ক'লে--"আতৈ! আপোনাৰ সমস্ত বৃত্তান্ত শুনিলোঁ; কিন্তু মোৰ তিনি চাৰিটা বিষয় আপোনাক সুধিবলৈ আছে। আজিলৈ বাৰু এৰিলোঁ কিন্তু কাইলৈ আকৌ আমনি কৰিমহি।" আতৈয়ে ক'লে--"বাৰু ডাঙৰীয়া! আপুনি যিহকে সোধে তাকে অকপট চিত্তে ক'ম।


[[Category: অসমীয়া]]
[[Category:উপন্যাস]]