Difference between revisions 336821 and 336995 on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full)। ছমাহৰ মূৰত মালা মন্ত্ৰ দিলে। সেই কালৰে পৰা আজিলৈকে এই সত্ৰতে পৰি আছোঁ। মোৰ প্ৰভূ বাসুদেৱ ঈশ্বৰ পুৰুষ চলিবৰ আজি বাৰ বছৰ হ'ল। ময়ো ভাবি আছৌঁ এই দেহা কেতিয়া পৰে। ডাঙৰীয়া! আমাক আপোনাসকলে পুতৌ কৰিব, মৰম কৰিব। আমি আন একোৰে ভিখাৰী নহলেও মৰমৰ ভিখাৰী!" ডাঙৰীয়াজনে ক'লে--"আতৈ! আপোনাৰ সমস্ত বৃত্তান্ত শুনিলোঁ; কিন্তু মোৰ তিনি চাৰিটা বিষয় আপোনাক সুধিবলৈ আছে। আজিলৈ বাৰু এৰিলোঁ কিন্তু কাইলৈ আকৌ আমনি কৰিমহি।" আতৈয়ে ক'লে--"বাৰু ডাঙৰীয়া! আপুনি যিহকে সোধে তাকে অকপট চিত্তে ক'ম।


==ত্ৰয়োবিংশ অধ্যায়==
পিছদিনা ডাঙৰীয়াজনে আকৌ আতৈক লগ ধৰিলে--"আতৈ! মোৰ প্ৰথম কথা এই--আপুনিতো নিজ ইচ্ছাত মান দেশলৈ যোৱা নাছিল। আৰু গলেও আপুনি নিজে কোৱা মতে আপুনিতো তাত অখাদ্য খোৱা নাছিল। আপুনি দেশৰ ইমান হিতৈষী যে নিজৰ জীৱনকো আগ কৰি ৰজাৰ হকে, দেশৰ হকে মানেৰে সৈতে যুঁজিছিল। অনিৰাম আৰু ৰূপহীৰ কেনেবাকৈ শান্তি হেৰায় বুলি আপুনি কি ভয়ঙ্কৰ স্বাৰ্থত্যাগ কৰিছিল; আপুনিতো বাহি কৰাপাটতেই সিদ্ধি লাভ কৰিছিল; এনেবিলাক স্থলতো আপোনাৰ প্ৰায়শ্চিত্তৰ বিধান হল ইয়াৰ অৰ্থ মই হলে বুজিব নোৱাৰোঁ। পৰাচিতৰ আচল অৰ্থ হৈছে যে স্বইচ্ছাই কোনো এটা দোষ কৰিলেহে দণ্ড বা পৰাচিত হব লাগে; পৰাচিত মানেই দণ্ড। কথাতেই কয় পাপৰ পৰাচিত হ'ল। আপুনিনো কি পাপ কৰিছিল যে পৰাচিত হবলগীয়া হৈছিল।

মই হলে বুজো যে এই পৰাচিতৰ নিচিনা অনুষ্ঠান কেৱল বামুণে নিজৰ প্ৰাপ্তিৰ উদ্দেশ্যেহে সমৰ্থন কৰি থৈছে। মনত উন্নতি নহলে বাহিৰৰ সেই বামুণৰ মন্ত্ৰ কেইটাৰ আৰু কুশ দুবৰিৰে ছিটোৱা পানী দুটোপাৰনো কি বলটো বা উপকাৰটো আছে? এনেকুৱা বিচাৰহীন অযুক্তিকৰ অনুষ্ঠানবিলাকে আমাক মনুষ্যত্ব লোপ কৰি থৈছে। আমাক গোলামৰো গোলাম কৰি ৰাখিছে। বামুণে নিজৰ পেট পুহিবৰ অৰ্থে এইবিলাক ফাঁকতি স্ৰজিছে। বামুণেই এই দেশখন খালে।"

আতৈ--"ডাঙৰীয়া! আপুনি বৰ ডাঙৰ অভিযোগ কৰিলে। এই সমস্তৰে উত্তৰ মোৰ নিচিনা শাস্ত্ৰজ্ঞানহীনে যে আপোনাক পৰিয্কাৰৰূপে বুজাব পাৰিম এই আশা মোৰ নাই। তথাপি সাধাৰণ বুদ্ধিৰে দুই চাৰিষাৰ কথা কওঁ শুনক। বাৰু! আপুনি কেতিয়াবা হাবিৰ পৰা ধৰি অনা ভাটৌ পোৱালি পুহিছেনে? অথবা কাউৰ এটা ধৰি আনি এদিনমান ৰাখি কাউৰ ভাটৌ পোৱালি দুয়োটাকে এৰি দি চাইছেনে? প্ৰথমে সেই এৰি দিয়া কাউৰটোক বা ভাটৌটোক বনৰীয়া কাউৰে আৰু ভাটৌৱে এদিন দুদিনকৈ লগকে নিদিয়ে। দেখিলেও খুটিবলৈ আহে। পিছত দুই চাৰি দিন বা অন্তত: এৰাতি বা দুৰাতি অকলৈ থকাৰ পিছতহে বনৰীয়া জ্ঞাতিবৰ্গৰ লগ পায়। ঘৰচীয়া হাতীও কেতিয়াবা ডোল ছিগি মুকলি হলে সেই হাতীয়েও সতকাই বনৰীয়া পালত লগ নাপায়গৈ ইয়াৰ কাৰণ কি? সিহঁতেতো নিজ ইচ্ছাত মানুহৰ ঘৰত বসতি লোৱা নাছিল; তেনেস্থলতো বনৰীয়া জ্ঞাতিয়ে সিহঁতক কিয় সতকাই লগ নিদিয়ে? ইয়াৰ কাৰণ ডাঙৰীয়া! মানুহৰ সংসৰ্গত থাকি এই বনৰীয়া জন্তুকেটাৰো শৰীৰৰ অণুপৰমাণুবিলাকত, উপাদানবিলাকত কিবা এটা ব্যতিক্ৰম ঘটৈ। সেই ব্যতিক্ৰম ঘটাৰ বাবেই সিহঁতৰ বনৰীয়া জ্ঞাতিবিলাকে সিহঁতৰ গাৰ গোন্ধ পায়। ঘৰচীয়া জন্তুৰ গাৰ বতাহে বনৰীয়া জন্তুৰ বতাহে সৈতে নমিলে মানে লগ নিদিয়ে। সেইদৰএই এক দেশৰ এক আচাৰ অনুষ্ঠানৰ মানুহ যদি অন্য দেশত থাকে, আৰু আচাৰ অনুষ্ঠানত প্ৰৱৰ্ত্তা মানুহৰ মাজত থাকে তেনেহলে শৰীৰৰ অণুপৰমাণুবিলাকক অলপ নহয় অলপ ব্যতিক্ৰম ঘটে। সেই ব্যতিক্ৰম নিজৰ দেশৰ মানুহৰ উপযুক্ত নহয়। এনেকুৱাবিলাক কাৰণেই লঘোণে ৰাখি গা ধুৱাই পৰাচিত কৰিহে লগ দিয়ে। পৰাচিত শাস্ত্ৰত কৈছে "ভক্ষ্যাভক্ষ্য স্পৰ্শাস্পৰ্শ অনেক নিষিদ্ধাচৰণ জ্ঞানাজ্ঞানৃত পাপক্ষয়াৰ্থং প্ৰাজাপত্য ব্ৰতা সক্তৌ প্ৰাজাপত্য ব্ৰতা সম যথৈক চান্দ্ৰায়ণ ব্ৰতকল্প" ইত্যাদি ইত্যাদি। অভক্ষ্যৰতো কথাই নাই, আনকি স্পৰ্শাস্পৰ্শ, নিষিদ্ধাচৰণ, অজ্ঞানকৃত পাপকো ক্ষয় কৰিবলৈ পৰাচিতৰ বিধি। ইয়াৰ কাৰণ কি ডাঙৰীয়া! জানেনে? অভক্ষ্য খালে হিন্দুৰ শৰীৰৰ অণু-পৰমাণুৰ বিচত্ৰতা ঘটে। সেই অণু-পৰমাণুৰ বিচিত্ৰতাই হিন্দুৰ মন আৰু আধ্যত্মিকতাত সৰহ নহলেও অতি সামান্যৰো সামান্য পৰিবৰ্ত্তন ঘটায়। হিন্দুৰ যোগতত্ত্ব, আধ্যাত্মিক তত্ত্ব অনুসাৰে চেতনৰৰূ’ি মনৰ ওপৰত দেহৰূপী জড়ৰ এফেৰা আধিপত্য আছে। আমাৰ হিন্দুৰ মতে সুস্থ দেহতহে সুস্থ মন হয়। সেইদেখি মনৰ সাধন কৰিবলৈ হলে দেহৰো সাধন লাগে। নিশা লঘোনে থাকিলে দেহৰ যেনে হলেও এফেৰা সাধন হয়, তাৰ পিছত পানীত গা ধুই তিতা তিয়নিৰে থাকি মন্ত্ৰ উচ্চাৰণ কৰাৰ পৰাও দেহৰ অনুশোধন হয়। পৰাচিতৰ দক্ষিণাই বা কি বেছি। দিব পৰাৰ পৰা জিতেন্দ্ৰিয় ব্ৰহ্মপৰায়ণ বামুণে এশ ছকুৰিও এটা পৰাচিতত লব পাৰে। নোৱাৰাৰ পৰা ফুল এটি, তামোল এখন লৈও কৰি। কাজে কাজে এই অনুষ্ঠানক একেবাৰে বামুণৰ স্বাৰ্থসিদ্ধিৰ আঁকতিকে বা বুলিম কেনেকৈ?" ডাঙৰীয়াজনে আকৌ সুধিলে "বাৰু আতৈ! আপুনি যে হিন্দুৰ আধ্যাত্মিকতা কৈ চিঞৰিছে অকল হিন্দুৰেহে সেই আধ্যাত্মিকতা আছে আন ধৰ্ম্মৰ নাইনে? আপুনি কেতিয়াও কব নোৱাৰে যে বৌদ্ধ ধৰ্ম্মত, মুচলমান ধৰ্ম্মত, খৃষ্টীয়ান ধৰ্ম্মত আধ্যাত্মিকতা নাই। বৌদ্ধৰ ভিতৰতো, মুচলমানৰ ভিতৰতো মহা মহা যোগী, সাধু, পীৰ, সাধুসকল আছে। হিন্দুৰো যিসকল পৰম সাধু, পৰমহংস পৰম বৈৰাগী সেই সকলো দেখোন কথাই কথাই পৰাচিত নহয়। ইয়াৰ উপৰি হিন্দুৰ আচল মহাত্মা সকলে দেখোন জাতকুল, বৰ্ণাশ্ৰম সমস্ত এৰে। কৰ্ম্মৰ চৰম লক্ষ্য ব্ৰহ্মপ্ৰাপ্তি। এনেস্থলতনো সামান্য পৰাচিতে কিটো উপকাৰ কৰে।" আতৈয়ে ক'লে--"ডাঙৰীয়া! মহাসিদ্ধ বা মহাযোগী হব পাৰিলে তেনেকুৱাজনলৈ পৰাচিতৰ বিধি, বৰ্ণাশ্ৰম বিধি নাই যে সেইটো সঁচা। কিন্তু আমাৰ নিচিনালৈ পৰাচিত হোৱা উচিত। আন ধৰ্ম্মত যে আধ্যত্মিকতা নাই এই কথা কব নোৱাৰোঁ। নিজ চকুৰেই মানৰ দেশত পৰম আধ্যাত্মিক ফুঙ্গিও দেখিছোঁ। কিন্তু তথাপি এইটো নকৈ নোৱাৰোঁ যে আমাৰ সাধাৰণ হিন্দুৰ আধ্যাত্মিকতা যেনেহলেও আমাৰ এটা সুকীয়া বস্তু। আমাৰ নিজস্ব। আমি ইয়াৰ মাজেদিহে ক্ৰমশ: ওপৰলৈ উঠিব লাগিব। মাছৰ জন্মস্থান আৰু জীয়াই থকা স্থান পানীহে। হৰিণাৰ হাবিহে। মাছও হাবিত নিজীয়ে, হৰিণাও পানীত থাকিব নোৱাৰে। অৱশ্যে মানুহ সকলো জীৱৰে শ্ৰেষ্ঠ, সেইদেখি প্ৰায় সকলো অৱস্থাতে থাকিব পাৰে। কিন্তু হিন্দুৱে হিন্দুৰ আধ্যাত্মিকতা বিচাৰিবলৈ হলে, সহজে সুগমে পাবলৈ হলে, প্ৰৱৰ্ত্তিত অনুষ্ঠানৰ মাজেদিহে যাব লাগিব। আন মাৰ্গেৰে গ'লে হয়তো ঢেৰ খুন্দা কাটল খাব লাগিব। আমাৰ পক্ষে যিটো বাট বেছি বাধা বিঘিনি নাই সেইটো বাটেদিহে যোৱাটো প্ৰশস্ত।

দ্বিতীয়ত: যদি ধৰি লোৱা যায় যে পৰাচিতে কোনো আধ্যাত্মিকতা দিব নোৱাৰে, তথাপি যেতিয়াই বিদেশৰ পৰা উলটি আহি পৰাচিত নহলে আমি মৰমৰ আই, বোপাই, ভাই, দেশৰ বন্ধু-বান্ধৱৰ লগ সঙ্গ নেপাওঁ তেতিয়া এই সৎসামান্য খৰচৰ অনুষ্ঠান ফেৰা আচৰণ কৰাতেই বা হানি কি? যদি ধৰা যায়, কোৱা যায় যে "মই কোন পাপ কৰা নাই, অন্যায় কৰা নাই, পৰাচিত নহওঁ" তেনেহলে এনেকুৱা গোঁৱাৰামি দাম্ভিকতাৰহে চিন, অহঙ্কাৰৰহে কথা। ই বৈষ্ণৱ ধৰ্ম্ম বিৰোধী।" ডাঙৰীয়াজনে ক'লে--"আতৈ! আন মানুহে জানিবা এই পৰাচিতৰ অনুষ্ঠানত নিজৰ বিশ্বাস নেথাকিলেও ভাই-বন্ধু, ইষ্ট-কুটুম্ব, পিতৃ-মাতৃ এই সকলৰ সংসৰ্গ লভিবলৈকে পৰাচিত হয়; কিন্তু আপোনাৰতো ইহ সংসাৰত প্ৰায় কেৱে নাছিল। আপুনি সত্ৰত নেথাকি নিজে নিজেইতো য'তে ত'তে এটা জুপুৰি বান্ধিও থাকিব পাৰিলেহেঁতেন, আৰু আপুনি যি কাঠৰ কাজ জানে তাকে কৰিয়েই দেখোন নিজকো পুহিব পাৰিলেহঁতেন আৰু দহজন দেশীভাইক কাঠ মিস্ত্ৰিৰ কাম শিকাই আপোনাৰ বহুদৰ্শিতাৰপৰা ওপজা শিক্ষা দি উপকাৰ কৰিব পাৰিলেহেঁতেন। গোটেইটো জীৱন সত্ৰত উদাসীন হৈ থাকি দেশৰনো কি উপকাৰ সাধিলে!" আতৈ--"ডাঙৰীয়া! মোৰ মনৰ গতি তেনেকুৱা হোৱা হলে মই সেইদৰেই কৰিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ মনৰ গতি হ'ল জীৱনৰ বাকী ছোৱা মোৰ নিজৰ সত্ৰৰ বৈষ্ণৱসকলৰ সংসৰ্গত থাকি কটোৱা। সেইবাবে মই এই সত্ৰতে ৰ'লোঁহি। দেশৰ দহজনক উপকাৰ কৰিব পৰা কথা যে কৈছে এই বিষয়ে মই পিছত ক'ম। কিন্তু আপুনি যে ক'লে--"যেতিয়াই আপোনাৰ ইহ সংসাৰত কেৱে নাই আপুনি পৰাচিত নোহোৱা হলেও হ'লহেঁতেন" মই এই কথাত অলপ বেজাৰ পালোঁ; কিয়নো মোৰ আই, বোপাই, ভাই, তিৰোতা নেথাকিলেও আপোনালোকৰ দহজনেই মোৰ নিজা নহয়নে? এই বৈষ্ণৱবৃন্দ, এই মোৰ ঈশ্বৰ পুৰুষ, এই মোৰ যাদৱৰায়, এই মোৰ ব্ৰহ্মপুত্ৰ, এই মোৰ অসমত থকা সকলো মানুহ আন কি এই পৃথিৱীৰ মানুহ মাত্ৰেই, আৰু মোৰ দেশৰ গছ, গছনি, তৰু, তৃণ, পক্ষী, পতঙ্গ এই সকলো মোৰ নিজা নহয় নে? মোৰ এই অসমদেশখনেই নিজৰ দেশ নহয়নে? মইনো আন কোন ঠাইত এই নদী, এই হাবি, এই ব্ৰহ্মপুত্ৰ, এই সত্ৰ, এই বৈষ্ণৱবৃন্দ পাম। পৰাচিত নহৈ য'তে ত'তে এঠাইত থকা হলে আপুনিয়েই জানো মোক মনে মনে লেই লেই ছেই ছেই নকৰিলেহেঁতেন? আপুনিয়েই জানো আমাক এই ফেৰা প্ৰীতি কৰিলেহেঁতেন? আমাৰ ওচৰলৈ আপোনাৰ নিচিনা ডাঙৰ মানুহ জানো চাপিলহেঁতেন? পৰাচিত নহলে যি স্থলত মোৰ নিজৰ দেশীভাইসকলৰ সম্পূৰ্ণ লগ নেপাওঁ, তেনেস্থলত এই পৰাচিত ফেৰা হোৱাই বা দোষ কি? বিশেষ ডাঙৰীয়া! মোৰ হতুৱাই যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ মাতি মাতি মোক পৰাচিত কৰিছিল সেই সময়ত দৰাচলতে মোৰ বৰ ভাল লাগিছিল। পৰাচিত হৈ উঠি কানিকাপোৰ সলাই উঠিলত মোৰ মনত এনেকুৱা লাগিছিল মই যেন এটা নতুন জীৱনহে পাইছিলোঁ। যেন মোৰ সমস্ত শোক-তাপ-দুখৰ শান্তি হৈছিল। তাৰ পিছত যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ মাতি মাতি দুবৰিৰ আগেৰে পানী ছটিয়াইছিল তেতিয়া ডাঙৰীয়া! মোৰ এনেকুৱা লাগিছিল যেন প্ৰত্যেক টোপ পানীৰ কণাই মোৰ মনত সোমাই বৈদ্যুতিক আলোকেৰে মোৰ এন্ধাৰ মনক পোহৰ কৰিছিল। পৰাচিত কৰোৱা ব্ৰাহ্মণ যিমান শুদ্ধ আৰু সাত্ত্বিক হয় সেই অনুপাতে পৰাচিত হোৱা জনৰ উপকাৰ হয়। সেইদেখি ডাঙৰীয়া! পৰাচিত কৰোৱা ব্ৰাহ্মণজনো অতি নিৰ্ম্মল আৰু সাত্ত্বিক হব লাগে। সত্ৰৰ উদাসীন আৰু নিৰ্ম্মল, আৰু ঈশ্বৰ কৃষ্ণপৰায়ণ ব্ৰাহ্মণ যে কিমান শুদ্ধ আৰু সাত্ত্বিক তাকনো মই আপোনাক কি বুজাম। ডাঙৰীয়া! পৰাচিতৰ নিচিনা অনুষ্ঠান ফেৰাও অকল ব্ৰাহ্মণৰ স্বাৰ্থ সিদ্ধিৰ নিমিত্তেই নহয়। মোৰ মনেৰে ইয়াত সামাজিক আধ্যাত্মিক সকলো প্ৰকাৰ আছে।"

ডাঙৰীয়া--"আতৈ! আপোনাৰ মুখে, যি কি নহওক পৰাচিতৰ উপকাৰিতাৰ বিষয়টো শুনিলোঁ; কিন্তু এই বিষয়ে আৰু এটা কথা নুসুধি নোৱাৰোঁ। সেইটো হৈছে যে আপুনি ক'লে যে ব্ৰাহ্মণে দিব পৰাৰ পৰা এশ ছকুৰিও লন পাৰে। দিব নোৱাৰাৰ পৰ আতামোল পাণ এটাকে দক্ষিণা স্বৰূপে লৈয়ো কৰিব পাৰে। কিন্তু আমি দেখো প্ৰায় সততে দেখিবলৈ পাওঁ যে অনেক ব্ৰাহ্মণেই দিব পৰাকহে আগ্ৰহ কৰি পৰাচিত কৰে। দিব নোৱাৰা দুখীয়া মানুহক দেখো তামোল পাণ লৈ নকৰে। বৰং তেনেকুৱা দুখীয়া মানুহ পৰাচিত হব খুজিলেও দেখোন দুই চাৰিজন দেউৱে তাক দূৰতে লেই লেই ছেই ছেই কৰি খেদে। তামোল-পাণ এটা লৈ কৰাটো দূৰৈতে থাওক। ব্ৰাহ্মণ মহালভী নহয়নে? আপুনিনো এই বিষয়ে কি কয়?"

আতৈ--"ডাঙৰীয়া! যি ব্ৰাহ্মণে এনেকুৱা আচৰণ কৰে সি জনমত ব্ৰাহ্মণ হ'লেও কৰ্ম্মত দৰাচলতে ব্ৰাহ্মণ নামৰ উপযুক্ত নহয়। তেনেকুৱা ব্ৰাহ্মণ ঈশ্বৰৰ কৃপাৰ ভাজন নহয়। তেনেকুৱা লোভী ব্ৰাহ্মণৰ দ্বাৰাই পৰাচিত হোৱাৰ ফল নাই। কিন্তু ডাঙৰীয়া! মই হলে ইওতো জানো যে ধন চহকী ডাঙৰীয়াসকলেহে বামুণক পৰাচিতৰ দক্ষিণা ফেৰা দিয়াত যিমান পাৰে কেৰজেৰ কৰে। যিসকল দুখীয়া মানুহ সেইসকল সৰল, সেইসকলে খুজি-মাগি আনিও, ব্ৰাহ্মণৰ দক্ষিণাটো গোটাই সেই দক্ষিণা সাধ্যানুসাৰে মিনতিৰে দিহে পৰাচিত হয়। অৱশ্যে আজিকালি দিনক দিনে কলি প্ৰৱল হৈছে, সেই কাৰণে ব্ৰাহ্মণো লোভী আৰু দিব পৰা ডাঙৰীয়া সকলো কৃপণ। এইবিলাকৰ কাৰণেহে এইটো ফকৰা সৃষ্টি হৈছে--"ভকতি ভোমাই মাই, গুৰু আশাধাৰী, শিষ কপটীয়া, জীৱৰো তৰণি নাই।"

ডাঙৰীয়া--"বাৰু, আতৈ; আৰু এটা কথা সোধোঁ। আপুনি সত্ৰলৈ আহোঁতেই যে আপোনাক সেই নিশা কৰাপাটতে একো খাব-বব নিদিয়াকৈ উদাসীন ভকতসকলে সোধপোচ নকৰাকৈ এৰিলে এইটো জানো ভাল? নিশা যদি আপোনাক সেই বাঘটোৱে খালেহেঁতেন।"

আতৈ--"এই কথাৰ সমিধান ঈশ্বৰ পুৰুষে প্ৰত্যুষতে মোক কোৱা কথা কেইষাৰৰ পৰাই নুবুজিলেনে? উদাসীণৰ প্ৰাণ কোমলতো কোমল, কঠিনতো কঠিন। সত্ৰ বিধান আছে লেটি-পেটি থকা হিন্দু মানুহ সত্ৰলৈ সুমাব নাপায়। সেই কাৰণেই পৰাচিত নহলো মানে মোক সোমাব নিদিলে। নিশা খাবলৈকো নিদিলে। তাৰ দ্বাৰাই মোৰ ভক্তিৰ আৰু বিশ্বাসৰ পৰীক্ষা হ'ল; আৰু মোৰ উপকাৰো হ'ল। মই নিজৰ দেশৰ নিমিত্তে প্ৰাণ আগবঢ়ালেও মোৰ দেশী ভায়ে পুৰণি শাস্ত্ৰৰ বিধান ত্যাগ কৰিব নোৱাৰে; আৰু দৰাচলতে ত্যাগ কৰা উচিতো নহয়। অৱশ্যে দেশ-কাল চাই, মানুহজনৰ সকলো পাৰিপাৰ্শ্বিক অৱস্থা বুজি পৰাচিতৰ মাত্ৰাৰ কম বেছিৰ ব্যৱস্থা শাস্ত্ৰয়ে দি থৈছে। শাস্ত্ৰ প্ৰৱৰ্ত্তনকাৰীসকলে সেই অনুসাৰেই চলে। পৰাচিত হোৱাৰ আগেয়ে লঘোণে থকাটো নিয়ম। সেই দোষ মোৰ; সেই লঘোণটো কৰাপাটতে হৈ গ'ল। বাঘে যদি খালেহেঁতেন! মোকতো সত্ৰে মাতি অনা নাছিল। মই নিজেহে স্বইচ্ছাত আহিছিলো। মোৰ যদি আগ্ৰহ নেথাকিলেহেঁতেন তেনেহলে মই ভাটিবেলাতে ওচৰৰ গাঁৱলৈ গৈ আশ্ৰয় ললোঁহেঁতেন। মোৰ একান্ত ইচ্ছা হৈছিল যে দেহ যায় যদিও তথাপি মই সেই ঠাইৰ পৰ আনুঠো। সেই কাৰণে বাঘে আহি মোক ভয় খুৱাইছিল; কিন্তু ক'তা? মোক নেখালে দেখোন। বিশেষ পাপ নকৰিল এনেকুৱা সিদ্ধস্থানবিলাকৰ বনৰীয়া হিংসুক জন্তুৱেও অপকাৰ নকৰে। বাঘটোৱে সত্ৰৰ ফালে মূৰ দোঁৱাই সেৱা কৰিহে গৈছিল যেন লাগিছিল।"

ডাঙৰীয়া--"আতৈ! আপোনাৰপৰা ভালেমান কথা জানিলোঁ। এতিয়া উঠিলোঁহে; কিন্তু মোৰ আৰু কেইটামান বিষয় আঁতিগুৰি মাৰি আপোনাক সুধিবৰ ইচ্ছা ৰ'ল।"
আতৈ--"বাৰু আকৌ কাইলৈ আহিব। যি সোধে শক্তি চাই তাৰ উত্তৰ আপোনাক জনাম।"

ডাঙৰীয়া উঠি গ'ল; কিন্তু তেওঁৰ প্ৰাণত খেলিব ধৰিলে "প্ৰভু! তোমাৰ কৃপাত নিৰ্ম্মল আতৈ ধন্য। নিৰ্ম্মল আতৈ ধন্য! নিৰ্ম্মল আতৈ দৰাচলতে ত্যাগী, সিদ্ধ মহাপুৰুষ। ময়ো ধন্য যে এনেকুৱা এজন বীৰ, ত্যাগী, দেশহিতৈষী, প্ৰেমিক মহাপুৰুষেৰে সৈতে মন প্ৰাণ খুলি কথা-বতৰাৰ সুবিধা পাইছোঁ। শাস্ত্ৰৰ বিধান বা কেনে কোমল! কেনে কঠোৰ! আৰু বুজিলে কেনে যুক্তিপূৰ্ণ।

==চতুৰ্ব্বিংশ অধ্যায়==
পিছদিনা ডাঙৰীয়াজন আকৌ যথাসময়ত আতৈৰ ওচৰতে আহি বহিল। আতৈয়ে ক'লে--"ডাঙৰীয়া! আপুনি কি সুধিব খুজিছে সোধক।" ডাঙৰীয়াজনে ক'লে--"আতৈ! মোৰ কথাটো এই--আপুনি কৰাপাততে সপোনত আপোনাৰ কৃষ্ণক যেতিয়াই দেখিছিল তেতিয়াইতো আপোনাৰ সিদ্ধি হৈয়ে গৈছিল, এনেস্থলতো আপোনাৰ আকৌ গুৰু লৈ শৰণ ভজন, দীক্ষা ইত্যাদি ল'বৰ কি আৱশ্যক আছিল? মোৰ মনেৰে হলে এই গুৰুগিৰিটো গুৰুসকলৰ নিজৰ ৰোজগাৰ বঢ়োৱাৰহে বাট। ক্ষমা কৰিব মই এই ফেৰা টান কথা কলোঁ।"

আতৈ--"ডাঙৰীয়া। আপুনি এইষাৰ টান কথা ক'লে। বাৰু মই কওঁ শুনক--হিন্দু ধৰ্ম্মৰ বাটত চলিবলৈ হলে গুৰু নহলেও নহয়। ধৰ্ম্মৰ বাট বৰ জটিল। সেই বাটেদি যাবলৈ হলেই বাট দেখুৱাওঁতা এজন লাগিবই। বাট দেখুৱাওঁতা নহলে বৰকৈ খুন্দা কাটল খাই ক'ৰবাত হাত-ভৰি ভাঙিব পাৰে। গু মানে আন্ধাৰ আৰু ৰু মানে যি সেই আন্ধাৰ হৰণ কৰি পোহৰ দেখুৱাই দিয়ে। গুৰুৱে দেখুৱাই নিদিলে বা চলাই নিনিলে, কি কৃষ্ণ-বিষ্ণু; কি শিৱ-দূৰ্গা, কি সূৰ্য-গণেশ কাকো পোৱা নাযায়। মোৰ বিচিনা নি:কিনৰ কথা এৰকেই, যিসকল অৱতাৰী পুৰুষ হৈ গৈছে সেই সকলোকো লোক-শিক্ষাৰ অৰ্থ হলেও গুৰুৰ আৱশ্যক হৈছিল। বিনা গুৰুৱে হিন্দু ধৰ্ম্ম লাভ নহয়। হিন্দধ ধৰ্ম্মটোৱেই গুৰু আৰু ব্ৰাহ্মণ এই দুটা ভেটিৰ ওপৰত স্থাপিত। এই দুটা বাদ দিলে হিন্দু ধৰ্ম্ম নাথাকে। আপুনি কৈছে যে মই যেতিয়াই কৰাপাটতে ঈশ্বৰ কৃষ্ণক সপোনত দেখিলো মোৰতো সিদ্ধিয়ে হ'ল। মোক আউৰ কেলেই গুৰু লাগিছিল। ডাঙৰীয়া! আপুনি নিজৰ মনতে, নিজৰ অভিজ্ঞতাৰ ওপৰতে নিৰ্ভৰ কৰি ভাবি চাওকচোন মন বোলা এই বস্তুটো কেনে চঞ্চল! আজি আপোনাৰ মনত, সংসাৰত কিছু ঠেলা-হেঁচা খাই বৰ বৈৰাগ্য উপস্থিত হ'ল; কাইলৈ বা পৰহিলৈ সংসাৰৰ ঠেলা-হেঁচা আঁতৰি গৈ আপোনাক বৰ সুখৰ অৱস্থাত তুলিলে, তেতিয়া আপোনাৰ মনত সেই দুখৰ অৱস্থাত ওজা বৈৰাগ্য ভাবটো থাকেনে বা থাকিব খোজেনে? আপুনি পাব পাৰে গীতাত অৰ্জ্জুনৰ নিচিনা ভক্তেও প্ৰভু কৃষ্ণক কৈছে--"চঞ্চলং হি মন: কৃষ্ণ প্ৰমাথি বলবদ্দধং তস্যাহং নিগ্ৰহং মনো বায়োৰিব সুদুষ্কৰং।" ইয়াৰ উত্তৰত প্ৰভু কৃষ্ণে কৈ কৈছে তাকো মনত কৰকচোন--"অসংশয়ং মহাবাহো! মনোদুনিগ্ৰহ: চলং অভ্যাসেন তু কৌন্তেয়। বৈৰাগ্যেন চ গৃহ্যতে।" ডাঙৰীয়া! মন বৰ চঞ্চল বস্তু। অৱশ্যে তিৰোতাজনী দেখি অহাৰ পিছত মই বৈৰাগ্য ভাবত সপোনত কৃষ্ণক দেখিছিলো; সিমানতে বা দীক্ষা-ভজন নললোঁহেঁতেন ডাঙৰীয়া! আপুনি ডাঠি ক'ব পাৰেনে যে মই আজি এই অৱস্থাতে থাকিলোঁহেঁতেন? মোৰ মনৰ পৰা সেই কৃষ্ণ কিজানি কিমান দূৰলৈ গ'লহেঁতেন আৰু কৃষ্ণৰ ঠাইফেৰা হয়তো কত ৰকম ভূত-প্ৰেত অৰ্থাৎ পাপভাবে অধিকাৰ কৰিলেঁহেঁতেন তাকনো কোনে কব পাৰে?"
ডাঙৰীয়া--"আতৈ! মই কথাটো নুবুজিলো। গুৰুধাৰণ নকৰা হলেও কিজানি আপুনি শুদ্ধ মনেই থাকিলহেঁতেন, গুৰুধাৰণ কৰিহে আপুনি শুদ্ধমনে ৰৈছে তাৰনো প্ৰমাণ কি?"
আতৈ--"ডাঙৰীয়া! আপোনাক সহজভাব কওঁ। সপোনত কৃষ্ণ যেন নিধি অকস্মাৎ কেতিয়াবা পালেও বা দেখিলেও দিঠকত সেই নিধি প্ৰায় পাহৰা যায়। গুৰুধাৰণৰ পৰা অৰ্থাৎ গুৰুধাৰণ আৰু গুৰুৰ পৰা নাম, মন্ত্ৰ, ভোজন ইত্যাদি লোৱাৰ পৰা এইটো হয় যে যি ইষ্ট তুমি সপোনত দেখিলা সেই ইষ্টাৰ ধাৰণা গুৰুৱে দিয়া নাম, মন্ত্ৰ, দীক্ষাৰ পৰা হৃদয়ত দকৈ বহে। অন্তত গুৰুৱে দিয়া মন্ত্ৰ নিতে সংগোপনে আবৃত্তি কৰিলে আৰু শ্ৰবণ, কীৰ্ত্তন, মনন, নিধিধ্যাসন ইত্যাদি নিতৌ কৰিলে তোমাৰ নাম ইষ্টৰ নাম আৰু ৰূপ হৃদয়ৰ পৰা অতি সহজে আঁতৰি যাব নোৱাৰে। আঁতৰিব খুজিলেও এইবিলাক নিত্য ক্ৰিয়াই বাট ভেটি ধৰিব। অৰ্থাৎ প্ৰভু কৃষ্ণৰ নাম তোমাৰ অন্তৰৰ পৰা, তেওঁৰ ৰূপ তোমাৰ হৃদয়ৰ পৰা সহজে যাব নোৱাৰিব। এইদৰে এই সমস্ত নিত্য ক্ৰিয়া কৰোঁতে কৰোঁতে অভ্যাসৰ বলত সেই নাম তোমাৰ জীৱন আত্মাৰ অংশ স্বৰূপ হৈ পৰিব। জীৱনত এই নাম আৰু ৰূপ তোমাৰ মনৰ অংশৰ নিচিনা হৈ গলে মৰণ কালত সেই নাম মুখেৰে আহিব আৰু সেই ৰূপ তোমাৰ হৃদয়ত অঙ্কিত হব। সেয়ে হলে তুমি মৃত্যুৰ সিপাৰলৈ গৈ তোমাৰ হৃদয়ৰ ধন সেই কৃষ্ণক পাবাগৈ। শাস্ত্ৰে কয়--"যাদৃশি ভাবনাৰ্যস্য সিদ্ধিৰ্ভবতি তাদৃশি।" গুৰুসকলেও ইয়াকেহে শিকায়। ইয়াকেইহে প্ৰভু কৃষ্ণে "অভ্যাস" আৰু "বৈৰাগ্য" বুলিছে। মই সপোনত কৰাপাটত যি ৰূপ দেখিছিলো সেই ৰূপকে ধ্যান কৰিবলৈ, সেই ৰূপকে গাবলৈ, স্তুতি কৰিবলৈ, কীৰ্ত্তন কৰিবলৈ, সেই প্ৰভুৰ নামকে লবলৈ মোৰ প্ৰাণৰ গুৰুদেৱে উপায় দিছে আৰু লগত পাৰ্ষদৰূপে ৰাখিও তাকেহে শিকাইছে। ডাঙৰীয়া! চাওক গুৰু কেনে পৰম বস্তু। কেনে বন্ধু, পিতা, আশ্ৰয়দাতা। গুৰু সাকষাৎ ভগৱান! আনকি গুৰুৰ আকাৰ কৃষ্ণ বুলিলেও হানি নাই। মোলৈ হলে বৰং কৃষ্ণকে নালাএ তথাপি মোক গুৰু লাগে। গুৰুক পালেহে কৃষ্ণক পাম। গুৰুক নাপালে কৃষ্ণকো নাপাওঁ। গুৰু তুষ্ট হ'লেহে কৃষ্ণ তুষ্ট হয়। ডাঙৰিয়া হিন্দুৰ গুৰু পৰম ধন--বিশেষ মন্ত্ৰদাতা গুৰুজন। ডাঙৰীয়া! মই এইখিনিতে আকৌ নাগাই নোৱাৰোঁ--"গুৰু মোকে দয়া ন ছাড়িবা এ।" ডাঙৰীয়াজনে ক'লে--"আতৈ! কথা এটা আকৌ সোধোঁ। সপোনৰ কৃষ্ণ এটা মায়া বা মৰীচিকা মাথোন নহয়নে? আৰু সেই মৰীচিকাৰ অৰ্থে সমস্ত জীৱনটোকে এই পৃথিৱীৰ এই সুখভোগ ত্যাগ কৰি সুখেৰে কটোৱাটোনো কি ভাল? সংসাৰলৈ আহিছোঁ খাম-ল'ম সুখেৰে থাকিম, তাকে নকৰি কৃষ্ণ কৃষ্ণ বা দুৰ্গা দুৰ্গা বা শিৱ শিৱ বুলি ছাঁয়া এটা খেদি ফুৰাৰ লাভ কি?"

আতৈ--"ডাঙৰীয়া! আপুনি মোক আকৌ অন্যায় কথা সুধিলে। অৱশ্যে আপুনি যেতিয়াই মোত নিৰ্ভয়ে কথা সুধিবলৈ আগেয়ে অনুমতি লৈছে, অৱশ্যে তেতিয়াই মই আপোনাৰ এনেকুৱা নাস্তিক ভাবৰ প্ৰশ্নৰো যথাসাধ্য উত্তৰ দিওঁ শুনবক। আপুনি দেৱীৰ, কৃষ্ণৰ, শিৱৰ ৰূপ কেইটাক ছাঁয়া বা মৰীচিকা-মায়া বুলিছে। বাৰু! মই সোধোঁ--আপোনাৰ এই দেহটো আনকি গোটেই জীৱনটো এটা মায়া বা ছাঁয়া নহয়নে? ধন, ঐশ্বৰ্য্য, বিভূতি, পুত্ৰ, কন্যা, স্ত্ৰী ইত্যাদি সকলো অনিত্য নহয়নে? আপোনাৰ আউৰ মোৰ নিজৰনো কোনটো বস্তু? বাপেকৰ আগত পুতেক মৰি যায়, বাপেকে দেখোন ৰাখিব নোৱাৰে। পত্নীৰ আগত পতি মৰি যায়, পত্নীয়ে ৰাখিব পাৰেনে> এই যে গছডাল দেখিছে ইও ছায়া বা মায়াহে। যিহেতু ইও অনিত্য, এদিন মৰি পচি সৰি যাব। এই যে বিশাল ব্ৰহ্মপুত্ৰনদটো দেখিছে ইয়াৰ গতিও এদিন লৰিব। ইও ছায়াহে। আপোনাৰ, মোৰ এই যে সুন্দৰ দেহ দেখিছোঁ ইও এদিন প্ৰাণবায়ুটৌ গ'লে পুৰি ছাই-ভস্ম হৈ মাটিৰ লগত মিলিব। এই সমস্ত বিশ্বসংসাৰো হয়তো সময়ত, কোটি কোটি যুগৰ পিছত লৰিব। কাজে কাজে এই সমস্ত বিশ্বসংসাৰেই ঈশ্বৰৰ ছায়া বা মায়াৰহে বিকাশ-অনিত্য। ঈশ্বৰেহে আচল সত্য বস্তু। সেই ঈশ্বৰক যেয়ে যিভাবে ভাল পায় সেইভাবে মাতে বা চিন্তে। যদি ঈশ্বৰক নিচিন্তি কেৱল খোৱা, শোৱা, পিন্ধা-উৰাত জীৱনটো কটোৱা যায় তেনেহলেনো মানুহৰে আৰু পশুৰে প্ৰভেদ কি? আৰু সংসাৰত সকলো জাতৰ মানুহেইনো ধৰ্ম্ম আছে, ঈশ্বৰ আছে বুলি কেলেই কয়? ডাঙৰীয়া, মানৱী জনমটো অকল বিষয়-সুখতে কটোৱাটো উচিত হোৱা হলে ৺মাধৱদেৱৰ নিচিনা মহাপুৰুষে নাগালেহেঁতেন:--
::বিষয় সমস্ত ইন্দ্ৰিয়ৰ সুখ
:::সমস্ত যোনিতে পায়।
::পৰম দুৰ্ল্লভ হৰিৰ ভকতি
::মনুষ্যত পৰে নাই।।

খোৱা-লোৱা-থকাই মনুষ্য-জনমৰ চৰম লক্ষ্য হোৱা হলে, ধৰ্ম্ম বোলা এটা বস্তু, ঈশ্বৰ বোলা এটা ভাব, এই পৃথিৱীত নেথাকিলহেঁতেন আৰু এই ধৰ্ম্ম আৰু ঈশ্বৰৰ অৰ্থে অসংখ্য নৰ-নাৰীয়ে, মহা মহা পুৰুষসকলে যুগে-যুগান্তৰৰ পৰা নিজৰ নিজৰ জীৱনবিলাক উছৰ্গা নকৰিলেহেঁতেন।"

ডাঙৰীয়া--"আতৈ! মই যে কৈছিলোঁ গুৰুৱে যে শৰণ ভজন ইত্যাদি দিয়ে এইবিলাক প্ৰথাও গুৰুসকলৰ ৰোজগাৰৰ বাট বহল কৰাৰহে ফাকতি। ইয়াৰ উত্তৰ কি? শিষ্যৰ জানিবা ঈশ্বৰ কৃষ্ণলৈ যাব পৰা বাটটো চিনাই দিয়াৰ বাবে লাভ হ'ল। গুৰুনো নিজা লাভ কিটো?"

আতৈ--"ডাঙৰীয়া! গুৰুৱে যদি শৰণ দিয়া, শিক্ষা দিয়া, নামমন্ত্ৰ দিয়া এইবিলাক কাৰ্য্য কেৱল নিজৰ জীৱিকাৰ উপায় কৰা বা ৰোজগাৰ বঢ়োৱাৰ বাট বুলি ভাবে তেন্তে দৰাচলতে গুৰুগিৰি দোকানদাৰিত পৰে। কিন্তু যদি গুৰুসকলে শিষ্যৰ নিস্তাৰৰ কাৰণে এই সমস্ত দিয়ে তেন্তে দৰাচলতে এইবিলাকে শিষ্যৰ যে উপকাৰ কৰেই গুৰুৰো উপকাৰ কৰে। ধৰ্ম্মৰ প্ৰধান অঙ্গ এটা দান। ধন, সোণ, মাটি, বৃত্তি দিয়াও দান। অপৰ বিধৰ দানতকৈ পিছৰ বিধৰ দান শ্ৰেষ্ঠ, যেহেতু অপৰ বিধৰ দান গ্ৰহণ কৰোঁতাজনৰ ক্ষণিক অথবা এই জীৱনৰ কালটোৰহে উপকাৰ সাধিব পাৰে। কিন্তু ঈশ্বৰৰ নাম-মন্ত্ৰ দানে এই জীৱন, পৰজীৱন, উভয় জীৱনৰে উপকাৰ সাধে। সেইদেখি এনেকুৱা স্থায়ী দান দিওঁতাজন ঈশ্বৰৰ প্ৰিয় হয়। এই দানে গুৰুক অক্ষয় বৈকুণ্ঠ দিয়ে।"

ডাঙৰীয়া--"আতৈ! আপোনাৰ বাখ্যা মনোৰম। কিন্তু আৰু এটি কথা সোধো। গুৰুনো কেই প্ৰকাৰ? মূল গুৰুনো কোন?"

আতৈ--"ডাঙৰীয়া! প্ৰত্যেক নৰ-নাৰীৰে হিন্দুধৰ্ম্মমতে আদি গুৰু পিতৃ-মাতৃ। পিতৃ সাক্ষাৎ কৃষ্ণ বা শিৱ বা ব্ৰহ্মা, মাতৃ সাক্ষাৎ ভগৱতী। এই সাকাৰ পিতৃ-মাতৃৰ ভাবৰে পৰা নিৰাকাৰ পিতৃ-মাতৃৰ ভাব উৎপন্ন হয়। 'পিতা স্বৰ্গ পিতা ধৰ্ম্ম পিতাহি পৰমন্তপ" মাতৃ "দেবী, গঙ্গা।" যিসকলৰ পিতৃ-মাতৃ আছে সেইসকলে পিতৃ-মাতৃৰ অৰ্চ্চনা কৰিলেই সমস্ত ধৰ্ম্ম লভিব পাৰে। নিৰাকাৰ পিতৃ বা মাতৃ ভাবৰ যিজনে দিয়ে সেইজনেই দীক্ষাগুৰু। যিসকলে এই পিতৃক বা মাতৃক কেনেকৈ ভাবিব লাগে, কেনেকৈ পূজিব লাগে ইত্যাদি কৰ্ম্ম, আনকি লিখা-পঢ়া শিকায় বা কোনো বিষয়তে জ্ঞান দান কৰে সেইসকলেই শিক্ষাগুৰু। যিজনে পোহপাল বা ৰোজগাৰৰ বাট দিয়ে সেইজনেই অন্নদাতা গুৰু। মূল গুৰু পিতৃ-মাতৃ দীক্ষাগুৰু এজন, শিক্ষাগুৰ অনেক।"

ডাঙৰীয়া--"আতৈ, আকৌ মই নকৈ নোৱাৰিলোঁ; ক্ষমা কৰিব। আপুনি যদি বিয়া-বাৰু কৰাই ঈশ্বৰ চিন্তাৰ লগে লগে সতিসন্তান ঘটিলেহেঁতেন তেনেহলে আপুনি, মোৰ বিবেচনাৰে, দেশৰ মহৎ উপকাৰ সাধিলেহেঁতেন। তাকে নকৰি আপুনি এই দীঘল মানৱী জনমটো উদাসীনভাবে কটাই আপুনি জানিবা নিজৰ গতি সাধিলে, কিন্তু আপোনাৰ মৰমৰ অসমৰ অৰ্থেনো কি কৰিলে?"

আতৈ--"(হাঁহি হাঁহি) "ডাঙৰীয়া! আপুনি সেই একেটা কথাতেই বাৰে বাৰে হেঁচা দিয়ে। বাৰু! মই যদি আকৌ বিয়া কৰাই সতিসন্তান কেতসোপামান তুলিলোঁহেঁতেন তেনেহলেই মই দেশৰ মহৎ উপকাৰ কৰা হ'লহেঁতেন নে? মনত কৰক, মই জানিবা সাত বেটাৰ বাপ হলোঁহেঁতেন কিন্তু মোৰ সাতোটা বেটাৰ এটা বাঘে-খোৱা, এটা দগধা চোৰ, এটা ডকাইত, এটা গোবধী, এটা ব্ৰহ্মবধী, এটা নৰহত্যাকাৰী ইত্যাদি হ'লহেঁতেন তেনেহলেনো মই সংসাৰ কৰি দেশৰ উপকাৰ সাধিলোঁহেঁতেন নে অপকাৰ সাধিলোঁহেঁতেন তাকে কওকচোন? আপুনি ডাঠি কব নোৱাৰে যে মোৰ ল'ৰা কেইওটা লক্ষ্মীৱন্ত, গুণৱন্ত হ'লহেঁতেন। বিশেষ ডাঙৰীবা! মই যেতিয়া এবাৰ বিবাহ কৰিয়ে সুখী নহলোঁ; তেনেস্থলত আকৌ বিয়া কৰাই জানো সুখী হলোঁহেঁতেন? সুখীয়েও হওঁ বা দুখীয়েই হওঁ মোৰ মনৰ গতি এইদৰে চলিল যেতিয়া এইদৰেই হ'ল। ইয়াত অমূলক কথা এটা ধৰি বিষাদ কৰিবৰ একো নাই।"

এই কথা-বতৰাৰ পিছত ডাঙৰীয়াজনে ক'লে--"আতৈ! আজি আৰু বেলি হ'ল। মোৰ আৰু এটা সুধিবলগীয়া আছে। কাইলৈ আকৌ সুধিমহি। বেজাৰ নেপাব।"

আতৈ--"কোনো কথা নাই, সুধিবহি। অকপটচিত্তে উত্তৰ দিম।"



[[Category: অসমীয়া]]
[[Category:উপন্যাস]]