Difference between revisions 336995 and 336998 on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full)

এই কথা-বতৰাৰ পিছত ডাঙৰীয়াজনে ক'লে--"আতৈ! আজি আৰু বেলি হ'ল। মোৰ আৰু এটা সুধিবলগীয়া আছে। কাইলৈ আকৌ সুধিমহি। বেজাৰ নেপাব।"

আতৈ--"কোনো কথা নাই, সুধিবহি। অকপটচিত্তে উত্তৰ দিম।"


==পঞ্চবিংশ অধ্যায়==
পিছদিনা যথাসময়ত ডাঙৰীয়াজনে আকৌ আহি আতৈক সুধিলে--"আতৈ! মোৰ শেহ প্ৰশ্ন এই দুটি--প্ৰথমতঃ, আপুনি সেই ৪৫ বছৰ বয়সৰে পৰা অৰ্থাৎ সত্ৰত আশ্ৰয় লবৰে পৰা এই দীৰ্ঘ কালটৌ ব্ৰহ্মচৰ্য্য ৰাখিব পাৰিছিলনে? যদি পাৰিছিল কি উপায়েৰেনো প্ৰবৃত্তিক অৰ্থাৎ কাম ৰিপুটোক জয় কৰিছিল? দ্বিতীয়তঃ, আপুনিনো মৰমৰ অসম মাতৃৰ কি উপকাৰ সাধিলে? অৱশ্যে আপুনি নিজৰ উপকাৰ সাধিছে কিন্তু দেশৰ হকেতো একো উপকাৰ নকৰিলে।"

আতৈয়ে হাঁহি হাঁহি ক'লে--"ডাঙৰীয়া! আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰত ইয়াকে কওঁ যে ঈশ্বৰত একান্ত ভক্তি কৰি মনক তেওঁত লয় কৰিব পাৰিলেই প্ৰবৃত্তিবিলাকৰ আপোনা-আপুনি দমন হয়। প্ৰকৃতীয়েও জীৱক প্ৰতিহিংসা নকৰি বৰং সহায়হে কৰে। এই সত্ৰত পুৱা-গধূলি-দুপৰীয়া প্ৰায় সকলো সময়তে ভগৱন্ত পুৰুষৰ উদ্দেশ্যে নামগুণ চলিবই লাগিছে। ইয়াৰ উপৰিও আন আন সময়ত আমাৰ ভকতেৰে সৈতে পৰস্পৰ কথা-বতৰা পাতোঁতেও আনকি ঈশ্বৰ পুৰুষৰ লগত কথা-বতৰা হওঁতেও কেৱল ধৰ্ম্মৰ বিষয় লৈহে আলাপ হয়। আহাৰ-বিহাৰত আমি কঠোৰভাবে চলোঁ। প্ৰকৃতিৰ অৰ্থাৎ স্ত্ৰীজাতিৰ সত্ৰলৈ সমাগমো সৰহকৈ হ'ব নিদিয়ে। এইবিলাক কাৰণে আৰু আচাৰ-অনুষ্ঠানো, আমাৰ মনো সততে কৃষ্ণত আৱদ্ধ থাকে। কাজে কাজে প্ৰবৃত্তিয়ে অৰ্থাৎ কাম ৰিপুৱে আহি মনক আকৰ্ষণ কৰিবলৈ সময় নাপায়। নাম লোৱা, পূজা-পাতল কৰা সময়খিনি সেইবিলাক কৰোঁতেই যায়। কিছূ সময় নিজৰ চাউলমুঠি বানি-খুন্দি লৈ সিজাই-পকাই খাওঁতেই যায়। কিছু সময় ঈশ্বৰ পুৰুষৰ ওচৰত বহি ধৰ্ম্মৰ আলাপ কৰোঁতে ধৰ্ম্মৰ তত্ত্ব লওঁতে যায়। আৰু মোৰ নিজৰ বিষয়ে হ'লে এইবিলাকৰ উপৰি যি সময় পাইছিলোঁ সেই সময়বিলাকত মই নিজ সত্ৰ, আনকি আন আন সত্ৰতো ঈশ্বৰ পুৰুষৰ আদেশমতে নামঘৰবিলাকৰ চৌতিমাৰলী ইত্যাদি ধুনীয়াকৈ কাটি অঁতাই-পিটাই মিস্ত্ৰী কাম কৰিলোঁ। মই আনকি নিজৰ পূৰ্ব্বকালডোখৰৰ কথাকে ভাবিবলৈ সময় নাপাইছিলোঁ। এইদৰেই জীৱন কটাওঁতে কটাওঁতে প্ৰবৃত্তি আপোনা-আপুনি দমন হৈ গৈছিল। আপুনি জানিবই পাৰে মই দুসাজ ভাত নাখাওঁ। ২৪ ঘণ্টাৰ ভিতৰত কোনোৰকমে নিৰামহীয়া ভাত খাই জীৱনটৌ কটালোঁ।"

ডাঙৰীয়া--"আতৈ! বাৰু কওকচোন কেতিয়াও, কস্মিনকালেও কেতিয়াবা ৰাতি শুবৰ সময়তো আপোনাৰ ৰূপহীলৈ আৰু প্ৰবৃত্তিৰ বস্তু তিৰোতা জাতিলৈ মনত পৰা নাছিলনে?"

আতৈ--"ডাঙৰীয়া! আপুনি বৰ বিষন ধৰণৰ লোক। এইষাৰত আপুনি বেজাৰ নাপাব। আপুনি মনৰ গুপুত বিষয়কো খোচাৰিছে। অৱশ্যে মই যেতিয়াই আপোনাক বাক্য দিছোঁ যে মই আপোনাক যিহকে সোধে অকপটচিত্তে ক'ম, তেতিয়াই আপোনাক কওঁ শুনক। ৪৫ বছৰ বয়সৰে পৰা তিনি কুৰি বছৰলৈকে মাজে মাজে মনলৈ প্ৰবৃত্তিৰ ভাব নাহিছিল তেনেকুৱা নহয়। সত্ৰত সোমোৱাৰ প্ৰথম তিনি বছৰমানলৈকে মোৰ মনত সেই নবঘনশ্যাম কৃষ্ণহে অহৰ্নিশ আছিল। তিনি বছৰৰ পাছৰ পৰা অৱশ্যে সেই মূৰ্ত্তি অলপ অলপকৈ আঁতৰিছিল। কিন্তু ৰূপ আঁতিৰলেও নাম আঁতৰিব নোৱাৰিছিল যেহেতু আমাক ঈশ্বৰ পুৰুষে নামৰ ওপৰতে ২৪ ঘণ্টা ৰ'বলৈ শিকাইছিল। চাৰি পাঁচ বছৰৰ পিছৰ পৰা অৱশ্যে কাচিৎ মাজে মাজে প্ৰকৃতিৰ ভাব আহিলেও মোৰ সেই মৰমৰ মাহীৰ ৰূপে আৰু মাহীৰ ৰূপৰ লগত দেৱীৰ ৰূপে লোভৰ সামগ্ৰী প্ৰকৃতিক খেদি দিছিল। সেইদেখি ডাঙৰীয়া। অভ্যাসৰ দ্বাৰা ধীৰে ধীৰে শেহত প্ৰকৃতি দেৱী মোৰ ওপৰত সন্তুষ্ট হৈছিল। প্ৰকৃতি দেৱীয়ে মোক কৃষ্ণক পাবলৈহে সহায় কৰিছিল।"

ডাঙৰীয়া--"তেন্তে আতৈ! মই আপোনাৰ কথাৰ পৰা ইয়াকে বুজিলোঁ যে প্ৰকৃতিৰ পৰিশোধৰ পৰা হাত সাৰি ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ ৰখিবলৈ এই কেটাই উপায়--

:১ম। ঈশ্বৰৰ নাম আৰু ৰূপত মন লয় কৰা।
:২য়। লয় নহয় মানে ধৰ্ম্মৰ আচাৰ আৰু অনুষ্ঠানত আৱদ্ধ থকা।
:৩য়। আচাৰ-অনুষ্ঠান কৰা সময় বাদ দি যিফেৰা সময় থাকে সেই সময়ফেৰাত দিনৰ ভাগত হলে খুব শাৰীৰিক কামত আৱদ্ধ থকা।
:৪ৰ্থ। নিশা ইমানবিলাকৰ ওপৰতো প্ৰকৃতিৰ উত্তেজনাইহে দেৱীক আৰাধনা কৰা অথবা নিজৰ মাক, মাহীয়েক, ভনী আদিৰ চিন্তা কৰা।"

আতৈ--"হয় ডাঙৰীয়া! প্ৰকৃতিক দমাবলৈ হ'লে এই চাৰিটাই প্ৰধান উপায়। এই চাৰি ৰকম উপায়েৰেই হিন্দুৰ ঋষি, মুনি, যোগী মহাত্মাসকলে প্ৰকৃতিক জয় কৰিছিল।"

ডাঙৰীয়া--"আতৈ! আৰু আপুনি জানিবা সত্ৰত সোমোৱাৰ আগেই সংসাৰত কষ্ট পাই এইদৰে প্ৰকৃতিক জয় কৰি ব্ৰহ্মত মন সমৰ্পন কৰিছ কিন্তু এটাইবিলাক উদাসীনেই এইদৰে কৰেনে?"

আতৈ--"ডাঙৰীয়া! এটাইবিলাকৰ কথানো কেনেকৈ ক'ম? কাৰ মননো কিদৰে জিত হয় তাকে বা কেনেকৈ ক'ম? মাত্ৰ এইটোকে ক'ব পাৰোঁ যে যি উদাসীনৰ মন কোনোৰকমেই ব্ৰহ্মচৰ্য্যত স্থিত নহয় সেই উদাসীনকেই আমাৰ সত্ৰত হলে সত্ৰৰ পৰা উলিয়াই দিয়ে। কেতিয়াও জোৰ-জবৰদস্তি কৰি নাৰাখে। বিশেষ, সত্ৰ প্ৰভু বনমালী দেৱৰ মাহাত্ম্যত শক্তিৰো এফেৰা বল আছে অৰ্থাৎ এই সত্ৰত ঈশ্বৰৰ মাতৃভাবটোও শুদ্ধাচাৰভাবে থকাৰ কাৰণেহে ইয়াত উদাসীন ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ থাকে। আন সত্ৰদাইত কি হয় কব নোৱাৰোঁ।"

ডাঙৰীয়া--"আতৈ! আপুনি কব পাৰেনে ৰূপহী এতিয়াও জীয়াই আছে?"

নিৰ্ম্মল আতৈ--"ডাঙৰীয়া! সেইটোনো কেলেই লাগিছে? শুনাত শুনিছো ৰূপহী জীয়াই আছে। তাইৰ এতিয়া ল'ৰা-ছোৱালী, নাতি-পৰিনাতি ইত্যাদিৰে ভৰপূৰ।"

ডাঙৰীয়া--"অনিৰাম আৰু ৰূপহী এই সত্ৰৰে সেৱক নহয় জানো?"

নিৰ্ম্মল আতৈ--"হয়।"

ডাঙৰীয়া--"তেন্তে তাইনো আপুনি জীয়াই থকা বুলি শুনা নাইনে?"

নিৰ্ম্মল আতৈ--"অৱশ্যে নেই শুনা। বিশেষ, ঈশ্বৰ পুৰুষে সকলো ভকতকে দঢ়াই দঢ়াই হুকুম দিছিল যে গাঁৱলৈ ধৰ্ম্ম উপল্ষে ভকত গলেও এই বষয়ৈ অৰ্থাৎ মই "জীয়াই আছো" বুলি ৰূপহীৰ গাৱঁত কৈ যেন কোনো অপকাৰ নকৰে।"

ডাঙৰীয়া--""বাৰু, ৰাসৰ সময়তো আজি অত বছৰে অনিৰাম আৰু ৰূপহী এই সত্ৰলৈ অহা নাইনে? আপুনি সিহঁতক কেতিয়াও দেখা নাইনে?"

নিৰ্ম্মল আতৈ--"আজি গ'ল তিনি কুৰি বছৰৰ ভিতৰত সিহঁত কেবাবেলিও আহিছিল। আহিলেও মই দেখা দিয়া নাছিলো। মই সেই কেইবাৰ ঈশ্বৰ পুৰুষৰ অনুমতিক্ৰমে আন চহৰৰ ফালে গৈছিলোঁ।"

ডাঙৰীয়া--"সিহঁতক দেখা হলে আপোনাৰ মনত কোনো বিকাৰ নহলহেঁতেন নে?"

নিৰ্ম্মল আতৈ--"ডাঙৰীয়া! ক'ব নোৱাৰোঁ, মোৰ নহলেও কিজানি সিহঁতৰ হ'লহেঁতেন। সেইদেখিও মোৰ পৰম দয়ালু সিদ্ধ ঈশ্বৰ গুৰু বাসুদেৱ প্ৰভুৱে মোক আঁতৰাই আঁতৰাই ৰাখিছে।"

ডাঙৰীবা--"আতৈ! মোৰ সকলো প্ৰশ্নৰে উত্তৰ পালো; কিন্তু মোৰ যে শেষ প্ৰশ্ন অৰ্থাৎ আপুনি দেশৰ হকে কি কৰিলে ইয়াৰ উত্তৰ কি?"

নিৰ্ম্মল আতৈ--"ডাঙৰীয়া! মইনো ইয়াৰ উত্তৰ কি দিম? যেতিয়া ডেকা আছিলো তেতিয়া দেশৰ হকেই সাহেৰে সৈতে যুঁজিছিলো। যেতিয়া মানদেশৰ পৰা উলটি আহিলো তেতিয়া দেখিলো যে মোৰ দেশ বৃটিছ-সিংহৰ সুশাসনৰ তলত। দেশত শান্তি স্থাপিত। দেশখানত এনেকুৱা কোনো বিপদ নাছিল যে মই সেই দেশৰ হকে আকৌ জীৱটো দিওঁ। মই আহি মনৰ বৈৰাগ্যত সত্ৰ সোমালো। মই এই সত্ৰ সোমাবৰে পৰা প্ৰায় অনেক সত্ৰতেই গুৰু ঈশ্বৰৰ আদেশ অনুসৰি কাঠৰ কাম কৰি দিছিলোঁ। নিজ সত্ৰ, পৰ সত্ৰবিলাকতো ডাঙৰ ডাঙৰ নাও অঁতাই-পিটাই দিছিলো। শিকিব খোজা দুই চাৰিজন মানুহকো এই কাম শিকাইছিলো। ইয়াৰ উপৰিও ঈশ্বৰ পুৰুষৰ আজ্ঞাত ঠায়ে ঠায়ে জটিল মেল-মকৰ্দ্দমা নিষ্পত্তি কৰিও ফুৰিছিলো। সত্ৰবিলাকত ভাওনাৰ সাজপাৰো সাজি দিছিলো। আৰু সত্ৰসম্পৰ্কীয় যি যি কামতে ঈশ্বৰ পুৰুষে লগাইছিল তাকে কৰিছিলো। আকালত সত্ৰৰ উৎপন্ন ধান-চাউল, টকাকৰিও ঠায়ে ঠায়ে মানুহক ঈশ্বৰ পুৰুষৰ আজ্ঞামতে দি সহায় কৰিছিলোঁ। ডাঙৰীয়া! এইবিলাকৰ উপৰিনো মই আৰু কি কৰিব পাৰিলোহেঁতেন? মোৰ শক্তিয়েই বা কিমান--বিদ্যাই বা কিমান?"

নিৰ্ম্মল আতৈৰ এই কথাত ডাঙৰীয়াজনে দীঘলকৈ হুমুনিয়াহ এটা কাছি নিৰ্ম্মল আতৈত ক্ষমা আৰু বিদায় মাগি পিছদিনা ৺যাদৱৰায়, ঈশ্বৰ পুৰুষ আৰু সমূহ বৈষ্ণৱক সেৱা-সৎকাৰ কৰি ডাঙৰীয়াজন সত্ৰৰ পৰা নিজ ঘৰলৈ উলটিল।

==সামৰণি==
তিনি য়চৰৰ মূৰত ডাঙৰীয়াজ আকৌ সত্ৰলৈ গৈছিল। তাত গৈ এইবাৰ নিৰ্ম্মল ভকতসকলে ক'লে যে "আজি প্ৰায় বছৰেক হ'ল নিৰ্ম্মল আতৈ বৈকুণ্ঠী হৈছে।" ডাঙৰীয়াজনে এই কথা শুনি প্ৰভু শুভদেৱ ঈশ্বৰ পুৰুষক জনালে--"প্ৰভু জগন্নাথ! নিৰ্ম্মল আতৈৰ বৈকুণ্ঠপ্ৰয়াণৰ বিৱৰণটো দাসে জানিব খোজে।" প্ৰভু জগন্নাথে চকু চলচলীয়া কৰি ক'লে--"কি ক'ম মোৰ নিৰ্ম্মল আতৈৰ মহিমা। তেওঁ চলিবৰ পৰা আমাৰ সত্ৰৰ যেন ধৰণী এটাহে গ'ল। তেওঁৰ বয়স এশৰ ওপৰ হ'লেও সদায় সেই নিয়মত গা ধোৱা, নিয়মমতে প্ৰসঙ্গ কৰা সকলো কামকে কৰিছিল। আন কি বৈকুণ্ঠী হবৰ দিনাও পুৱাৰে পৰা মই ভোজন কৰি উঠালৈকে সমস্ত কাম কৰিছিল। পিছত সেইদিনা মই আৰু সমূহ বৈষ্ণৱে ভোজনাদি কৰি জিৰাইছিলোঁ; এনতে নিৰ্ম্মল আতৈৰ বহাৰ পৰা মোলৈ খবৰ আহিল যে নিৰ্ম্মল আতৈয়ে মোক দেখা কৰিব খোজে। মই ক'লো--"নিৰ্ম্মল আতৈ মোৰ ইয়ালৈকে আহক বাৰু।" ভকতজনে ক'লে--"নহয় প্ৰভু! আতৈয়ে থিয় হ'ব নোৱাৰে বুলি কৈছে। তেওঁ আজি প্ৰসঙ্গ কৰি আহিবৰে পৰা তেওঁৰ বহাৰ আগৰ চোতালত থকা তুলসীৰ গুৰিতে বহি আছে। শ্ৰীচৰণক তাতে দেখা পাব খুজিছে।" এই কথাত মই ল'ৰালৰিঐ গৈ সুধিলো--"আতৈ! কেলেই মোক মাতিলা?" নিৰ্ম্মলে ক'লে--"প্ৰভু জগন্নাথ! দাসক এফেৰা পাদোদক দিয়ক, দাসৰ যাবৰ হ'ল।" মই ক'লো--"কি! তোমাৰ যাবৰ হ'লনে? ক'তা, তোমাৰ দেখোন বেমাৰ-আজাৰ হোৱা নাছিল।" আতৈয়ে ক'লে--"প্ৰভু! আদেশ হৈছে। সৌৱা মই ৰথ এখন দেখিছোঁ। এফেৰা পাদোদক দিয়ক।" এই কথাত মই মন্দিৰৰ পৰা অনাই ৺যাদৱৰায়ৰ চৰণামৃত দিলোঁ। তাকে খাই মোৰ পাদোদক শিৰত লৈ আতৈয়ে ক্ষীণ কণ্ঠেৰে গালে:--
::পৰম সুন্দৰ শ্যাম কলেৱৰ
:::ৰূপে কোটী কাম প্ৰায়।
::যেন কোটি শশী আচন্ত প্ৰকাশি
:::মধুৰ মূৰ্ত্তি সদায়।।
::কিৰীটি মুকুট চূড়ামণি যত
:::শিৰত কৰে প্ৰকাশ।
::কপালে অলকা ৰত্নৰ তিলকা
:::মুখে পদ্মচাৰু হাস।।
::কমল নয়ন সুন্দৰ বয়ন
:::অধৰ অৰুণ কান্তি।
::ভ্ৰুৱ কামচাপ মধুৰ আলাপ
:::কুণ্ড কৰি দন্ত পান্তি।।

এই শুৱলা গীতটো গায়েই আকৌ গালে--"বৈকুণ্ঠৰে ৰথ নামি আহা ঐ নামি আহা" এই বুলি কৈয়েই আতৈয়ে তৎক্ষণাৎ বহি বহিয়েই প্ৰাণবায়ু তেজিলে। যেনেকৈ বহি আছিল তেনেকৈয়ে ৰ'ল; কেৱল মাথোন মূৰটো সোঁফালে হালি পৰিল। ডাঙৰীয়া! মই আজিলৈকে এনেকুৱা সিদ্ধ ভকত মুক্ত পুৰুষ দেখা নাই।" এইবুলি ঈশ্বৰ পুৰুষ আৰু আন আন ভকতসকলে চকু চলচলীয়া কৰিলে। তাৰ পিছতে ঈশ্বৰ পুৰুষে আমাক ক'লে--"আমি ভকত লগোৱাই অন্তেষ্টি-ক্ৰিয়া কৰিবলৈ শৱটো পঠালো, কিন্তু কি আচৰিত। বাটতে সেইদিনা সিফালে বোকাখাটৰ পৰা বুঢ়া-বুঢ়ী অনিৰাম-ৰূপহীও সত্ৰলৈ আহোঁতে শৱটো লগ পাই সবিশেষ তেতিয়াহে ভকতসকলৰ পৰা জানিলে যে সেই শৱটো নিৰ্ম্মল ভকতৰ--ৰূপহীৰ প্ৰথম পক্ষৰ গিৰিয়েকৰ। ৰূপহী আৰু অনিৰামে ভকতসকলে কোৱা বৃত্তান্তৰ পৰা বেছকৈ বুজিলে যে তেওঁবিলাকক সুখী ৰাখিবলৈ বীৰশ্ৰেষ্ঠ নিৰ্ম্মল আতৈয়ে এনেকুৱা ঘোৰ স্বাৰ্থকো ত্যাগ কৰিছিল। জীয়াই থাকিও তেওঁলোকক ধৰা নিদিলে--পৰিচয় নিদিলে। ৰূপহীয়ে বুজিলে তেওঁৰ প্ৰথম পক্ষৰ স্বামী কি প্ৰমিক! কি উদাস! কি মহান। ৰূপহী-অনিৰাম উভয়ে কান্দিলে। চকুৰ লো টুকি টুকি শ্মশানলৈ গৈছিল আৰু অন্তেষ্ট-ক্ৰিয়াত যোগ দিছিল চিতাত তোলাৰ আগেয়ে সকলোৱে ভকতৰ মুখখন চালে। মুখত যেন লাৱণ্যহে চৰিছিল, যেন এটা প্ৰগাঢ় প্ৰফুল্লতাহে ফুটি ওলাইছিল। ৰূপহীয়ে আকৌ পাৰেমানে কান্দিলে। অনিৰামেও সমবেদনাত কান্দিলে। পিছত উভয়ে 'কৃষ্ণ, কৃষ্ণ, প্ৰভু যাদৱৰায়, প্ৰভু যাদৱৰায়' ইত্যাদি মাতিহে মন শান্ত কৰিছিল। পিছত আমি সত্ৰৰ পৰা যি হয় খৰচ কৰি শ্ৰাদ্ধবিধি কৰাই নামগুণ ধৰাইছিলো। ৰূপহী আৰু অনিৰামেও হেনো সিহঁতৰ বৰ পুতেকৰ হতুৱাই বৰ আস্তিকেৰে শৰাধ কৰাইছিল। আৰু সিহঁতে হেনো নিজে খৰচ কৰি নামঘৰ সজাই তাৰ ওচৰতে পুখুৰী খনাই আমাৰ ইয়াৰ পৰা ভকত নি সেই নামঘৰ আৰু পুখুৰী প্ৰতিষ্ঠা কৰাই নিৰ্ম্মল আতৈৰ নামে উছৰ্গি দিছিল।" ঈশ্বৰ পুৰুষৰ পৰা এইবিলাক বিৱৰণ শুনি ডাঙৰীয়াজনেও চকুৰ লো টুকি টুকি ক'লে--"ধন্য বীৰপ্ৰৱৰ, স্বদেশ-প্ৰেমিক, বিশহবপ্ৰেমিক, পৰম ত্যাগী, ধৰ্ম্মাত্মা মহাপুৰুষ নিৰ্ম্মল আতৈ। তুমি অসম মাতৃত নিমিত্তে মানৰ লগত যুঁজিছিলা। তুমি নিজে ত্যাগ স্বীকাৰ কৰিও অপৰক সুখী কৰিছিলা। ৰূপহী, অনিৰামৰ কেনেবাকৈ অশান্তি হব ইয়াকে ভাবি নিজকে গোপন কৰিছিলা। ঈশ্বৰ কৃষ্ণৰ প্ৰাণ সঁপি নিজকো ধন্য কৰিলা। আনকি এনেকুৱা স্বাৰ্থত্যাগৰ দ্বাৰাই তোমাৰ প্ৰাণৰ অসমকো ধন্য কৰিলা। তুমি দৰাচলতে গীতাৰ সেই ত্যাগী পুৰুষ! তুমি মহাপুৰুষ। নিশ্চয় নিশ্চয় তুমি মৃত্যুৰ আগখিনিতে তোমাৰ কৃষ্ণক দেখিছিলা। মৃত্যুৰ পাছতো বৈকুণ্ঠৰ বিমানত উঠি ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ গৈছা! মহাপুৰুষ! তুমি যেন অসমীয়াৰ প্ৰতি সদায় কৃপালু থাকা! তোমাৰ আৰ্হিয়ে যেন অসমীয়াক ত্যাগৰ বাটেৰে দেশৰ হিত চিন্তিবলৈ, দেশৰ হিত কৰিবলৈ শক্তিসামৰ্থ্য দিয়ে। অসমীয়া হিন্দুৰ প্ৰাণ যে কৃষ্ণত মগ্ন হয়।
::ওঁ শান্তি! শান্তি!!
:::শান্তি!!! 
 

[[Category: অসমীয়া]]
[[Category:উপন্যাস]]