Difference between revisions 336490 and 336528 on sourceswiki


{{header
 | title      = তুলা আৰু তেজা
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[চিলনীৰ জীয়েকৰ সাধু]]
 | next       = [[কটা যোৱা নাক খাৰণী দি ঢাক]]
(contracted; show full)

সিহঁতে পুখুৰীৰ পাৰত য’ত সেই হাতোৰা দুটা পুতি থৈছিল, তাতে এজোপা জৰাটেঙা আৰু এজোপা জবা ফুলৰ গছ হ’ল| জবা গছজোপা সুন্দৰ মনোমোহা  জবা ফুলেৰে জক্‌মকাবলৈ ধৰিলে আৰু জৰাজোপাতো সুন্দৰ জৰাটেঙা উপচি লাগিল| তেজা আৰু কানায়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই সৈতে কথা পাতি থাকে|


এদিন সেই দেশৰ এজন ৰজাই দোলা হাতী গোঁৰাৰে সেইপিনে যাওঁতে জৰা গছজোপাত জৰাটেঙা লাগি থকা দেখি তেওঁৰ খাবৰ মন গ’লত আৰু সুন্দৰ জবাফুল গোটাচেৰেক আনি পিন্ধিবৰ মন গ’লত তেওঁ সেইখিনিতে দোলা হাতী ৰখাই, মন্ত্ৰীক ফুল আৰু টেঙা আনিবলৈ পঠিয়াই দিলে| ল’ৰা-ছোৱালীহালে মন্ত্ৰীক দেখি ক’লে যে, ”জৰা আৰু জবা আমাৰ| ৰজাই নিজে আহি আমাক খুজিলেহে আমি দিম!” মন্ত্ৰীৰ মুখৰপৰা ৰজাই এই কথা শুনি, সুন্দৰ ল’ৰা-ছোৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰ পৰা নামি আহিল| কানায়ে ৰজাৰ আগত আঁঠু লৈ ক’লে, ”যদি স্বৰ্গদেৱে মোৰ এই তেজা বাইদেউক বিয়া কৰি নিয়ে, তেনেহ’লেহে আমি স্বৰ্গদেৱক টেঙা আৰু ফুল দিম!” ছোৱালীৰ সুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল, সেইদেখি তেওঁ ক’লে, ”বাৰু একো কথা নাই, মই তোমাৰ তেজা বাইদেউৰাক বিয়া কৰি নিম কিন্তু তেওঁ এতিয়া সৰু ছোৱালী, তেওঁ ডাঙৰ হওক, হ’লে মই নিশ্চয় বিয়া কৰাই লৈ যামহি|” তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল| গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক, পৰুৱা, ফৰিং খুৱাই ফুৰে| কানায়ে এটা ডালিমৰ পুলি আৰু সেই মইনা চৰাইটো ৰজাক দি ক’লে, ”স্বৰ্গদেউ, আমি দুখীয়া মানুহলৈ স্বৰ্গদেৱে কিজানি পাহৰি যায়, সেইদেখি এই ডালিম পুলিটি আৰু মইনা চৰাইটো স্বৰ্গদেউক দিলো, স্বৰ্গদেৱে লৈ যাওক| ডালিম গছজোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱে মাত ল’ব, তেতিয়া স্বৰ্গদেৱে আহি তেজাক বিয়া কৰাই লৈ যাব লাগিব|” ৰজাই সেই কথাত মান্তি হৈ জৰাটেঙা, জবা ফুল, ডালিম পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গ’ল| ওপৰত কোৱামতে ৰজাক ক’বলৈ তেজা আৰু কানাইৰ মাকে আগেয়ে কানাইক শিকাই থৈছিল| সেই দেখি কানায়ে সেইদৰে ক’ব পাৰিছিল| ৰজাই ডালিম পুলিতো তেওঁ শোৱা ঘৰৰ ওচৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমাই ঘৰৰ পিৰালিতে আঁৰি দিলে|

এইদৰে কিছুকাল গ’ল| লাহে লাহে ডালিম পুলি ডাঙৰ হ’ল| ডালিমে ফুল ধৰিলে; ক’লি পেলালে আৰু আজি-কালিকৈ ডালিম কলি ডাঙৰ হ’ল, হৈ পকিল| ইপিনে তেজাও গাভৰু হ’ল| মইনায়ো কলকলালে; তাৰ পিছত মাত ল’লে| তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰিল| এদিন ৰজাই খাই-বই উঠি তামুলী চ’ৰাত বহি জিৰাইছে, এনেতে সেই মইনাটোৱে মাত লগালে-
*এজাৰ নিজাৰ পৰিল,
ডালিম পকি সৰি গ’ল,
মইনায়ো লগালে মাত,
কিনো ৰজা ভোল গ’ল,
তেজা বাই গাভৰু হ’ল|
ৰজাই কিহে মাতিছে বুলি ঘূৰি-পকি চাই চাই একো নেদেখি বহি থাকিল| এনেতে আকৌ মইনাই মাত লগালে-
*ডালিম পকি সৰি গ’ল,
তেজা বাই গাভৰু হ’ল,
তেও ৰজাৰ মনত নহ’ল|”

এইবাৰ ৰজাই পদকেইফাঁকি শুনি চাটকৰে তেজাৰ কথা তেওঁৰ মনত পৰিল| উঠি গৈ ৰজাই দেখিলে ডালিম গছত ডালিম পকি আছে| তেতিয়াই ৰজাই সাজ-পাৰ পিন্ধি টেকেলা-বেঙেনা, লগুৱা-লিকচৌ লগত লৈ তেজাক বিয়া কাৰি আনিবলৈ গ’ল| ৰজা ওলাই গ’লতে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে, ”বাই ৰজা ক’লৈ গ’ল তই ক’ব পাৰনে?” বুঢ়ীয়ে উত্তৰ দিলে, ”পাৰোঁতো ৰজাই কি কৰে, ক’লৈ যায়, তুমিহে ভূ নোপোৱা, আমি ভূ পাওঁ| বোলো ভেলেকী আই, ৰজাই তোমালৈ সতিনী আনিবলৈ গৈছে| শুনিছো চহকী খেতিয়ক এটাৰ তেজা নামেৰে ছোৱালী এজনী আছে, তাইকে ৰজাই আনিবলৈ গৈছে|” বুঢ়ী বেটী কথা শুনি ৰাণীয়ে হুৰাওহুৰে কান্দিবলৈ ধৰিলে| বুঢ়ীয়ে কুঁৱৰীক বুজনি দি ক’লে, আই তুমি নাকান্দিবা, মই বুধি দিওঁ শুনা, তুমি সেইমতেই কাম কৰা| কাইলৈ যেতিয়া ৰজাই তেজাক লৈ নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেইটো ঘাটতে বহি থাকি সেই বাটে তেজাক নামিব নিদিবা আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাধা দিবা| তথাপি কিজানি নামি আহে সেইদেখি আজিয়েই আৰু এটা বুধি কৰি লোৱা, ঘৰৰ দুৱাৰমুখতে দুটা কলপুলি ৰুই দুইটাৰ গুৰি কাটি এনেকৈ সেই দুটা থিয় কৰি থ’বা যেন তেজাৰ গাৰ কাপোৰ লাগিলেই দুয়োটি পৰি যায়| ঘৰৰ দুৱাৰৰ পোলাৰ গাঠি এনেকৈ কাটি থ’বা যেন তেজাই চুলেই সি সুলকি যায়| বহা পীৰাৰ খুৰা এনেকৈ ভাঙি থ’বা, তেজাই তাৰ ওপৰত বহিলেই যেন খুৰা ভাঙি যায়, শোৱা চালপীৰাৰ খুৰাও সেইদৰে ভাঙি লগাই থ’বা যেন ৰজা তেজাৰ সৈতে তাত শুবলৈ গ’লেই ভাগি পৰে| ইয়াকে কৰিলে ৰজাই তেজাক অমঙ্গলীয়া তিৰোতা বুলি খেদি দিব|”

বুঢ়ীৰ বুধি শুনি ৰাণীয়ে তাকে কৰিলে| সিফালে ৰজাই গৈ তেজাক বিয়া কৰালে| তেজাই বাপেকৰ ঘৰৰপৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বিনাই এইদৰে বস্তু খুজিলে-

*আইৰে দিনৰে ছকুৰি জপা,
তাৰে তিনিকুৰি মইহে পাওঁ!
আইৰে দিনৰে ছকুৰি পেৰা,
তাৰে তিনিকুৰি মইহে পাওঁ!
আইৰে দিনৰে ছকুৰি বাটি,
তাৰে তিনিকুৰি মইহে পাওঁ!
আইৰে দিনৰে ছকুৰি গৰু,
তাৰে তিনিকুৰি মইহে পাওঁ!
আইৰে দিনৰে ছকুৰি ম’হ,
তাৰে তিনিকুৰি মইহে পাওঁ!”

তেজাই এইদৰে বিনাই থাকোঁতে মাহীয়েকে তেজাক ভেকাহি মাৰি ক’লে, ”মই কুটা এগছকে তোক নিদিওঁ|” তাৰ পিছত ৰজাই তেজাক লৈ নিজৰ নগৰলৈ গুচি আহিল| আহিবৰ সময়ত মনত বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল|

*আইৰে দিনৰে একেটি ভাই
সিও মোৰ লগতে যায়|”

তেজাই পিছলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে| যেতিয়াই তেজাই পিছলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়াই তেজাৰ বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু তেজাৰ পিছে পিছে আহিবলৈ ধৰিলে| বাপেকে দেখিলে সৰ্বনাশ| তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে-

*হেৰ মোৰ মৰমৰ তেজা, 
এবেলি পাছলৈ চা|
হেৰ মোৰ লাহৰী তেজা,
এবেলি পাছলৈ চা|”

বাপেকৰ বিননি শুনি অলপ কেৰাহি কৰি চালত, চাৰি ভাগৰ এভাগ বস্তু বাপেকৰ ঘৰত ৰ’ল, বাকী তিনি ভাগ তেজাৰ লগত আহিল| এইদেখি আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাই বাপেক-মাকৰ ফালে উভতি চাই যায়|
বুঢ়ীয়ে আগেয়ে শিকাই থোৱাৰ দৰে ৰাণী গৈ নাও চপা ঘাটতে বহি আছিল| তেজাৰ নাও যেতিয়া ঘাট চাপিলহি তেতিয়াই ৰাণীয়ে মাত লগালে-

*এইপিনে নুঠিবি শাখিনী তেজা, ৰজাই গা ধোৱা ঘাট|”

এইকথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ’লতে ৰাণীয়ে আকৌ মাত লগালে-

*এইপিনে নুঠিবি শাখিনী তেজা, ৰজাৰ চাউল ধোৱা ঘাট|”

এইদৰে যেনিয়েই তেজা উঠিবলৈ যায় তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে| এনেতে ৰজা আহি পালেহি| ৰজাই দেখি তেজাই বিনাই ক’লে-

*শুনা শুনা নৃপতি ৰজা, ৰাণী বাই বুলিছে শাখিনী তেজা|”

ৰজাই ক’লে-
*বোলকে বোলকে শাখিনী তেজা, তুমি হ’বা মাদৈ, মই হ’ম ৰজা|”

এইবুলি ৰজাই তেওঁৰ গা-ধোৱা ঘাটেদিয়েই তেজাক তুলি আনিলে| ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল| তেজাই ঘৰৰ দুৱাৰমুখ পাই কলপুলিৰ তলত থিয় হওঁতেই তেজাৰ গাৰ কাপোৰৰ আঁচল লাগি কলপুলি দুটা পৰি গ’ল| তাকে দেখি কুঁৱৰীয়ে মাত লগালে-

*ক’ৰপৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি কলপুলি দুটা|”

তাৰপিছত তেজা ঘৰ সোমাওঁতেই ঘৰৰ দুৱাৰৰ পোলাত তেজাৰ হাত লাগি পোলাটো সুলকি পৰি ডাল ডাল হ’ল| কুঁৱৰীয়ে মাত লগালে-

*ক’ৰপৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি দুৱাৰৰ পোলা|”

ইয়াৰ পিছত তেজা বৰপীৰাত বহোঁতেই বৰপীৰাৰ খুৰা ভাগি পৰিলত, কুঁৱৰীয়ে মাত লগালে-

*ক’ৰপৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা|”

ৰাতি তেজাই চালপীৰাত শুবলৈ যাওঁতে সেইদৰে চালপীৰাৰ খুৰা ভাগি পৰিল আৰু চালপীৰা ভগাৰ শব্দ শুনি কুঁৱৰীয়ে মাত লগালে-

*ক’ৰপৰা আহিলি শাখিনী তেজা, আহিয়ে ভাঙিলি চালপীৰাৰ খুৰা|”

এইবোৰ কথা শুনি তেজাৰ বৰকৈ বেজাৰ লাগি তেজাই বিনাই বিনাই ৰজাক ক’লে-

*শুনা শুনা নৃপতি ৰজা, ৰাণী বাই বুলিছে শাখিনী তেজা|”

ৰজাই পেটে পেটে এইবোৰ ৰাণীৰ দুষ্টলি বুলি ভালকৈ বুজিব পাৰি উৰাই দি তেজাক ক’লে-

*বোলকে বোলকে শাখিনী তেজা, তুমি হ’বা মাদৈ, মই হ’ম ৰজা|”

ইয়াৰ পিছত তেজা ৰজাৰ কুঁৱৰী হৈ ৰজাৰ ঘৰ শুৱাই থাকিল| ইপিনে মাহীয়েকৰ হিংসাত টোপনি নাই যে তেজা ৰজাৰ কুঁৱৰী হ’ল আৰু তাইৰ নিজৰ জীয়েক তুলা হ’ব নোৱাৰিলে| মাহীয়েকে সেইদেখি পেটে পেটে এটা বুধি সাজি এদিন ৰজাৰ ঘৰলৈ গৈ ৰজাৰ আগৰ তেজালৈ বৰ মৰম দেখুৱাই ক’লে, ”ইমান দিন হ’ল ছোৱালীজনী মাক-বাপেকৰ ঘৰলৈ যাবলৈ পোৱা নাই, বপুৰীৰ চাগে বৰ হেঁপাহ লাগি আছে| বাপেকে দিনে-ৰাতিয়ে খেতি-বাতিয়েই মনপুতি থাকে, ঘৰৰ আন কথাৰ খবৰকে নকৰে| ছোৱালীজনী দেখিবলৈ নাপাই মোৰো মনটো সদায় হমহমাই আছিল, সেইদেখি মই নিজেই আজি তাইক দিন-চেৰেকলৈ লৈ যাবলৈ আহিলোঁ|” তেজাৰ মাহীয়েকৰ কথা শুনি ৰজাই তেজাক মাহীয়েকৰ লগত পঠিয়াই দিলে| তেজাক লগত লৈ মাহীয়েক নিজৰ ঘৰ পালেহি| আহিবৰ সময়ত তেজাই ৰজাৰ ঘৰতে জালিতাঁত এখন এৰি থৈ আহিছিল|

তেজাক যদিও মাহীয়েকে বৰকৈ আতৌ-পুতৌ কৰি খুৱাই-বুৱাই ৰাখিছিল কিন্তু দিনে-ৰাতিয়েই চেলু নিবিচাৰি নাছিল| এদিন মাকৰ শিকনিমতে তুলাই তেজাক ক’লে, ”ভনীটি, তোমাক ৰজাই দিয়া খাৰু, মণি, থুৰিয়াযোৰ কেনে ধুনীয়া, এবাৰ মোক পিন্ধি চাবলৈ দিবানে?” তেজাই কথাষাৰ ভালভাৱে বুজি ক’লে, ”পিন্ধা, পিন্ধি চোৱা, কিনো হ’ল পিন্ধিলে!” এইবুলি তেজাই নিজৰ হাতৰ-কাণৰ অলঙ্কাৰবোৰ সোলোকাই তুলাক পিন্ধাই দিলে| এনেতে তেজাই মাহীয়েকে ওচৰলৈ আহি তেজাক ক’লে, ”আই আহচোন, তোৰ ওকণি চাওঁ আৰু মূৰটো আঁচুৰি দিওঁ|” এইবুলি মাহীয়েকে তেজাক লৈ ওকণি চাবলৈ বহিল| ওকণি চাই থাকোঁতে হঠাত্‌ এবাৰ মাহীয়েকে এডাল সৰু লোৰশলা লৈ মন্ত্ৰ মাতি তেজাৰ মাজ মূৰতে মাৰি দি ক’লে, ”তই শালিকী চৰাই হ|” তেতিয়াই তেজা শালিকী এটা হৈ উৰি ঘৰৰ চালতে পৰিলগৈ|

এই ঘটনাৰ পিছদিনা ৰজাই তেজাক লৈ যাবলৈ দোলা মানুহ পঠিয়াই দিলত, তেজাৰ মাহীয়েকে তুলাকে তেজাৰ ৰিহা-মেখেলা, কাপোৰ-কানি, অলঙ্কাৰ-পাতি পিন্ধাই দি ঠিক তেজা যেনকৈ সজাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে| তুলাও দেখিবলৈ অনেক গুণ তেজাৰ নিচিনা আছিল সেইদেখি ৰজাৰ চকুত সেইটো বৰকৈ উভহা যেন নেলাগিল| আৰু যি অলপ-অচৰপ লাগিছিল ৰজাই ভাবিলে যে মাকৰ ঘৰত এইকেইদিন মুকলিমূৰীয়া হো খাই থাকি তেজা তেনে হৈছে| শালিকা চৰাইটিও ৰজাঘৰীয়া দোলা-মানুহৰ লগতে উৰি গৈ ৰজাৰ ঘৰ পাই ৰজাৰ ঘৰৰ চালতে বাহ ল’লে|
তেজাই বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই অলপ বৈ তাঁততে এৰি গৈছিল| তুলাই আহি এতিয়া সেই তাঁত ববলগীয়াত পৰিল| কিন্তু তুলাই ভালকৈ কাপোৰ বব নেজানে| এদিন তাঁতৰ পাটত বহি তুলাই তাঁত ববলৈ গৈ বব নাজানি সূতাবোৰ ছিঙি-ভাঙি একাকাৰ কৰিছে দেখি শালিকা চৰাইটিয়ে উৰা মাৰি আহি তাঁতশালৰ চালিত পৰি ক’বলৈ ধৰিলে-

*নিছিঙিবি নাভাঙিবি মোৰ জালি তাঁত, ভালে ভালে তুলি থ আগৰ জেগাত|”

ৰজা ওচৰতে বহি আছিল| এই কথা শুনি ৰজাই শালিকাটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল| আন এদিন দুপৰীয়া ৰজা খাই-বই উঠি তুলাৰে সৈতে বহি পাশা খেলিছে| এনেতে শালিকাটিয়ে উৰি আহি অলপ দূৰতে পৰি মাতিবলৈ ধৰিলে-

*কিনো ৰজা তুমি আভোল-ভোল হ’লা, জেশাহুৰে সৈতে পাশা খেলিলা|”

ৰজাই শালিকাৰ কেল্‌কেলনি প্ৰথমতে বৰকৈ কাণ নকৰি একান্তমনে পাশা খেলিছে| কিন্তু চৰাইটোৱে আকৌ এবাৰ সেইদৰে মাতিলে-

*কিনো ৰজা তুমি আভোল-ভোল হ’লা, জেশাহুৰে সৈতে পাশা খেলিলা|”

ৰজাই শালিকাৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ গুণিবলৈ ধৰিলে| ৰজাই লাহেকৈ ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে এটা ভোক-লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকাৰ ফালে চাই ক’লে, ”তই যদি আন কোনোবাহে, তেন্তে উৰি আহি মোৰ হাতৰ পৰা পিয়াহ লাৰুটি লৈ গুচি যাবি, আৰু যাদি মোৰ কোনোবা আপোন মানুহহে তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাবি|” এইবুলি ৰজাই ক’লত, শালিকাটি উৰি আহি ৰজাৰ হাততে পৰি ভোক লাৰুটো খাবলৈ ধৰিলে| ৰজাই চৰাইটোক মৰম কৰি মূৰত হাত ফুৰাওঁতে তেওঁৰ আঙুলিৰ মূৰত এটা কিবা খহটা বস্তু লাগিলত, তেওঁ ভালকৈ চাই দেখিলে যে সেইটো এডাল সৰু লোৰ শলা| ৰজাই টানি শলাডাল উলিয়াই আনিলতে শালিকাটি শালিকা গুচি তেজা হ’ল| ৰজা অবাক|
তাৰ পিছত ৰজাই তেজাৰ মুখৰ পৰা, আগৰেপৰা গুৰিলৈকে তেজাৰ মাহীয়েক আৰু তুলাৰ সকলোবোৰ বৃত্তান্ত শুনি তেতিয়াই চাওডাঙক হুকুম দিলে যে সি তুলাক কাটি তাইৰ মঙহ এটা টোমত, হাত-ভৰি-মূৰ এটা টোমত ভৰাই আৰু এটা চুপিত তেজ ভৰাই আনি ৰজাক দিব লাগে| ৰজাৰ হুকুমমতে কাম হ’ল| ৰজাই দুটা মানুহৰ হাতত সেই টোম দুটা আৰু চুপিটো তুলাৰ মাকৰ ঘৰলৈ পঠিয়াই দি মানুহ দুটাক শিকাই দিলে যে সিহঁতে তাত ক’ব যে ৰজাই মিতিৰৰ ঘৰলৈ সেই টোম পহুৰ মঙহ পঠিয়াই দিছে আৰু যিটো টোমত তুলাৰ মূৰ আৰু হাত-ভৰি আছে, সেইটো টোম সিহঁতে নিদি সেইদিনা ৰাতি লগতে ৰাখি পিছদিনা দোকমোকালিতে দুৱাৰমুখত থৈ গুচি আহিব|

ৰজাৰ মানুহে সেইদৰেই কাম কৰিলে| তেজাৰ মাহীয়েকে বস্তু পাই ৰঙত উধাও হৈ আপোনা-আপুনি ক’বলৈ ধৰিলে-”মোৰ জী গৈয়েই মোলৈ টোপোলা পঠিয়ালে আৰু সিজনীয়ে ইমানদিনে কুটা এগছকে পঠিওৱা নাছিল|” ৰাতি তুলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেঁপাহ পলুৱাই ভাত খালে আৰু চুপিৰ পৰা তেল উলিয়াই চাকি লগালে| ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল| তুলাৰ মাকে সিহঁতক খাবলৈ বৰকৈ ধৰিছিল, কিন্তু সিহঁতে সিহঁতৰ বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে| ইফালে ৰাতি সকলোবোৰৰে খোৱা হ’লত, মানুহ দুটাই শোৱাপাটীৰ পৰা বাগ দি গাবলৈ ধৰিলে-

*কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমক মুটুমে খালে, কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে|”

ভিতৰৰ পৰা তুলাৰ মাকে সিহঁতক সুধিলে, ”তহঁতে কি গাইছহঁক ঐ?” সিহঁতে ক’লে,”এ আই জ্বৰৰ তাপত আমাৰ গিয়ান নাই, কিবা মুখত আহিছে, কিবা গাইছোঁ|”
পিছদিনা পুৱাই তুলাৰ মাক শোৱাপাটীৰ পৰা উঠি আহি দেখিলে যে ৰজাৰ ঘৰৰ মানুহ দুটা গুচি গ’ল, আৰু দুৱাৰমুখতে এটা তোম পৰি আছে| তাই টোমটো মেলি চাই তাৰ ভিতৰত তুলাৰ মূৰ আৰু হাত-ভৰি দেখি চিনি পাই আগৰাতি খোৱা মঙহবোৰ কিহৰ সেইটো ভালকৈ বুজি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে|

[[Category:বুঢ়ী আইৰ সাধু]]