Difference between revisions 336528 and 336529 on sourceswiki


{{header
 | title      = তুলা আৰু তেজা
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[চিলনীৰ জীয়েকৰ সাধু]]
 | next       = [[কটা যোৱা নাক খাৰণী দি ঢাক]]
(contracted; show full)

এইদৰে কিছুকাল গ’ল| লাহে লাহে ডালিম পুলি ডাঙৰ হ’ল| ডালিমে ফুল ধৰিলে; ক’লি পেলালে আৰু আজি-কালিকৈ ডালিম কলি ডাঙৰ হ’ল, হৈ পকিল| ইপিনে তেজাও গাভৰু হ’ল| মইনায়ো কলকলালে; তাৰ পিছত মাত ল’লে| তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰিল| এদিন ৰজাই খাই-বই উঠি তামুলী চ’ৰাত বহি জিৰাইছে, এনেতে সেই মইনাটোৱে মাত লগালে-



*এজাৰ নিজাৰ পৰিল,

  ডালিম পকি সৰি গ’ল,

  মইনায়ো লগালে মাত,

  কিনো ৰজা ভোল গ’ল,

  তেজা বাই গাভৰু হ’ল|


ৰজাই কিহে মাতিছে বুলি ঘূৰি-পকি চাই চাই একো নেদেখি বহি থাকিল| এনেতে আকৌ মইনাই মাত লগালে-


*ডালিম পকি সৰি গ’ল,

  তেজা বাই গাভৰু হ’ল,

  তেও ৰজাৰ মনত নহ’ল|”

এইবাৰ ৰজাই পদকেইফাঁকি শুনি চাটকৰে তেজাৰ কথা তেওঁৰ মনত পৰিল| উঠি গৈ ৰজাই দেখিলে ডালিম গছত ডালিম পকি আছে| তেতিয়াই ৰজাই সাজ-পাৰ পিন্ধি টেকেলা-বেঙেনা, লগুৱা-লিকচৌ লগত লৈ তেজাক বিয়া কাৰি আনিবলৈ গ’ল| ৰজা ওলাই গ’লতে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে, ”বাই ৰজা ক’লৈ গ’ল তই ক’ব পাৰনে?” বুঢ়ীয়ে উত্তৰ দিলে, ”পাৰোঁতো ৰজাই কি কৰে, ক’লৈ যায়, তুমিহে ভূ নোপোৱা, আমি ভূ পাওঁ| বোলো ভেলেকী আই, ৰজাই তোমালৈ সতিনী আনিবলৈ গৈছে| শুনিছো চহকী খেতিয়ক এটাৰ তেজা নামেৰে ছোৱালী এজনী আছে, তাইকে ৰজাই আনিবলৈ গৈছে|” বুঢ়ী বেটী কথা শুনি ৰাণীয়ে হুৰাওহুৰে কান্দিবলৈ ধৰিলে| বুঢ়ীয়ে কুঁৱৰীক বুজনি দি ক’লে, আই তুমি নাকান্দিবা, মই বুধি দিওঁ শুনা, তুমি সেইমতেই কাম কৰা| কাইলৈ যেতিয়া ৰজাই তেজাক লৈ নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেইটো ঘাটতে বহি থাকি সেই বাটে তেজাক নামিব নিদিবা আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাধা দিবা| তথাপি কিজানি নামি আহে সেইদেখি আজিয়েই আৰু এটা বুধি কৰি লোৱা, ঘৰৰ দুৱাৰমুখতে দুটা কলপুলি ৰুই দুইটাৰ গুৰি কাটি এনেকৈ সেই দুটা থিয় কৰি থ’বা যেন তেজাৰ গাৰ কাপোৰ লাগিলেই দুয়োটি পৰি যায়| ঘৰৰ দুৱাৰৰ পোলাৰ গাঠি এনেকৈ কাটি থ’বা যেন তেজাই চুলেই সি সুলকি যায়| বহা পীৰাৰ খুৰা এনেকৈ ভাঙি থ’বা, তেজাই তাৰ ওপৰত বহিলেই যেন খুৰা ভাঙি যায়, শোৱা চালপীৰাৰ খুৰাও সেইদৰে ভাঙি লগাই থ’বা যেন ৰজা তেজাৰ সৈতে তাত শুবলৈ গ’লেই ভাগি পৰে| ইয়াকে কৰিলে ৰজাই তেজাক অমঙ্গলীয়া তিৰোতা বুলি খেদি দিব|”

বুঢ়ীৰ বুধি শুনি ৰাণীয়ে তাকে কৰিলে| সিফালে ৰজাই গৈ তেজাক বিয়া কৰালে| তেজাই বাপেকৰ ঘৰৰপৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বিনাই এইদৰে বস্তু খুজিলে-

*আইৰে দিনৰে ছকুৰি জপা,

  তাৰে তিনিকুৰি মইহে পাওঁ!

  আইৰে দিনৰে ছকুৰি পেৰা,

  তাৰে তিনিকুৰি মইহে পাওঁ!

  আইৰে দিনৰে ছকুৰি বাটি,

  তাৰে তিনিকুৰি মইহে পাওঁ!

  আইৰে দিনৰে ছকুৰি গৰু,

  তাৰে তিনিকুৰি মইহে পাওঁ!

  আইৰে দিনৰে ছকুৰি ম’হ,

  তাৰে তিনিকুৰি মইহে পাওঁ!”

তেজাই এইদৰে বিনাই থাকোঁতে মাহীয়েকে তেজাক ভেকাহি মাৰি ক’লে, ”মই কুটা এগছকে তোক নিদিওঁ|” তাৰ পিছত ৰজাই তেজাক লৈ নিজৰ নগৰলৈ গুচি আহিল| আহিবৰ সময়ত মনত বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল|

*আইৰে দিনৰে একেটি ভাই

  সিও মোৰ লগতে যায়|”

তেজাই পিছলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে| যেতিয়াই তেজাই পিছলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়াই তেজাৰ বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু তেজাৰ পিছে পিছে আহিবলৈ ধৰিলে| বাপেকে দেখিলে সৰ্বনাশ| তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে-

*হেৰ মোৰ মৰমৰ তেজা, 

এবেলি পাছলৈ চা|

  হেৰ মোৰ লাহৰী তেজা,

  এবেলি পাছলৈ চা|”

বাপেকৰ বিননি শুনি অলপ কেৰাহি কৰি চালত, চাৰি ভাগৰ এভাগ বস্তু বাপেকৰ ঘৰত ৰ’ল, বাকী তিনি ভাগ তেজাৰ লগত আহিল| এইদেখি আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাই বাপেক-মাকৰ ফালে উভতি চাই যায়|


বুঢ়ীয়ে আগেয়ে শিকাই থোৱাৰ দৰে ৰাণী গৈ নাও চপা ঘাটতে বহি আছিল| তেজাৰ নাও যেতিয়া ঘাট চাপিলহি তেতিয়াই ৰাণীয়ে মাত লগালে-

*এইপিনে নুঠিবি শাখিনী তেজা, ৰজাই গা ধোৱা ঘাট|”

এইকথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ’লতে ৰাণীয়ে আকৌ মাত লগালে-

*এইপিনে নুঠিবি শাখিনী তেজা, ৰজাৰ চাউল ধোৱা ঘাট|”

(contracted; show full)মাহীয়েকে বস্তু পাই ৰঙত উধাও হৈ আপোনা-আপুনি ক’বলৈ ধৰিলে-”মোৰ জী গৈয়েই মোলৈ টোপোলা পঠিয়ালে আৰু সিজনীয়ে ইমানদিনে কুটা এগছকে পঠিওৱা নাছিল|” ৰাতি তুলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেঁপাহ পলুৱাই ভাত খালে আৰু চুপিৰ পৰা তেল উলিয়াই চাকি লগালে| ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল| তুলাৰ মাকে সিহঁতক খাবলৈ বৰকৈ ধৰিছিল, কিন্তু সিহঁতে সিহঁতৰ বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে| ইফালে ৰাতি সকলোবোৰৰে খোৱা হ’লত, মানুহ দুটাই শোৱাপাটীৰ পৰা বাগ দি গাবলৈ ধৰিলে-

*কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমক 
ুটুমে খালে, কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে|”

ভিতৰৰ পৰা তুলাৰ মাকে সিহঁতক সুধিলে, ”তহঁতে কি গাইছহঁক ঐ?” সিহঁতে ক’লে,”এ আই জ্বৰৰ তাপত আমাৰ গিয়ান নাই, কিবা মুখত আহিছে, কিবা গাইছোঁ|”
পিছদিনা পুৱাই তুলাৰ মাক শোৱাপাটীৰ পৰা উঠি আহি দেখিলে যে ৰজাৰ ঘৰৰ মানুহ দুটা গুচি গ’ল, আৰু দুৱাৰমুখতে এটা োম পৰি আছে| তাই টোমটো মেলি চাই তাৰ ভিতৰত তুলাৰ মূৰ আৰু হাত-ভৰি দেখি চিনি পাই আগৰাতি খোৱা মঙহবোৰ কিহৰ সেইটো ভালকৈ বুজি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে|

[[Category:বুঢ়ী আইৰ সাধু]]