Difference between revisions 336538 and 337161 on sourceswiki

'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]])  (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।  কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷
==বেজবৰুৱাৰ সাহিত্যৰাজি==
===আত্ম-জীৱনী আৰু জীৱনী===
* [[মোৰ জীৱন সোঁৱৰণ]]
(contracted; show full)* [[মঙলা]]
'''বুৰঞ্জীমূলক নাটক'''
* [[চক্ৰধ্বজ সিংহ]]
* [[জয়মতী কুঁৱৰী]]
* [[বেলিমাৰ]]
===ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা===
* কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা

#মোৰ জন্ম-ৰহস্য

ঘানাক-ঘুনুক শুনো বোলে মোৰ যশস্যাৰ কাকাতীফৰিঙে শদিয়াৰপৰা মানাহলৈকে, ভোটৰ-পৰ্বতৰপৰা নগা-পৰ্বতলৈকে জুৰি, আনবিলাক অসমীয়া ভাইৰ অসমীয়া খ্যাতিৰ থোক এডালো নোথোৱাকৈ উপান্ত কৰিলে| হেনো মোৰ সদ্‌নামৰ কুম্ভকৰ্ণই আঁ কৰিলে কি, লাখে লাখে, জাকে জাকে, আসামৰ গুণ-যশৰ ভালুক-বান্দৰ মুখৰ ভিতৰলৈ সোমাল কি| হেনো ডিহিঙ্গৰ পাৰৰ জাম্বৱন্ত, দিখৌৰ কাষৰ ডেকা হনুমন্ত, লুচাইৰ দাঁতিৰ মলুৱা সুষেণ, কলঙৰ কাণৰ পেটাল বিভীষণ, পূবৰ নল, পশ্চিমৰ নীলকে প্ৰমুখ্য কৰি যত যি অঙ্গদ সুগ্ৰীৱ আছিল মানে, সকলোখিনি সসৈন্যে নিজ দলবল লৈ এই মুখ-গহ্বৰত প্ৰবেশ কৰিলে| যদি এই কথা-বৃক্ষৰ শিপা আছে যদি এই জন ঘোষৰ মাক-বাপেক আছে, যদিহে এই বাতৰি সঁচা, তেন্তে কৃপাবৰ বৰুৱাই চকুচাওঁতেই এই ক্ষেণতে, এই মুহুৰ্ততে, এই দণ্ডতে, এই পলকতে, তেওঁৰ বদন-গৃহৰ জাঁপ-দুৱাৰ দুখন পেলাই দিবলৈ সাজু| ত’ত ”পালা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথবা ৰাখি, শাৰীৰ পুৰুষ| ”জয় কৃপাবৰ বৰুৱাকি জয়|” পূবে চোঁৱা বৰুৱাৰ যশস্যাৰ ঢৌ, পশ্চিমে চোৱা বৰুৱাৰ ”খোচনামৰ” ঢৌ, উত্তৰে দৃষ্টি কৰা কেৰামত, দক্ষিণে দৃষ্টি কৰা কিবা বোলেনে মইমত, গোটেই একাৰ্ণৱ জল, গোটেই উৰ্ম্মি, খনেই তোলপাৰ, খনেই একাকাৰ, তস্য মধ্যে কৃপাৱৰং তলং ভটং তলং ভটং|

এইটো এতিয়া ফট্‌ফটীয়াকৈ প্ৰমাণ হ’ল যে এই অসম দেশৰ ভিতৰত মই নামজাত ভয়ঙ্কৰ মানুহ| এহালিচা মুখ বান্ধনিৰ পাছত এচমকা মোৰ জন্ম-ৰহস্য বৰ্ণাবলৈ অভিপ্ৰায় কৰিলোঁ কিমধিকমিতি|

শক ১৭৮০ পুহ মাহ, মৰ-আঁউসী, সন্ধ্যা লাগো লাগো হৈছে; গৰু-গাই ঘৰ চাপিছে; এটা এটাকৈ গাঁতৰপৰা উঁই পৰুৱা ওলাই ওপৰলৈ উৰিছে; সৰু সৰু চৰাইটিহঁতিয়ে পাক লৈ লৈ, পাক লৈ লৈ উৰি উৰি এটি এটিকৈ তাকে ধৰি ধৰি খাইছে; মাজে মাজে কাউৰী একোটাই ডকাইতৰ দৰে আহি মহা পৰাক্ৰম দেখুৱাই সৰু চৰাইবিলাকৰ মাজত সোমাই কপ্‌ কপ্‌ কৰে গোটাচেৰেক উঁই পৰুৱা খাই লৰ মাৰিছে; নিয়তীয়ে আমগছৰ ডালত পৰি ’নিওঁ’ ’নিওঁ’ কৰিছে; ঘৰৰ ভিতৰত চিতৰা-পখৰা বোন্দা মহে কোনকোননি লগাইছে; সৰু সৰু ল’ৰাবিলাকৰ কোনোটোৱে পেন্‌পেনাইছে, কোনোটোৱে কেন্‌কেনাইছে; চুক-ভুকুলীবোৰে চুকৰপৰা ওলাই বাটে-পথে জঁপিয়াই জঁপিয়াই অগা-ডেৱাকৈ ফুৰিছে আৰু মানুহৰ ভৰিৰ ওপৰত পৰি ততালিকে তাতে অসভ্যতা কৰি ক্ষুদ্ৰবিধ কাৰ্য্য সমাপি লৰ মাৰিছে; দুৱাৰ-চুকৰ বোৱাৰীয়ে কেঁচুৱা কোলাত লৈ কুনকুনাই নাম গাইছে; বাৰীৰ চুকত শিয়াল-শিয়ালীয়ে সপৰিবাৰে লগ লাগি গল মেলি মনৰ সুখে সুৰ ধৰি ধৰি হোৱা দি কোঢ়াল-প্ৰসঙ্গ পাতিছে| মুঠতে ক’বলৈ গ’লে ঘৰখনত এক প্ৰকাৰ গোলমালৰ ৰোল উঠিছে| এনে সময়তে মোৰ এই ভূমণ্ডলত আবিৰ্ভাৱ| কলাপাতত পৰিয়েই যে মোৰ খং এটা উঠিল, তাক কথাৰে-প্ৰকাশ কৰিব নোৱাৰি, অনুভৱ কৰিলেহে বুজিব পাৰি| তেনে খং সেইটোৰ বাহিৰে আৰু এটা মোৰ আজিলৈকে উঠা নাই, আগলৈ কি হয় ভগৱন্ত-বস্তুৱেহে কব পাৰে| মই মানুহটো গোটেইটো ৰঙা পৰি সেন্দুৰ যেন হ’লো; মোৰ শিৰৰ ভিতৰৰ তেজবোৰ, জুইৰ ওপৰৰ চৰুত আৰৈ চাউলৰ ভাত উতলাদি বক্‌ বক্‌কৈ উতলিবলৈ ধৰিলে; হাত ভৰিবোৰ বেঙে-মূতা গৰু কঁপাদি কঁপিছিল| এতিয়াৰ দৰে তেতিয়া মোৰ দাঁত থকাহেঁতেন কামোৰত কেউটা চূচূৰ্মৈ হ’লহেঁতেন| কিন্তু ভাবিলো যে প্ৰথমতে ন মানুহে ইমানটো খং কৰি লোকক দেখুৱ যুগুত নহয়; কিয়নো, তেনেহ’লে চন্দ্ৰ-দিবাকৰ থাকে মানে এই পৃথিৱীত খঙাল বুলি মোৰ এটা অখ্যাতি থকিব| ইয়াকে বিমৰিষ কৰি ততালিকে মই খংটো সামৰিলো| মই জমদগ্নি হোৱাৰ ১ম কাৰণ- চাৰিউফালে হাই-উৰিমি আৰু কোঢ়ালত মোৰ মূৰ কামুৰি গৈছিল| আৰু মই হেন এজন লোকৰ পৃথিৱীলৈ শুভাগমন, -ক’ত কেচু-কুমটি আৰু গছৰ পাতটি পৰ্য্যন্ত নিচুক হৈ তবধ লাগি থাকিবনে নাই, এটাইবিলাকে গোটখাই এখন বিহু-হাট পাতিছে| ২য় কাৰণ- কলাপাতখন চেঁচা, মোক জাৰে সেৰেলা কৰিলে| অশৌচীয়া ঘৰৰ তিৰোতাবিলাক ইমান এলাবাদু এলাইজাবৰী আৰু গোটগৰু যে, সিহঁতৰ এইফেৰা বিবেচনা নাই যে, চেঁচা কলাপাতত শুই কৃপাবৰ বৰুৱাৰ ”ঠাণ্ডা” লাগি ”নিউমনিয়া” ”ব্ৰঙ্কাইটিজ” অৰ্থাত্‌ কফ-জ্বৰ আদি সাঙ্ঘাতিক নৰীয়াবিলাক হৈ তেওঁ উদয়তে অস্ত যাব পাৰে| ৩য় কাৰণ- তেতিয়ালৈকে মোৰ ওচৰত তুঁহজুই একুৰাও ধৰিবৰ দিহা হোৱা নাই| মোৰ খংটোৰ জোখাই তেতিয়া গাত বলটো থকাহেঁতেন বিশ্চয় সেই অকামিলা তিৰোতা কেইজনীক ধৰি একোটা থিয়কিল লগাই নগাত বেচিলোহেঁতেন|

এই গল মোৰ সংক্ষেপ জন্ম-বৃত্তান্ত| তাৰ পাছত মোৰ নাম সোঁৱৰণীত বহিল কৃপাবৰ, আয়ে মাতিলে কিৰিপ্‌ বুলি, পিতাদেৱে মাতিলে কৃপা বুলি, ওচৰ-চুবুৰীয়াই মাতিলে কেৰ্পাই বুলি| বুঢ়া দেউৱে গণি-পঢ়ি চাই মোৰ গাত ভালেমান ৰাজল্ক্ষণ থকাটো পালে; আৰু তেওঁ ক’লে এইবিলাকৰ ফলস্বৰূপে মই হেনো ডাঙৰ হ’লে ”কেলপ্‌তৰু চিৰদ্দাৰ” হৈ ৰাইজ খাম, আৰু চাউল জগতে খাব| কিন্তু আমাৰ ঘৰৰ বুঢ়া লগুৱাটোৱে হ’লে এই কথা সমূলি পতিয়াব নোৱাৰিছিল| তাৰ বিশ্বাস মই আগলৈ হিড়িম্বেশ্বৰ মৌজাদাৰৰ মৌজাৰ সমান এটা মৌজা খাবলৈ পাম| কিন্তু 
* কৃপাবৰ বৰুৱাৰ ওভতনি
* বৰবৰুৱাৰ বুলনি
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
* বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
* বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
* কৃপাবৰ বৰুৱাৰ সামৰণি


===অনুবাদ===
* ভাৰতবৰ্ষৰ বুৰঞ্জী
===অন্যান্য===
* অসমীয়া ভাষা আৰু সাহিত্য
* পত্ৰলেখা
* কাঁহুদী আৰু খাৰলি
* সম্পাদকৰ চ'ৰা
*[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]]

[[Category:লিখক]]