Difference between revisions 4450 and 4451 on aswikisource{{header | title = মণিৰাম দেৱানৰ গীত | author = অনামী | translator = | section = | previous = | next = | year = | portal = | wikipedia = মণিৰাম দেৱান | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = মানুহৰ মুখে-মুখে প্ৰচলিত হৈ অহা মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে। }} :::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। :::::২ ::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ ::পাৰ্ৱতীক সেৱা কৰো, ::ভৰলী আইকো কৰোঁ সাত সেৱা ::মণিৰামৰ ভণিতা জোৰোঁ। :::::৩ ::কোনে বোলে জীলে, ::ইংৰাজে দেশখন ::আকৌ আমাক দিলে :::::৪ ::কোনো বোলে চৰিল, ::ইস্কট চাহাবেৰে সখি কৰিলে। ::চাহাবে কলেহি বুজাই, ::অসম দেশ লব লাগে ::বৰ লুইতে উজাই। :::::৫ ::নহ'বলৈ হ'ল ::অসম দেশ গুচি ::বঙাল দেশ হ'ল। ::নহ'বলৈ হ'ল ::ইংৰাজ উঠা দেখি ::ৰাইজৰ মন ভাল হ'ল। :::::৬ ::মনে গুণি চালে- ::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে ::অনেক গুণনি ধৰিলে দেৱানদেৱৰ ::ভাটীলৈ ভটিয়াই গ'ল। ::বঙালৰ ঘৰতে আপালি মিলিল ঐ ::দেশখন তল-ওপৰ হ'ল। :::::৭ ::ৰূপৰ তোলোথা সোণৰ দোৰ্পতি :::বহি বৈ আছিলো তাঁত, ::লাহে-লাহে কৰি মণিৰাম দেৱানে :::লগায় পটেশ্বৰীক মাত। :::::৮ ::পানী আন ব'মৰ মাক ::ভাত আন ব'মৰ মাক, ::মই যাওঁ বঙাল দেশলৈ। :::::৯ ::গাটি মোৰ ৰঙে চং ::খোপাতে মোৰ বালি চং ::চ'ৰাতে নো মূৰে যুঁজায় ::কলৈ নো মোৰ স্বামী যায়। :::::১০ ::কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু :::মণিৰামৰ মুখলৈ চাই ::গাৰ মঙ্গহ লৰে, সোঁ চকু লৰিছে :::কাউৰীজনীয়ে খায়। :::::১১ ::এ- দেউ ৰ'ল ::চ'ৰা মাৰি দেৱানদেৱ ::ভটিয়াই গ'ল। ::নগৰৰ হ'ল বাজ ::পোনাই গৈ পালেগৈ ::চিলমাৰী ৰাজ। ::এ- দেউ ::কিনো মাছ মাৰিবৰ শল। ::চিলমাৰীতে দেৱানৰ ::আদ বছৰ গ'ল। :::::১২ ::মিৰিটি কান্দিলে কান্দে মিৰিয়নী :::লুইতৰ বালিলৈ চাই, ::মণিৰাম দেৱানে কান্দে কলিকতাত :::ৰংপুৰ জিলালৈ চাই। :::::১৩ ::বৰা ধানৰে নৰা মোৰ দেউতা :::বৰা ধানৰে নৰা, ::মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ :::ওলাল নেজলগা তৰা। :::::১৪ ::এদিন দুদিনকৈ দিনে চাৰি গ'ল :::আমঠু পৰি গ'ল ক'লা, ::যঁতৰত সূতা কাটে বিনন্দিনী গাভৰু :::যঁতৰত নুঘূৰে শলা। :::::১৫ ::ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু :::তামৰ ঘৰৰ মুখলৈ চাই ::তামৰ ঘৰ আছে দেও, স্বামী নাইকীয়া :::কোনে নিলে মণিৰামক পাই। :::::১৬ ::চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে :::ঘনে সোঁহাত লৰে, ::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায় :::সপোনত আগদাঁত সৰে। :::::১৭ ::দেশ পাতিবলৈ ওলালি মণিৰাম :::জঁতৰাই মাৰিলে হাঁচি ::লগৰ সমনীয়াইশতৰু শালিলে :::ললি যোৰহাটত ফাঁচী। :::::১৮ ::ৰজা পাতিবলৈ ওলালি মণিৰাম :::জঁতৰাই মাৰিলে হাঁচি, ::ল'ৰাকৈ তিৰুতা এথানিত পেলালি :::ললি যোৰহাটত ফাঁচী। :::::১৯ ::মণিৰাম গৈছিলে বঙালৰ দেশলৈ :::ৰংপুৰত মাৰিলে হাঁচি, ::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ :::দিলে যোৰহাটত ফাঁচী। :::::২০ ::চিৰিপ্ চিৰিপ্ কৰি ::চাহাব গৈ আছিলে ::মণিৰাম গৈছিল নাৱত, ::মণিৰাম দেৱানে টাংগুটি খেড়োতে ::পিছলি পৰিল খালত। :::::২১ ::এপিনে পাৰ হল মৰিকৈ মিছিমি :::এপিনে পাৰ হ'ল ডোম, ::এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ :::পিছলি পৰিলে খালত। :::::২২ ::ভটীয়াই গলেগৈ উজনীৰ মণিৰাম :::বাটত খাই গ'ল জৰা, ::মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি :::যংতৰৰ নুঘুৰে শলা। :::::২৩ ::মণিৰাম দেৱানে 'ভাট' ফকিৰক :::চিঠি দি পঠিয়াই দিলে, ::দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই :::ফকিৰক ধৰোৱাই দিলে। :::::২৪ ::তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম :::তৰাণিৰ মাজৰে গান্ধী, ::যেতিয়াই পালেগৈ হাওলাট চাহাব :::তেতিয়াই আনিলে বান্ধি। :::::২৫ ::হাবিৰ ডলীয়া বেত মোৰ দেউতা :::হাবিৰ ডলীয়া বেত, ::মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে :::গোৰোহাই বৈ যায় তেজ। :::::২৬ ::উজায়ে আহিলে মণিৰাম দেৱান ঐ :::বাটত কিনি খালে আখৈ, ::খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ :::মূৰতো নিদিব কাকৈ। :::::২৭ ::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম :::সোণৰ ধোঁৱাখোৱাত খালি, ::ৰজা হবলৈ ওলালি মণিৰাম :::ডিঙিত ছিপেজৰী ললি। :::::২৮ ⏎ :::::২৯ :::::৩০ :::::৩১ :::::৩২ :::আজি কি বাৰ গুৰু বৃহপতি :::কালি কি বাৰ শুকুৰ, ::মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ :::চালতে বগালে কুকুৰ। :::::২৯ ::উজায়ে আহিলে কাকতি-ফৰিঙে :::বৰতী (ব্ৰডী) চাহাবৰ দিনত, ::মাহে সৰিয়হ চপাই খাই গ'ল :::পকা ধান নেখালে ঘিণত। :::::৩০ ::উজায়ে আহিলে মণিৰাম দেৱানঐ :::মাজুলীত চটালে চটি, ::ৰংপুৰ জিলাৰে বৰশী আনিলে :::ডিঙিত চিপে জৰী দিলি। :::::৩১ ::ছ অৰা নাও লৈ লালেবন্দী দিবলৈ :::মণিৰাম ভটিয়াই গ'ল, ::পাচতে থাকিলে পিয়ালী বৰুৱা :::ছকুৰি পাইকৰ খেল। :::::৩২ ::যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ :::গোলাঘাটত নুৰুবি আদা, ::সাটোটা গেৰাজৰ চিপাহী :::দিলে মণিৰামক খেদা। ⏎ ⏎ :::::৩৩ ⏎ :::::৩৪ :::::৩৫ :::::৩৬ :::::৩৭::মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি :::চুঁচৰি সোমালে গুঁই, ::মণিৰাম গৈছিলে দেশ মাৰিবলৈ :::বন্দুকে নিদিলে জুই। :::::৩৪ ::টেকেলি পৰিবৰ নাদত হৰি হৰি :::টেকেলি পৰিবৰ নাদত, ::বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন :::মণিৰাম পৰিলে ফান্দত। :::::৩৫ ::চান্দো লৰিছে সুৰুযো লৰিছে :::লৰিল বসুমতী আই, ::বাৰ পাল ৰণুৱাই খেদিব লাগিছে :::মণিৰামৰ কিনো বিলাই। :::::৩৬ ::চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি :::নিতৌ একো পাহি সৰে, ::মণিৰাম দেৱানক চাঙলৈ তুলিলে :::আগতকৈ জেউতি চৰে। :::::৩৭ ::জিলীয়ে কৰিবৰ কা মোৰ দেউতা :::কাউৰীয়ে কৰিবৰ কা, ::তিনি আলি মূৰতে মণিৰামক মাৰিলে :::উভতি বলিলে বা। :::::৩৮ :::::৩৯ :::::৪০ :::::৪১ :::::৪২ :::::৪৩ :::::৪৪ :::::৪৫ :::::৪৬ :::::৪৭ :::::৪৮ :::::৪৯ :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬⏎ ::জিলিকি আহিলে চৰা নাওখনি :::জিলিকি আহিলে টিং ::তাৰে মাজতে মণিৰাম জিলিকিল :::গলধনৰ চুলিতে চিন। :::::৫৭ ::বৈ নববি চৈ ঐ মণিৰাম :::বৈ নববি চৈ, ::উধান যেন খোপা মই বান্ধি পঠিয়াম :::ৰংপুৰত মেলিবি গৈ। :::::৫৮ ::ম'হত পৰিলে চুটীয়া শালিকা :::আমত মলিয়ালে মল, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::বুকু হমহমাই গ'ল। :::::৫৯ ::আঠিয়া কলৰে আখা মণিৰাম :::আঠিয়া কলৰে আখা, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আমঠু পৰি গ'ল ক'লা। [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4451.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|