Difference between revisions 4463 and 4464 on aswikisource

{{header
 | title      = মণিৰাম দেৱানৰ গীত
 | author     = অনামী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  = মণিৰাম দেৱান 
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      = মানুহৰ মুখে-মুখে প্ৰচলিত হৈ অহা মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে।  
}}

::::::::::::::::::১
:::::::::::::::আই সৰেচতী দেৱী পাৰেৱতী
:::::::::::::::তোমালৈ বঢ়াই যাওঁ চাউল,
:::::::::::::::পাহৰা পদকে সোঁৱৰাই দি যাবা
:::::::::::::::গীতৰ ভাঙি যাবা আউল।

::::::::::::::::::২
:::::::::::::::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ
:::::::::::::::পাৰ্ৱতীক সেৱা কৰো,
:::::::::::::::ভৰলী আইকো কৰোঁ সাত সেৱা
:::::::::::::::মণিৰামৰ ভণিতা জোৰোঁ।

::::::::::::::::::৩
:::::::::::::::কোনে বোলে জীলে,
:::::::::::::::ইংৰাজে দেশখন
:::::::::::::::আকৌ আমাক দিলে

::::::::::::::::::৪
:::::::::::::::কোনো বোলে চৰিল,
:::::::::::::::ইস্কট চাহাবেৰে সখি কৰিলে।
:::::::::::::::চাহাবে কলেহি বুজাই,
:::::::::::::::অসম দেশ লব লাগে
:::::::::::::::বৰ লুইতে উজাই।

:::::৫
::নহ'বলৈ হ'ল
:::::::::::::৫
:::::::::::::::নহ'বলৈ হ'ল
:::::::::::::::অসম দেশ গুচি
:::::::::::::::বঙাল দেশ হ'ল।
::নহ'বলৈ হ'ল
:::::::::::::নহ'বলৈ হ'ল
:::::::::::::::ইংৰাজ উঠা দেখি
:::::::::::::::ৰাইজৰ মন ভাল হ'ল।

::::::::::::::::::৬
:::::::::::::::মনে গুণি চালে-
:::::::::::::::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে
:::::::::::::::অনেক গুণনি ধৰিলে দেৱানদেৱৰ
:::::::::::::::ভাটীলৈ ভটিয়াই গ'ল।
:::::::::::::::বঙালৰ ঘৰতে আপালি মিলিল ঐ
(contracted; show full)
:::::৫৯
::আঠিয়া কলৰে আখা মণিৰাম
:::আঠিয়া কলৰে আখা,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আমঠু পৰি গ'ল ক'লা।

[[Category:মালিতা]]