Difference between revisions 335707 and 335717 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

::<big>'''৪৪ অধ্যায়'''<big> 

<big>'''ৰাম পৰশুৰামৰ সংঘৰ্ষ'''</big>

সেহি সময়ত পাচে জামদগ্নি ৰাম ।

(contracted; show full)
সংসাৰ মধ্যত ইসি মহা ধৰ্ম্ম সাৰ ।

বোলোঁ ৰাম ৰাম সুখে তৰিয়ো সংসাৰ ॥১৫৯



:::
:<big>'''৪৫ অধ্যায়'''<big> 

:::: <big>'''ছবি ।'''<big>

যিটো দেৱ নাৰায়ণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সদাশিৱ সনাতন,

::নাহি আদি অন্ত মধ্য যাৰ ।

দেৱে যাক নজানন্ত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তেন্তে দেৱ ভগৱন্ত,

::ৰামৰূপে ভৈলা অৱতাৰ ॥১ 

নিজ যোগ মায়া বলে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ছদ্ম হুয়া মহীতলে,

::দশৰথ নৃপতিৰ ঘৰে ।

সীমা নাহি মহিমাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মনুষ্যৰ ব্যৱহাৰ,

::দেখাৱন্ত প্ৰভু নিৰন্তৰে ॥২

জনক নন্দিনী সীতা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেবী জগতৰ মাতা,

::তাক বিহা কৰি আনিলন্ত ।

লক্ষ্মীসমে এক থান, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হুয়া নানা বিধদান,

::দিয়া সমস্তকে ৰঞ্জিলন্ত ॥৩

সীতা সমন্বিতে ৰাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পূৰিয়া সবাৰেকাম,

::ৰত্নৰ মন্দিৰে ভৈলা থিত ।

দশৰথ নৃপবৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিহা কৰাই তনয়ৰ,

::ভৈলা অতিশয় আনন্দিত ॥৪

মহামুনি বিশ্বামিত্ৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;কহিলন্ত নৃপতিত,

::গুণ গ্ৰাম ৰাম লক্ষ্মণৰ ।

তাড়কাক একেশ্বৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মাৰিলন্ত ৰঘুবৰে,

::সমৰে বধিলা নিশাচৰ ॥৫

অহল্যাৰ শাপ মুক্তি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ধনু ভাঙ্গি অদভুত,

::জিনিলন্ত ৰাজাগণ ৰণে ।

পুত্ৰ দুইৰ পৰাক্ৰম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শুনিয়া অমৃত সম,

::সন্তোষ ৰাজাৰ আতি মনে ॥৬

বিশ্বামিত্ৰক ৰাজা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰিলা অনেক পূজা,

::চলি গৈলা মুনি মনৰঙ্গে ।

অযোধ্যা নগৰেৰাজা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেৱতো অধিক ৰাজ্য,

::ভোগভুঞ্জে পুত্ৰগণ সঙ্গে ॥৭

ৰাঘৱৰ গুণগণে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সমস্তে লোকৰ মনে,

::মিলয় আনন্দ আসৰিশ ।

ৰাজ্য প্ৰতি পালিবাক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সামৰ্থ ভৈলন্ত ৰাম,

::দেখি দশৰথৰ হৰিষ ॥৮

কতো কাল অনন্তৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখিলন্ত নৃপবৰে,

::নিশাকালে স্বপ্ন বিপৰীত ।

পৰিল উলুকা পাত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আকাশৰ ৰাহুচন্দ্ৰ,

::লাম্ফে লাম্ফে ফুৰয় ভূমিত ॥৯

ৰক্ত শয্যা আকাশত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখে বসি শিখানত,

::কান্দে কালনাৰী এক জন ।

কৃষ্ণ কুসুমৰ মালা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দুই হাতে ধৰি আনি,

::সুঙ্গন্ত নৃপতি ঘনে ঘন ॥১০

মৃত্যুৰ সূচক স্বপ্ন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখি দশৰথ ৰাজা,

::বসিয়া গুণন্ত মনে মন ।

অন্ধক মুনিৰ শাপ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সমীপ চাপিল মোৰ,

::নিকটতে মিলিব মৰণ ॥১১

যাৱত চেতন গাৱে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছয় ৰামত তাৱে,

::ৰাজায ভাৰ কৰোঁ সমৰ্পণ ।

প্ৰাণতো অধিক মোৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;ৰামচন্দ্ৰে পালিবেক,

::পুত্ৰতো অধিক সৰ্ব্বজন ॥১২

ৰামক পাতন্তে ৰাজা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাতিবে বিঘিনি জানো,

::ভৰত আৱৰ শত্ৰুঘনে ।

গুচোক বিঘিনি সবে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পঢ়িবাৰ ছলে দুইকো,

::ৰাজ্যৰ গুচাওঁ এতিক্ষণে ॥১৩

এহিগুণি দুইহান্তকো, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মাতি আনিলন্ত ৰাজা,

::বুলিলন্ত মধুৰ বচনে ।

যুদ্ধাজিত মাতুলৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজ্যক পঢ়িবে প্ৰতি,

::চলিয়া যায়োক দুয়োজনে ॥১৪

পিতৃৰ বচন শুনি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ভৰতৰে শত্ৰুঘনে,

::মাতামহ ৰাজ্যে চলি গৈলা ।

পাচে দশৰথ ৰাজা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামক হৰিষ মনে,

::ৰাজা পাতিবাক সাজ ভৈলা ॥১৫

এহিমানে আদিকাণ্ড, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;যেন অমৃতৰভাণ্ড,

::সাঙ্গোপাঙ্গে ভৈলা সমাপতি ।

শুনিয়োক সাধুজন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;পুণ্য কথা ৰামায়ণ,

::ৰচিলা মাধৱ মূঢ়মতি ॥১৬

বোলোঁ কৃতাঞ্জলি বাণী, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মোক মূঢ় হেন জানি,

::নিন্দা নুবুলিবা মহাজনে ।

মোত পৰে মতি হীন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জ্ঞান শূন্য বুদ্ধি ক্ষীণ,

::নাহি আন ইতিনি ভূবলে ॥১৭

কৰি আতি গৰ্ব্ব মদ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তথাপি ৰচিলোঁ পদ,

::দেখা কেনে মোৰ অহঙ্কাৰ ।

ইটো মোৰ দোষচয়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ক্ষমিবে উচিত হয়,

::মহন্তৰ ক্ষমা অলঙ্কাৰ ॥১৮

অন্তৰ্য্যামী নাৰায়ণে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেনে প্ৰবৰ্ত্তাইলা মনে,

::তাকে মুখে কৰিলোঁ বেকত ।

কহিলোঁ সকলেসাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জানি কৰাঁ পৰিহাৰ,

::বঢ়াটুটা দেখা যত যত ॥১৯

পৰে ৰাম চৰিত্ৰত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আনো সব কথা যত,

::সিও ৰাম কথাসে নিশ্চয় ।

গঙ্গাৰ জলত যত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰে নদী নানা মত,

::তাক কোনে তেজিয়া আছয় ॥২০



:::<big>'''৪৬ অধ্যায়'''<big> 

:::: <big>'''দুলৰি ।'''<big>

ইকথা খাকোক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শুনা সবে লোক,

::চিন্তা হিত আপোনাৰ ।

দুৰ্ঘোৰ সংসাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সাগৰ নিকাৰ,

::যিমতে পাইবা নিস্তাৰ ॥১

দেখিয়ো আকলি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কলি মহাবলী,

::কৰিলে কেনে অকাজ ।

সমস্তে লোকক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তল নিয়াইলেক,

::পাপ সাগৰৰ মাজ ॥২

পাপত মগন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হুয়া যিটোজন,

::আন ধৰ্ম্মে আশা কৰে ।

একো ফল তাত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নাহিকে মিছাত,

::দুখ পায়া মাত্ৰ মৰে ॥৩

তাত পৰে আৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নাহি দুৰাচাৰ,

::তৰো হৰি নাম ধৰ্ম্ম ।

নাম গুণ লৈলে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সংসাৰ তৰয়,

::জানিবা ইসব মৰ্ম্ম ॥৪

ব্ৰহ্মা মুনি যাক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বাঞ্চিয়া নপাৱে,

::পায়া হেন কলেৱৰ ।

হৰিৰ কীৰ্ত্তন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নকৰে যিজন,

::আত্মঘাতী সিটো নৰ ॥৫

ইতো তত্ত্বসাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জানিয়া সংসাৰ,

::তৰিয়ো নাম সুমৰি ।

কলিৰ যুগত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;অন্যত্ৰ ধৰ্ম্মত,

::থৈয়ো আশা দূৰ কৰি ॥৬

তেজি আন কাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সুমৰিয়ো নাম,

::ধৰ্ম্মৰ ঈশ্বৰ জানি ।

কৰি থিৰ মন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৰিত শৰণ,

::লৈয়োক ঈশ্বৰ মানি ॥৭

নমোঁ নমোঁ ৰাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰোঁহো প্ৰণাম,

::দিয়া চৰণত চিত্ত ।

মহা মূঢ়মতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হুয়া বিৰচিলোঁ,

::তোমাৰ ইটো চৰিত ॥৮

তুমি বুদ্ধি বৃত্তি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেনে প্ৰবৰ্ত্তাইলা,

::হৃদয়ে থাকি আমাৰ ।

সেহিমতে ভয়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তৰিব সকলে,

::কৰিলো মুখে প্ৰচাৰ ॥৯

পদ ৰচনাত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছয় যতেক,

::দোষ মই অধমৰ ।

তাক কৃপাময়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ক্ষমিবে লাগয়,

::জানিবাহা হৃদীশ্বৰ ॥১০

তযু কৃপাময়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ,সমস্তে বেকত,

::আপুনি তুমি কৰিলা ।

ভক্তবেশ মাত্ৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ধৰিলা পূতনা,

::এতেকে তাইক তাৰিলা ॥১১

ভয়ত তোমাক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সুমৰিয়া গতি,

::পাইলে পাপী কংস ৰায় ।

ঘোৰ অঘাসুৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তোমাক গিলিয়া,

::সিও মহা মোক্ষ পায় ॥১২

পৰম দুৰ্ম্মতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৌণ্ড্ৰক নৃপতি,

::ধৰিল তোমাৰ বেশ ।

এতেকতে তাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; উত্তম মুকুতি,

::দিলা তুমি হৃষীকেশ ॥১৩

পাপী অজামিল, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নামৰ আভাস,

::সুমৰিল অজ্ঞানত ।

তাকে এতেকতে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰি অনুগ্ৰহ,

::থান দিয়া বৈকুণ্ঠত ॥১৪

পশুজাতি আতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বনৰ বানৰ,

::কৰিলে মাত্ৰ আশ্ৰয় ।

তাতে তাসম্বাক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মহা অনুকম্পা,

::কৰিলাহা কৃপাময় ॥১৫

মই মহা মূঢ়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম পামৰ,

::তোমাত লৈলো শৰণ ।

তোমাত ভকতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বহে যেন মতে,

::কৃপা কৰা নাৰায়ণ ॥১৬

তযু গুণ নাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ধৰ্ম্ম অনুপাম,

::ৰহোক মোহোৰ মুখে ।

পৰম দুৰ্লভ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তোমাৰ চৰণ,

::সুমৰো পৰম সুখে ॥১৭

শ্ৰবণ কীৰ্ত্তন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিনে প্ৰভুৰাম,

::নাহি মোৰ আন কাম ।

সামাজিক লোক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হউক সদ্গতি,

::ডাকি বোলাঁ ৰাম ৰাম ॥১৮