Difference between revisions 334744 and 334756 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::১৮ অধ্যায় ::'''ঋষ্যশৃঙ্গৰ কাহিনী''' ::::ছবি । ::: সুমন্ত্ৰী সুমন্ত্ৰ গুণি, বশিষ্ঠৰ বাণী শুনি, (contracted; show full) হেন তযু গুণ নাম, মোৰ মুখে অবিশ্ৰাম, কীৰ্ত্তন কৰোক প্ৰভুৰাম । এহি কৃপা কৰাঁ মোক, যত সামাজিক লোক, বোলাঁ ৰাম তেজি আন কাম ॥৩২ ⏎ ⏎ ⏎ :::১৯ অধ্যায় ::::পদ । ::: নটী সবে শুনি ঋষ্যশৃঙ্গৰ বচন । ভৈলা মিত্ৰ বুলি কৰিলন্ত আলিঙ্গন ॥১ দেখিলে নজানে কিছু ঋষিৰ তনয় । নানা কামকলা ৰসে ভাব দৰশয় ॥২ কেহো জনী আলিঙ্গী ধৰিলা তান গলে । কেহো জনী বসুৱাইলা বস্ত্ৰৰ আঞ্চলে ॥৩ কেহো জনী নিয়া তাঙ্ক বসাইলা কোলাত । স্তনৰ উপৰে কেহো থৈলা তান হাত ॥৪ কেহো জনী তান মুখে মুখে চুমা দিল । বুকুত লগায়া স্তন কেহো সাবটিল ॥৫ কেহো জনী হৃদয়ৰ বস্ত্ৰ দূৰ কৰি । উচ্চ কুচ ভাৰ তাক দেখাৱে সুন্দৰী ॥৬ আপোনাৰ উৰু তান উৰুত লগায় । কটাক্ষে নিৰখি হাসি তোলে মুচুকাই ॥৭ কতো জনী গাৱ ঘেলাৱয় তান সঙ্গে । লয়লাসে হাসে কতো জনী ভুৰুভঙ্গে ॥৮ কতো জনী বাহু ধৰি কৰয় মৰ্দন । কোলে তুলি কতো জনী জান্তয় চৰণ ॥৯ কতো জনী আপোনাৰ গায়ে আওজায় । মুখ কাটি কৰিয়া থাকয় তাকে চাই ॥১০ পাচে ঋষি কুমাৰক কৰি বহুমান । সুগন্ধ শীতল জলে কৰাইলেক স্নান ॥১১ ভস্ম ধূলি তান শৰীৰো দূৰ কৰি । পিন্ধাইলেক কুসুম চন্দন সাদৰি ॥১২ বাকলি গুচায়া দিব্য পিন্ধাৱে বসন । ৰুদ্ৰাক্ষ গুচায়া দিব্য পিন্ধাৱে ভূষণ ॥১৩ শিলিখা গুচায়া দেই কৰ্পূৰ তাম্বুল । সুৰভি শীতল পিন্ধাৱয় কতো ফুল ॥১৪ তালযঙ্গ ধৰি সুললিত গীত গাৱে । মধুৰ মৃদঙ্গ ধৰি কতো জনী বাৱে ॥১৫ কতো লয়লাসে ভঙ্গিভাৱে কৰে নৃত্য । এহি মতে মোহিত কৰিলা তান চিত্ত ॥১৬ সুমন্ত্ৰ বদতি শুনিয়োক মহাশয় । গ্ৰামী জন সঙ্গ পায়া বিভাণ্ডতনয় ॥১৭ ঋষি ধৰ্ম্ম সকলে গুচিল সমুদায় । ভৈল উলমাল নাৰীগণ সঙ্গ পাই ॥১৮ স্ত্ৰী সমস্তক মুনি বুলিলা বচন । তোমাৰ আশ্ৰম কত দূৰ মুনিগণ ॥১৯ তুমি সব মহামিত্ৰ ভৈলাহা আমাৰ । দেখিতে উত্সুক আছে আশ্ৰম তোমাৰ ॥২০ ময়াৱতী সব বোলে শুনা মুনিবৰ । নিকটে আশ্ৰম যাইবা উঠিয়া সত্বৰ ॥২১ শুনি ঋষ্যশৃঙ্গ উঠিলন্ত শীঘ্ৰ কৰি । চলিলা কৌতুকে তাসম্বাৰ হাত ধৰি ॥২২ কথা মতে নৌকাত তুলিলে নাৰীগণে । আশ্ৰম দেখিয়া মুনি ৰঙ্গ ভৈলা মনে ॥২৩ ভালৰ আশ্ৰম তপোবন বিতোপন । নানা ফল ফুলে আমোদিত কৰে মন ॥২৪ হৰিষে ফুৰন্ত ঋষি মায়াবন চাই । মায়াৰূপী সব নাৱ বায়া লৈয়া যায় ॥২৫ নানা কেলি কৌতুক কৰিয়া ঋষি সঙ্গে । মায়ানৌকা পাৰ কৰিলেক মহাৰঙ্গে ॥২৬ শ্ৰম পায়া ঋষিৰ কুমাৰ নিদ্ৰা গৈলা । অনন্তৰে নৌকা আসি অঙ্গদেশে পাইলা ॥২৭ ভাগিল ঋষিৰ নিদ্ৰা পাচে কতোক্ষণে । স্ত্ৰী সকলত মুনি পুছে সঙ্গী মনে ॥২৮ কহিয়োক তুমি সবে স্বৰূপ বচন । নোহোঁ তুমি সবে ঋষি নুহি তপোবন ॥২৯ তুমি সবে আমাক মুহিলা মায়া কৰি । আপোনাৰ দেশে আনি আছা ছল কৰি ॥৩০ কি কাৰণে আনিলা কহিয়ো প্ৰয়োজন । শুনি যোৰহাতে মাতিলেক নাৰীগণ ॥৩১ শুনিয়োক মুনি নকৰিবা কোপ মন । কহিবোঁ তোমাৰ আছে যত প্ৰয়োজন ॥৩২ লোমপাদ ৰাজা অঙ্গদেশ অধিপতি । শান্তা নামে কন্যা তান আছে মহাসতি ॥৩৩ ত্ৰৈলোক্যমোহিনী কন্যা মহাগুণৱতী । কৰিবা বিবাহ তাক তুমি মহামতি ॥৩৪ অপুত্ৰক ৰাজা মনে কৰে অপমান । তুমি যজ্ঞ কৰাইলে হৈবেক পুত্ৰ তান ॥৩৫ দ্বাদশ বত্সৰ বৃষ্টি নাহিকে ৰাজ্যত । অন্নৰ বিকলে দুথ পাৱে প্ৰজা যত ॥৩৬ তুমি গৈলে ৰাজ্যত হৈবেক বৰিষণ । হৈবে লোক সুখী শস্য হৈবেক সম্পন্ন ॥৩৭ লৈয়া যাওঁ তোমাক এহিসে প্ৰয়োজনে । কহিলোঁ কাৰণ মুনি কোপ এৰাঁ মনে ॥৩৮ এহি কথা মাতে নটীগণ নিৰন্তৰ । কোত দিনে পাইলা লোমপাদৰ নগৰ ॥৩৯ শুনি লোমপাদে ঋষ্যশৃঙ্গ আনিবাৰ । আগ বাঢ়ি আসিয়া কৰিলা সতকাৰ ॥৪০ ভৈলন্ত হৰিষ ৰাজা ঋষিক দেখিয়া । কৰিল ঋষিক পূজা পাদ্য অৰ্ঘ্য দিয়া ॥৪১ যেবে অঙ্গদেশে আসি ভৈলন্ত প্ৰবেশ । তেবে জল বৃষ্টি মেঘে কৰিলা অশেষ ॥৪২ ভৈল শস্য সম্পূৰ্ণ ৰাজ্যত নিৰন্তৰ । নানা ভোগ ভুঞ্জি সুখী ভৈলা সবে নৰ ॥৪৩ লোমপাদে নানাদ্ৰব্য একত্ৰ কৰিল । ঋষ্যশৃঙ্গ মুনিত শান্তাক বিহা দিল ॥৪৪ ভৈল কুতূহল মুনি পায়া কন্যাৰত্ন । পাচে যজ্ঞ কৰিতে ৰাজাৰ ভৈল যত্ন ॥৪৫ একত্ৰ কৰিয়া যত যজ্ঞৰ সম্ভুত । কৰিলা যুগুতি পুৰোহিত সমন্বিত ॥৪৬ অশ্বমেঘ মহাযজ্ঞ ৰাজা আৰম্ভিল । ঋষ্যশৃঙ্গ যজ্ঞত কৌতুকে প্ৰবেশিল ॥৪৭ পৰম পণ্ডিত সৰ্ব্ব কৰ্ম্মত কুশল । শুভ সময়ত আচৰিলা সুমঙ্গল ॥৪৮ লোমপাদ ৰাজা ভৈল যজ্ঞত দীক্ষিত । যজ্ঞকাৰ্য্য কলা ক্ৰিয়া কাৰ্য্য সুশিক্ষিত ॥৪৯ সাঙ্গোপাঙ্গে কৰিলাহা নৰপতি । পাইলন্ত যজ্ঞত পুত্ৰ বৰ মহামতি ॥৫০ উপজিলা চাৰি পুত্ৰ পৰম মহন্ত । বুদ্ধিবল তেজ মহা গুণে গুণৱন্ত ॥৫১ শান্তাৰে সহিতে ঋষ্যশৃঙ্গ মহা ঋষি । লোমপাদ আশ্ৰমত ৰহিলা হৰিষি ॥৫২ সম্প্ৰতি আছন্ত শান্তা সমে কুতূহলে । তাহান চৰিত্ৰ যত কহিলোঁ সকলে ॥৫৩ ঋষ্যশৃঙ্গ আনি যজ্ঞ কৰিয়ো নৃপতি । হৈবেক তোমাৰ তেবে উত্তম সন্ততি ॥৫৪ ভৈলন্ত হৰিষ সুমন্ত্ৰৰ কথা শুনি । দশৰথ ৰাজা মাতিলন্ত মনে গুণি ॥৫৫ :::২০ অধ্যায় :::ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ :::: শুনিয়োক সুমন্ত্ৰ কথা কহিলা বিশেষ । যাইবোঁ মই লোমপাদ নৃপতিৰ দেশ ॥১ পাত্ৰ মিত্ৰ পুৰোহিত চলিয়ো সকল । এহি বুলি যাত্ৰা কৰিলন্ত মহাবল ॥২ বশিষ্ঠ প্ৰমুখ্যে পুৰোহিতগণ ৰঙ্গে । চলিলা হৰিষে সবে নৃপতিৰ সঙ্গে ॥৩ সুমন্ত্ৰ সহিতে আঠ পাত্ৰ চলি গৈলা । গজ বাজী ৰথ সেনা সাজি লগে লৈলা ॥৪ কাহালি মুহুৰি ভেৰী তৰল মৃদঙ্গ । ঢাক ঢোল দুন্দুভি শবদে টলবল ॥৫ চিন্ন চোণ্ডা ধ্বজদণ্ড গাহুল বম্বাল । নৃপতিৰ আগে পাচে চলিলা সকল ॥৬ কাঞ্চনে ৰচিত ৰথে চড়িল নৃপতি । কটকৰ ভৰে দলদপ বসুমতী ॥৭ ৰাজাৰ উপনে ছত্ৰ প্ৰকাশে ধৱল । আকাশে প্ৰকাশে যেন চন্দ্ৰৰ মণ্ডল ॥৮ ত্ৰিভুবন চমত্কাৰ ৰাজাৰ পয়ান । কম্পে সুৰাসুৰ যহ তৰতৰিমান ॥৯ হেন আড়ম্বৰে অঙ্গদেশে প্ৰবেশিলা । লোমপাদ নৃপতিৰ আশ্ৰমে মিলিলা ॥১০ দেখি লোমপাদৰ হৰিষ ভৈল মন । দশৰথ নৃপতিক কৰিলা বন্দন ॥১১ কৃতাঞ্জলি কৰি ধৰি প্ৰণতি প্ৰচুৰ । দশৰথ ৰাজাক নিলেক অন্তঃপুৰ ॥১২ সুবৰ্ণৰ সিংহাসন দিলা বসিবাক । পাদ্য অৰ্ঘ্য দিয়া পূজা কৰিলা ৰাজাক ॥১৩ বশিষ্ঠক আসন দিলন্ত মহাবীৰে । ধুয়ায়া চৰণ পাদোদক লৈলা শিৰে ॥১৪ দশৰথ নৃপতিক কৰে ৰাজা স্তুতি . তযু আগমনে ভৈল থানৰ মুকুতি ॥১৫ আপুনি মিলিলা আসি মোহোৰ গৃহত । নজানোহো মই ভাগ্য কৰি আছোঁ কত ॥১৬ ত্ৰিভুবনে নাহি তুমি হেন মহাৰাজ । আদেশিয়ো মোক মই কৰোঁ কিবা কাজ ॥১৭ কিবা প্ৰয়োজনে হুয়া আছে আগমন । শুনি দশৰথে পাছে বুলিলা বচন ॥১৮ শুনিয়ো নৃপতি মোৰ নাহিকে সন্তান । ঋষ্যশৃঙ্গ মহামুনি আছে তযু স্থান ॥১৯ তেহে যজ্ঞ কৰাইলেসে হৈবেক তনয় । তাঙ্ক নিবে প্ৰতি আসি আছোঁ মহাশয় ॥২০ শুনি লোমপাদে ঋষ্যশৃঙ্গক আনিল । নমস্কাৰ কৰি দুয়ো ৰাজা সাদৰিল ॥২১ সুবৰ্ণৰ আসন ঋষিক আনি দিলা । দুয়ো ৰাজা বিস্তৰ ঋষিক সন্তোষিলা ॥২২ লোমপাদে বুলিলন্ত বচন বিনয় । এন্তে দশৰথ ৰাজা হুয়ো পৰিচয় ॥২৩ প্ৰাণসম এন্তে মোৰ বান্ধৱ বিচিত্ৰ । কত কোটি পুণ্যেসে ইহাঙ্ক পাইলোঁ মিত্ৰ ॥২৪ ইহানে দুহিতা শান্তা মাগিয়া আনিলোঁ । যত্ন কৰি আনিয়া তোমাত বিহা দিলোঁ ॥২৫ এন্তে সে জানিবা নিজ শ্বশুৰ তোমাৰ । কৰিয়োক ঋষি আবে আঙ্ক উপকাৰ ॥২৬ মনত অসুখ আন নাহিকে তনয় । সিহেতু তোমাত ৰাজা কৰিলা আশ্ৰয় ॥২৭ শুনি মুনি ঋষ্যশৃঙ্গ ভৈলা সুপ্ৰসন্ন । শান্তা সমন্বিতে ভৈলা চলিবাক মন ॥২৮ শান্তাৰ কৌতুক অতি পিতৃক দেখিয়া । মাৱক দেখিতে দশ গুণে ভৈল হিয়া ॥২৯ দেখি লোমপাদক আশ্বাসি দশৰথ । শান্তা সমে ঋষিপুত্ৰ গৈলন্ত লগত ॥৩০ পাত্ৰ পুৰোহিত সৈন্য সমে নৃপবৰ । ত্বৰিত গমনে পাইলা অযোধ্যা নগৰ ॥৩১ শান্তা আসিবাৰ শুনি তিনি মহা দই । কৌশল্যা সুমিত্ৰা শান্তী সুন্দৰী কৈকেয়ী ॥৩২ হৰসফৰস কৰি আসিল বঝাই । গলাবান্ধি ধৰিলা শান্তাক লাগ পাই ॥৩৩ নিলন্ত গৃহক হৰিষৰ নাই পাৰ । শান্তা সতী কৰিলা মাতৃক নমস্কাৰ ॥৩৪ সবে মহাদই আসি শান্তাক বেঢ়িলা । অন্তঃপুৰ মাজে মহা আনন্দ মিলিলা ॥৩৫ সমস্তৰে আনন্দ শান্তাক লাগ পাই । তান্ত বিলে কাৰো আৰ পুত্ৰ জীউ নাই ॥৩৬ এতেকে শান্তাক পায়া সবে শত মাৱে । বস্ত্ৰ অলঙ্কাৰ আনি দিলা গাৱে গাৱে ॥৩৭ দশৰথ ৰাজা ঋষ্যশৃঙ্গক আনিয়া । কৰিলা বিস্তৰ পূজা পাদ্য অৰ্ঘ্য দিয়া ॥৩৮ আন্তে হন্তে হৈব মোৰ মনোৰথ সিদ্ধি । ভৈলন্ত আনন্দ যেন পায়া নৱ নিধি ॥৩৯ এহি বুলি অৰ্চ্চা কৰিলন্ত বহুতৰ । যেন বৃহস্পতিক পূজিলা পুৰন্দৰ ॥৪০ কৰিলন্ত নৃপতি অনেক সম্ভাষণ । পূজা পায়া ঋষিৰ হৰিষ ভৈল মন ॥৪১ অযোধ্যাতে ৰহিলন্ত শান্তাৰে সহিত । যেন দেৱগুৰু স্বৰ্গপুৰে ভৈলা থিত ॥৪২ অনন্তৰে নৃপতি যজ্ঞৰ ঘোঁড়া আনি । বিধিৱতে অভিষেক কৰি মহামানী ॥৪৩ ৰখিয়া কটক দিলা লগত অনেক . মেলি দিয়া ঘোঁড়াক পালিলা বৰিষেক ॥৪৪ বসন্ত প্ৰবেশ ভৈলা গুচিয়া শিশিৰ । আৰম্ভিলা যজ্ঞ পায়া আদেশ মুনিৰ ॥৪৫ বশিষ্ঠে কহিলা যত যজ্ঞৰ সম্ভাৰ । অনেক দেশৰ দ্ৰব্য আনিলা অপাৰ ॥৪৬ সুমন্ত মন্ত্ৰীক দশৰথে আদেশিলা । অনেক দেশৰ দ্ৰব্য সুমন্ত্ৰ আনিলা ॥৪৭ সুবৰ্ণ ৰজত ৰত্ন অনেক ভাজন । কস্তুৰি কুমকুম লখি অগৰু চন্দন ॥৪৮ মুকুতা প্ৰবাল মণি মাণিক কৰ্পূৰ । দিব্য ব্যস্ত্ৰ অলঙ্কাৰ আনিলা প্ৰচুৰ ॥৪৯ আনো নানা দ্ৰব্য আনিলন্ত বহুতৰ । শুভক্ষণে যজ্ঞ আৰম্ভিলা নৃপবৰ ॥৫০ যজ্ঞৰ কথাক শুনি মনত হৰিষি । অযোধ্যাক আসিলা অনেক মহাঋষি ॥৫১ কাশ্যপ কপিল কাৰুকলু কাত্যায়ন । ৰামদেব দেৱল দুৰ্ব্বাসা তপোধন ॥৫২ ৰাম পৰাশৰ ভৃগু ভাৰ্গৱী গৌতম । অত্ৰি বিশ্বামিত্ৰ ত্ৰিতমুনি নৰোত্তম ॥৫৩ মৰীচি চ্যৱন চন্দ্ৰাবিন্দু ভৰদ্বাজ । অঙ্গিৰস অগস্তি নাৰদ ঋষিৰাজ ॥৫৪ সনক সনন্দ কন্দ সনতকুমাৰ । পুলস্তি পুলহ সনাতন বেদসাৰ ॥৫৫ অস্তিসেন মুনি মাৰ্কন্দেয় সিদ্ধেশ্বৰ । ইসব প্ৰমুখ্যে মহামুনি নিৰন্তৰ ॥৫৬ আসিলা কৌতুকে নৃপতিৰ যজ্ঞ স্থান । দশৰথে সবাকো কৰিলা বহুমান ॥৫৭ ঋষি ঋষ্যশৃঙ্গে পাচে হুয়া শুদ্ধচিত । ৰাজাক কৰিলা মহা যজ্ঞত দীক্ষিত ॥৫৮ অভিষেক হুয়া ৰাজা পাত্ৰক বৰিলা । বস্ত্ৰ অলঙ্কাৰ গন্ধ চন্দনে অৰ্চ্চিলা ॥৫৯ কুশহস্ত হুয়া ৰাজা বিষ্ণুক সুমৰি । সভাৰ্য্যে বসিলা চিত্ত সাৱধান কৰি ॥৬০ আঠ পাত্ৰ বসিলা ৰাজাৰ অনুক্ৰমে । যাৰ যেন কাৰ্য্য তাক চিন্তন্ত নিয়মে ॥৬১ ঋষ্যশৃঙ্গ মন্ত্ৰ পঢ়ি যজ্ঞ আৰম্ভিলা । নৃপতিৰ পুত্ৰ হেতু সঙ্কল্প কৰিলা ॥৬২ মন্ত্ৰ পঢ়ি মুনি সবে কৰিলা আহ্বান । দেৱে সমে পশুপতি আইলা যজ্ঞথান ॥৬৩ বিভাণ্ডে দেখন্ত ঋষ্যশৃঙ্গ নাই ঘৰে । ধ্যান কৰি তেখনে জানিলা মুনিবৰে ॥৬৪ দশৰথ ৰাজা মোৰ নিলেক তনয় । পুত্ৰ প্ৰয়োজনে যজ্ঞ কৰে মহাশয় ॥৬৫ ধ্যানে জানি পাচে বিভাণ্ডক মহাঋষি । অযোধ্যাক আসিলন্ত পৰম হৰিষি ॥৬৬ বিভাণ্ডক ঋষিক দেখিয়া নৰেশ্বৰ । পাদ্য অৰ্ঘ্য দিয়া তাঙ্ক কৰিলা সাদৰ ॥৬৭ বিভাণ্ডক দেখিয়া সকলে মুনিগণ । সাদৰিলা বুলি তাঙ্ক মধুৰ বচন ॥৬৮ কৰিলন্ত বিভাণ্ডকে প্ৰশংসা ৰাজাক । পুত্ৰ সমে বসিলন্ত যজ্ঞ কৰিবাক ॥৬৯ কৰন্ত হৰিষে যজ্ঞ যত মুনিগণ । থানে থানে কৰিলন্ত দ্ৰব্য নিৰূপণ ॥৭০ হুয়া ব্ৰহ্মচাৰী মন সাৱধান কৰি । ভৈলা শুদ্ধ প্ৰথমতে বিষ্ণু বিষ্ণু স্মৰি ॥৭১ মূল মন্ত্ৰ উচ্চাৰিয়া ব্ৰাহ্মণ সকল ।. নিৰন্তৰে উচ্চাৰিলা স্বস্তি সুমঙ্গল ॥৭২ সাঙ্গোপাঙ্গে পূজিলন্ত যজ্ঞ পুৰুষক । দশৰথ ৰাজা মনে চিন্তয় পুত্ৰক ॥৭৩ পুত্ৰ মন্ত্ৰ জপ ৰাজা কৰে মনে মনে । অগ্নি প্ৰস্থাপন কৰিলন্ত শুভক্ষণে ॥৭৪ অনন্তৰে দ্বিজগণে আহুতি কৰিল ।. মূৰুখ মাধৱে আদিকাণ্ড বিৰচিল ॥৭৫ নমো নমো নাৰায়ণ চৰণত ধৰি । দশৰথ গৃহে ৰামৰূপে অৱতৰি ॥৭৬ নিজ গুণে জগতৰ পূৰিলাহা মন । বোলোঁ ৰাম ৰাম সবে সভাসদগণ ॥৭৭ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334756.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|